হৰভজন-শ্ৰীসন্থ কাণ্ডৰ ভিডিঅ’ পুনৰ ভাইৰেলঃ ক্ষোভিত টাৰ্বানেটৰে তুলিলে এনে অভিযোগ | Harbhajan Singh Slams Lalit Modi Over Viral Sreesanth Slap Video After 18 Years Assam news - Assam Tv9

হৰভজন-শ্ৰীসন্থ কাণ্ডৰ ভিডিঅ’ পুনৰ ভাইৰেলঃ ক্ষোভিত টাৰ্বানেটৰে তুলিলে এনে অভিযোগ

Published: 

01 Sep 2025 17:17 PM

আই পি এলৰ প্ৰথম ছিজনত কিংছ ইলেভেন পঞ্জাৱৰ সদস্য শ্ৰীসন্থক খেলপথাৰতে চৰ শোধাইছিল হৰভজন সিঙে। এই ঘটনাৰ ভিডিঅ’ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছত ক্ষোভিত হৈছে হৰভজন। তেওঁ লগতে উত্থাপন কৰিছে এক গুৰুতৰ অভিযোগ।

1 / 5২০০৮ চনত আৰম্ভ হৈছিল বিশ্ব ক্ৰিকেটৰ আটাইতকৈ জনপ্ৰিয় তথা ধনৱন্ত লীগ আই পি এল। প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণত ক্ৰিকেট বিশ্ব সাক্ষী হৈছিল বহু ৰোমাঞ্চকৰ অভিজ্ঞতা। এই সংস্কৰণতে হৰভজন সিং আৰু এছ শ্ৰীসন্থৰ মাজৰ এক বিতৰ্কই জোকাৰে ক্ৰিকেট বিশ্ব।

২০০৮ চনত আৰম্ভ হৈছিল বিশ্ব ক্ৰিকেটৰ আটাইতকৈ জনপ্ৰিয় তথা ধনৱন্ত লীগ আই পি এল। প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণত ক্ৰিকেট বিশ্ব সাক্ষী হৈছিল বহু ৰোমাঞ্চকৰ অভিজ্ঞতা। এই সংস্কৰণতে হৰভজন সিং আৰু এছ শ্ৰীসন্থৰ মাজৰ এক বিতৰ্কই জোকাৰে ক্ৰিকেট বিশ্ব।

2 / 5

মুম্বাই ইণ্ডিয়ানছ আৰু কিংছ ইলেভেন পঞ্জাৱৰ মাজত মেচৰ পিছত খেলপথাৰতে শ্ৰীসন্থক চৰ শোধাইছিল হৰভজন সিঙে। এই ঘটনাই ব্যাপক বিতৰ্কৰ সৃষ্টি কৰিছিল। ঘটনাৰ শাস্তি হিচাপে হৰভজন সিং ৮ খন মেচৰ বাবে নিলম্বিত হৈছিল। এতিয়া পুনৰ চৰ্চালৈ আহিছে এই বিতৰ্ক।

3 / 5

শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ মাইকেল ক্লাৰ্কৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত আই পি এলৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ললিত মোদীয়ে হৰভজন আৰু শ্ৰীসন্থৰ এই বিবাদৰ ভিডিঅ’ দেখুৱায়। তাৰ পিছতে সামাজিক মাধ্যমত ব্যাপক ৰূপত ভাইৰেল হৈ পৰে এই ভিডিঅ’।

4 / 5

এই বিষয়ত এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হৰভজন সিঙে। বিষয়টোক পুনৰ চৰ্চালৈ আনি ভিডিঅ’ ভাইৰেল কৰাৰ বাবে ক্ষোভিত হৈ পৰিছে প্ৰাক্তন ক্ৰিকেটাৰগৰাকী। তেওঁ লগতে ললিত মোদীৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগো উত্থাপন কৰিছে। স্বাৰ্থপৰ কাৰণত এই ভিডিঅ’ ভাইৰেল কৰা হৈছে বুলি তেওঁ লগতে কয়।

5 / 5

এই ভিডিঅ’টো যি ধৰণে প্ৰকাশ কৰা হৈছে, সেয়া ভুল বুলি অভিহিত কৰে হৰভজন সিঙে। এনে কাম কৰিব নালাগিছিল বুলি উল্লেখ কৰি হৰভজনে লগতে স্বাৰ্থপৰ কাৰণত এই কাম কৰা হৈছে বুলিও দাবী কৰে। “১৮ বছৰ পূৰ্বে এই ঘটনা ঘটিছিল, মানুহে পাহৰি যোৱা এই ঘটনাক এতিয়া পুনৰ সোঁৱৰাই দিয়া হৈছে।”- এইদৰে কয় হৰভজন সিঙে।

অতিকৈ ভাগ্যৱান এই ৩ ৰাশিৰ লোক, সহজে লাভ কৰে সফলতা!
এই ৫টা অভ্যাসে অকালতে বৃদ্ধ কৰি তুলিব পাৰে আপোনাক! জানক...
ছেপ্টেম্বৰত লক্ষ্মী-নাৰায়ণ যোগ! কপাল ফুলিব এই ৩ ৰাশিৰ...
নিশা ভয়ানক সপোন দেখে নেকি? প্ৰেমানন্দ মহাৰাজে ক'লে পৰিত্ৰাণৰ উপায়..