আজি বিশিষ্ট অভিনেতা আদিল হুছেইনৰ ওপজা দিন, কোনখন অসমীয়া ছবিৰ যোগেদি আৰম্ভ কৰিছিল অভিনয় যাত্ৰা? | happy birthday adil hussain first assamese flim Assam news - Assam Tv9

আজি বিশিষ্ট অভিনেতা আদিল হুছেইনৰ ওপজা দিন, কোনখন অসমীয়া ছবিৰ যোগেদি আৰম্ভ কৰিছিল অভিনয় যাত্ৰা?

Updated On: 

05 Oct 2024 | 01:43 PM

৬১ বছৰ বয়সত ভৰি দিলে বিশিষ্ট আদিল হুছেইনে ৷ তেওঁৰ পিতৃ পেচাত এজন শিক্ষক আছিল। মুঠ ৭জন সন্তানৰ ভিতৰত তেওঁ সকলোতকৈ সৰু আছিল।অসমীয়া ভাষাৰ চলচ্চিত্ৰৰ যোগেদিয়েই অভিনয় জগতত প্ৰৱেশ কৰিছিল আদিল হুছেইনে ৷

1 / 6১৯৬৩ চনৰ আজিৰ দিনটোতে অসমৰ গোৱালপাৰা জিলাত জন্মগ্ৰহণ কৰিছিল অসম গৌৰৱ আদিল হুছেইনে ৷ অভিনয়ৰ কেৰিয়াৰত বহুকেইখন সফল চলচ্চিত্ৰত অভিনয় কৰাৰ সুযোগ লাভ কৰিছে আদিল হুছেইনে ।  ৭ বছৰ বয়স তথা বিদ্যালয়ত পঢ়ি থকা কালৰ পৰাই অভিনয়ৰ যাত্ৰা আৰম্ভ কৰিছিল অভিনেতাগৰাকীয়ে ৷

১৯৬৩ চনৰ আজিৰ দিনটোতে অসমৰ গোৱালপাৰা জিলাত জন্মগ্ৰহণ কৰিছিল অসম গৌৰৱ আদিল হুছেইনে ৷ অভিনয়ৰ কেৰিয়াৰত বহুকেইখন সফল চলচ্চিত্ৰত অভিনয় কৰাৰ সুযোগ লাভ কৰিছে আদিল হুছেইনে । ৭ বছৰ বয়স তথা বিদ্যালয়ত পঢ়ি থকা কালৰ পৰাই অভিনয়ৰ যাত্ৰা আৰম্ভ কৰিছিল অভিনেতাগৰাকীয়ে ৷

2 / 6

তেওঁ কলেজত পঢ়ি থকা সময়তো বহুবাৰ অভিনয় কৰাৰ সুযোগ পায় ৷ সেই সময়ত তেওঁ থিয়েটাৰতো কাম কৰিবলৈ আৰম্ভ কৰে । খুব কমসংখ্যক লোকেই জ্ঞাত যে, নেশ্যনেল স্কুল অৱ ড্ৰামা(National School of Drama)ৰ পৰা অভিনয়ত শিক্ষালাভ কৰাৰ পাচত আদিল হুছেইনে লণ্ডনৰ ড্ৰামা ষ্টুডিঅ’ত অভিনয়ৰ উচ্চশিক্ষা লাভ কৰিছিল ।

3 / 6

অসমীয়া ভাষাৰ চলচ্চিত্ৰৰ যোগেদিয়েই অভিনয় জগতত প্ৰৱেশ কৰিছিল আদিল হুছেইনে ৷ ১৯৮৬ চনত মুক্তিলাভ কৰা ‘সংকল্প’ আছিল আদিল হুছেইন অভিনীত প্ৰথমখন অসমীয়া ছবি ৷ তাৰ পাছতে ‘সূত্ৰপাত’, ‘পিতা পুত্ৰ’ ‘ৰ’দৰ চিঠি’, আদি কেইবাখনো অসমীয়া চলচ্চিত্ৰত অভিনয় কৰিছিল অভিনেতাগৰাকীয়ে ৷

4 / 6

প্ৰথমে হিন্দী টিভি ছিৰিজৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত অভিনয় আৰম্ভ হৈছিল আদিল হুছেইনৰ ৷ তেওঁ ২০০২-০৩ চনলৈ সম্প্ৰচাৰিত হিন্দী ছিৰিজ ‘জাছুছ বিজয়’ত অভিনয় কৰিছিল ৷ ২০০৯ চনত মুক্তিলাভ কৰা বলীউড ছবি ‘কমিনে’ৰ জৰিয়তে তেওঁৰ বলীউডত আত্মপ্ৰকাশ ঘটিছিল ৷ ২০১২চনত অভিনেত্ৰী শ্ৰী দেৱীৰ লগত 'English Vinglish' নামৰ চিনেমাখনত অভিনয় কৰাৰ সুযোগ লাভ কৰিছিল।

5 / 6

তেওঁ বহুতো হলীউড চলচ্চিত্ৰতো অভিনয় কৰিছে। ‘For Real’, ‘The Illegal’, ‘At Large’ আদি বহুকেইখন ইংৰাজী ভাষাৰ ছবি আৰু ৱেব চিৰিজত অভিনয় কৰাৰ সুযোগ লাভ কৰে অভিনেতাগৰাকীয়ে ৷ কেৱল সেয়াই নহয় তেওঁ বাংলা, তামিল, মাৰাঠী, মালায়ালম, নৰৱেজিয়ান আৰু ফৰাচী চলচ্চিত্ৰতো অভিনয় কৰিছিল।

6 / 6

অসমীয়া ভাষাৰ চলচ্চিত্ৰৰ যোগেদিয়েই অভিনয় জগতত প্ৰৱেশ কৰিছিল আদিল হুছেইনে ৷ ১৯৮৬ চনত মুক্তিলাভ কৰা ‘সংকল্প’ আছিল আদিল হুছেইন অভিনীত প্ৰথমখন অসমীয়া ছবি ৷ তাৰ পাছতে ‘সূত্ৰপাত’, ‘পিতা পুত্ৰ’ ‘ৰ’দৰ চিঠি’, আদি কেইবাখনো অসমীয়া চলচ্চিত্ৰত অভিনয় কৰিছিল অভিনেতাগৰাকীয়ে ৷

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...