অপেক্ষাৰ অন্ত! মুখ্যমন্ত্ৰীয়ে ৰাইজৰ বাবে মুকলি কৰিলে ভগদত্ত উৰণ সেতু ২... | guwahati new flyover bhagadutta flyover inauguration by himanta biswa sarma Assam news - Assam Tv9

অপেক্ষাৰ অন্ত! মুখ্যমন্ত্ৰীয়ে ৰাইজৰ বাবে মুকলি কৰিলে ভগদত্ত উৰণ সেতু ২…

Published: 

06 Jul 2025 22:35 PM

অৱশেষত ৰাইজৰ বাবে মুকলি হ'ল ৰুক্মিণীগাঁৱৰ নৱনিৰ্মিত উৰণ সেতু। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে উৰণ সেতুখন। য'ত শ শ লোক উপস্থিত থাকে।

1 / 5অৱশেষত ৰাইজৰ বাবে মুকলি হ'ল ভগদত্ত উৰণ সেতু-২। দেওবাৰে সন্ধিয়া প্ৰায় ৬ মান বজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে ৰুক্মিণীগাঁৱৰ নৱনিৰ্মিত উৰণ সেতুখন। এই সময়চোৱাত মুখ্যমন্ত্ৰীৰ লগত মন্ত্ৰী অতুল বৰা, জয়ন্ত মল্লবৰুৱাৰ লগতে বহু বিশিষ্ট লোক উপস্থিত থাকে।

অৱশেষত ৰাইজৰ বাবে মুকলি হ'ল ভগদত্ত উৰণ সেতু-২। দেওবাৰে সন্ধিয়া প্ৰায় ৬ মান বজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে ৰুক্মিণীগাঁৱৰ নৱনিৰ্মিত উৰণ সেতুখন। এই সময়চোৱাত মুখ্যমন্ত্ৰীৰ লগত মন্ত্ৰী অতুল বৰা, জয়ন্ত মল্লবৰুৱাৰ লগতে বহু বিশিষ্ট লোক উপস্থিত থাকে।

2 / 5

জানিব পৰা মতে, ৯ মাহৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠিছে উৰণ সেতুখনৰ নিৰ্মাণ কাৰ্য। মুখ্যমন্ত্ৰীয়ে জনোৱা মতে,নিৰ্ধাৰিত সময়ৰ পূৰ্বে ৰাইজৰ বাবে মুকলি কৰা হয় উৰণ সেতুখন। উৰণ সেতুখন নিৰ্মাণৰ বাবে ১৮ মাহ সময় ধাৰ্য কৰা হৈছিল। এই উৰণ সেতু নিৰ্মাণৰ বাবদ খৰচ হৈছে প্ৰায় ১১২ কোটি টকা।

3 / 5

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত লিখে যে-আপোনালোকলৈ আগবঢ়ালোঁ ভগদত্ত উৰণ সেতু ২।ৰাইজৰ আশীৰ্বাদে আজি আমাৰ মন ভৰাই তুলিলে৷ নিৰ্ধাৰিত সময়তে পৰ্যায়ক্ৰমে আমি ৰাইজৰ বাবে বিকাশমুখী ৰূপান্তৰৰ পদক্ষেপসমূহ আগবঢ়াই আছোঁ— এই পদক্ষেপসমূহে নিশ্চিতভাৱে ৰাইজৰ জীৱন অধিক সুবিধাজনক কৰি তুলিব।

4 / 5

উৰণ সেতু উদ্বোধন কৰি শৰ্মাই কয় যে, "যোৰহাটৰ উৰণ সেতু নিৰ্মাণ কৰোতে এজন সাংসদে বাধা দিছিল। কিন্তু এতিয়া যোৰহাটত ৩ খন উৰণ সেতু হ'ল। যেতিয়াই মানুহে বাধা দিয়ে, সমালোচনা কৰে মোৰ গাত শক্তি আহি যায়। ফ্লাই অভাৰ বনাইছে বুলি সমালোচনা কৰাসকলক কও-মই অসমৰ চাৰিওফালে ফ্লাই অভাৰ বনাম। এটা দিন গালি পাৰিলে দ্বিতীয় দিনা দুখন অনুমোদন জনাম। অসমৰ মানুহে উন্নয়ন বিচাৰে"।

5 / 5

গুৱাহাটীৰ উন্নয়নৰ কথা উল্লেখ কৰি শৰ্মাই কয় যে, "নৱেম্বৰ মাহত নতুন বিমান বন্দৰ উদ্বোধন কৰিম। অসমৰ কপৌ ফুলৰ চানেকীৰে গুৱাহাটী বিমান বন্দৰ নিৰ্মাণ হৈছে। বহু মানুহে কেৱল বিমান বন্দৰ চাবলৈ অসমলৈ আহিব। ৬ লেনযুক্ত ৰাস্তা হৈছে। ইয়াৰোপৰি কিছুদিন পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে এয়াৰপোৰ্টৰ পৰা জালুকবাৰীলৈ এলিভেটেড কৰিডৰ নিৰ্মাণ কৰিছে বুলি কথা দিছে"।

ঘৰত কেতিয়াও নহ'ব ধনৰ অভাৱ, মাত্ৰ কৰক এই কাম!
আপুনি বৈবাহিক জীৱনত সুখীনে? সম্পৰ্ক মধুৰ কৰি ৰাখিবলৈ অনুসৰণ কৰক চাণক্যৰ এই নীতিসমূহ
আপুনিৰ কোঠাৰ ভিতৰতে ফেনৰ তলত কাপোৰ শুকাবলৈ দিয়ে নেকি? কেনে ক্ষতি হ’ব পাৰে জানেনে?
অকাল মৃত্যুৰ পৰা পৰিত্ৰাণৰ উপায় ক'লে প্ৰেমানন্দ মহাৰাজে...