মহানগৰীত ভূমিস্খলনৰ ঘটনাঃ গা ধুই থাকোতে খহি পৰিল প্ৰকাণ্ড শিল, সন্ধানহীন মহিলা... | guwahati landslide woman missing SDRF search operation going on see all details Assam news - Assam Tv9

মহানগৰীত ভূমিস্খলনৰ ঘটনাঃ গা ধুই থাকোতে খহি পৰিল প্ৰকাণ্ড শিল, সন্ধানহীন মহিলা…

Published: 

15 Sep 2025 16:54 PM

মহানগৰীত পুনৰ সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। শেহতীয়াকৈ হোৱা ঘটনাত এগৰাকী মহিলা নিৰুদ্দেশ হৈ থকা বুলি জানিব পৰা গৈছে। এছ ডি আৰ এফে চলাই আছে অভিযান।

1 / 5এফালে বৰষুণ আনফালে ভূমিস্খলনৰ ঘটনা। সোমবাৰে গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। য'ত এগৰাকী মহিলা বৰ্তমান পৰ্যন্ত সন্ধানহীন হৈ আছে। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এফালে বৰষুণ আনফালে ভূমিস্খলনৰ ঘটনা। সোমবাৰে গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। য'ত এগৰাকী মহিলা বৰ্তমান পৰ্যন্ত সন্ধানহীন হৈ আছে। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

2 / 5

জানিব পৰা মতে, মহিলাগৰাকীয়ে গা ধুই থকা অৱস্থাত এটা প্ৰকাণ্ড শিল পাহাৰৰ পৰা খহি পৰে। তাৰ পাছৰ পৰা মহিলাগৰাকী সন্ধানহীন হৈ আছে। এইগৰাকী মহিলাৰ নাম ৰীণা ডেকা। লগে লগে ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হয়।

3 / 5

পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত এছ ডি আৰ এফ বাহিনীক খবৰ দিয়া হয়। লগে লগে এছ ডি আৰ এফ বাহিনীয়ে মহিলাগৰাকীক বিচাৰি অভিযান চলাই যদিও বাতৰি লিখি থকা পৰলৈকে মহিলাগৰাকীৰ কোনো সন্ধান লাভ কৰা নাই।

4 / 5

এই ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইতিমধ্যে মহিলাগৰাকী মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। অৱশ্যে এছ ডি আৰ এফৰ অভিযান সম্পূৰ্ণ হোৱাৰ পাছত সম্পূৰ্ণ তথ্য পোহৰলৈ আহিব।

5 / 5

উল্লেখ্য যে, যোৱা কেইটামান দিন মহানগৰীত বৰষুণ হৈ আছে। তাৰ মাজতে কালি ৰিখটাৰ স্কেলত ৫.৮ প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি যায় সমগ্ৰ অসম। ইয়াৰ পাছতে আজি ভূমিস্খলনৰ ঘটনাত মহিলাগৰাকী সন্ধানহীন হয়।

দিনত শোৱাৰ অভ্যাস আছে নেকি? ই আপোনাৰ স্বাস্থ্যৰ ওপৰত কেনে প্ৰভাৱ পেলায় জানক...
খাদ্যৰ সৈতে অতিৰিক্ত কেঁচা নিমখ খালে কি হ’ব পাৰে জানেনে? জানিলে আজিয়েই বাদ দিব এনে অভ্যাস
কেৱল কাহ নহয়, হাঁওফাঁওৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক পৰ্যায়ত এইসমূহ লক্ষণ দেখা যায়...
দশমীৰ পাছতেই কপাল ফুলিব এই ৩ ৰাশিৰ লোকৰ...