স্বচ্ছ সৰ্বেক্ষণ সমীক্ষাঃ উত্তৰ-পূব ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ ৰাজধানী চহৰ গুৱাহাটী... | Guwahati is the cleanest city of northeast Swachh Survekshan 2024-25 rankings Assam news - Assam Tv9

স্বচ্ছ সৰ্বেক্ষণ সমীক্ষাঃ উত্তৰ-পূব ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ ৰাজধানী চহৰ গুৱাহাটী…

Updated On: 

17 Jul 2025 16:08 PM

Clean Guwahati: গুৱাহাটীবাসীৰ বাবে ভাল খবৰ। স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ৰ সমীক্ষা অনুসৰি গুৱাহাটী উত্তৰ-পূব ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ ৰাজধানী চহৰ হিচাপে পৰিগণিত হৈছে।

1 / 5গুৱাহাটীবাসীৰ বাবে এক ভাল খবৰ। পৰিষ্কাৰ চহৰৰ তালিকাত গুৱাহাটীয়ে স্থান লাভ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে এই খবৰৰ বিষয়ে জনায়।

গুৱাহাটীবাসীৰ বাবে এক ভাল খবৰ। পৰিষ্কাৰ চহৰৰ তালিকাত গুৱাহাটীয়ে স্থান লাভ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে এই খবৰৰ বিষয়ে জনায়।

2 / 5

জানিব পৰা মতে, স্বচ্ছ সৰ্বেক্ষণ-২০২৪-২৫ৰ সমীক্ষা অনুসৰি গুৱাহাটী উত্তৰ-পূব ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ ৰাজধানী চহৰ হিচাপে পৰিগণিত হৈছে। নিশ্চয়কৈ এই খবৰ গুৱাহাটীৰ লগতে অসমৰ বাবে ভাল খবৰ।

3 / 5

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখে যে- গুৱাহাটী তথা অসমবাসীৰ বাবে এটি ভাল লগা খবৰ৷ স্বচ্ছ সৰ্বেক্ষণ-২০২৪-২৫ৰ সমীক্ষা অনুসৰি গুৱাহাটী উত্তৰ-পূব ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ ৰাজধানী চহৰ হিচাপে পৰিগণিত হৈছে৷ এখন স্বচ্ছ আৰু পৰিষ্কাৰ চহৰ হিচাপে গুৱাহাটীক গঢ়ি তুলিবলৈ আমি বিভিন্ন প্ৰচেষ্টা গ্ৰহণ কৰিছোঁ আৰু আজিৰ এই স্বীকৃতি তাৰেই অন্যতম সুফল৷

4 / 5

লগতে শৰ্মাই লিখে-আমি গুৱাহাটীকে ধৰি অসমৰ প্ৰতিটো অঞ্চলকে এনে যাত্ৰাত সামৰি ল'বলৈ অনাগত সময়তো কাম কৰি যাম। লগতে শৰ্মাই কয় যে, কেৱল গুৱাহাটীতে নহয়, ২০২৪-২৫ বৰ্ষৰ স্বচ্ছ সুৰক্ষা বঁটাত অসমৰ আন আন চহৰসমূহেও ভাল প্ৰদৰ্শন কৰিছে। ৬খন চহৰে ODF++ প্ৰমাণপত্ৰ লাভ কৰিছে। আটাইকেইখন AMRUT চহৰে এতিয়া GFC আৰু বিশিষ্ট চহৰসমূহে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ৰেংকিঙত ওপৰলৈ উঠিছে।

5 / 5

বিগত সময়চোৱাত গুৱাহাটীত পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত চৰকাৰে বিভিন্ন পদক্ষেপ হাতত লৈছে। ইয়াৰোপৰি গুৱাহাটীখন ধুনীয়াকৈ সজাই তুলিবলৈ কেইবাখনো পাৰ্ক স্থাপন কৰিছে। ব্ৰহ্মপুত্ৰ নদীৰ পাৰতো চৰকাৰে বিশেষ পাৰ্ক নিৰ্মাণ কৰি আছে।

টোপনিত আপোনাৰো নাক বাজে নেকি? ঘৰুৱা উপায়েৰে দূৰ কৰক এই সমস্যা!
শাওনৰ সোমবাৰে পূজাত অন্তৰ্ভুক্ত কৰক এইবোৰ সামগ্ৰী , পাব সফলতা!
প্ৰথমে কোনে, কেতিয়া ইম'জিৰ সৃষ্টি কৰিছিল জানেনে?
এই ৬টা সাধাৰণ অভ্যাসে বিকল কৰিব পাৰে আপোনাৰ বৃক্ক! জানক সকলো...