মহানগৰীত পুনৰ হ'ব ধাৰাসাৰ বৰষুণ! ঘৰৰ ভিতৰতে থাকিবলৈ জনতাক আহ্বান মুখ্যমন্ত্ৰীৰ Assam news - Assam Tv9

মহানগৰীত পুনৰ হ’ব ধাৰাসাৰ বৰষুণ! ঘৰৰ ভিতৰতে থাকিবলৈ জনতাক আহ্বান মুখ্যমন্ত্ৰীৰ

barasha-sarma
Published: 

07 Aug 2024 18:46 PM

গুৱাহাটী মহানগৰীত পুনৰ হ'ব পাৰে কৃত্ৰিম বান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলোকে এই ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিবলৈ কৈছে। মহানগৰীত পুনৰ স্বাভাৱিকতকৈ অধিক বৰষুণ হোৱাৰ সম্ভাৱণা আছে।

1 / 5পুনৰ গুৱাহাটী মহানগৰীত হ'ব পাৰে ধাৰাসাৰ বৰষুণ। এই বৰষুণৰ ফলত হ'ব পাৰে কৃত্ৰিম বান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে,গুৱাহাটীত পুনৰ ধাৰাসাৰ বৰষুণ। আমি সকলোকে অনুৰোধ জনাইছো যে ঘৰৰ ভিতৰতে থাকক। প্ৰয়োজনীয় নহ'লে যান-বাহন ব্যৱহাৰ নকৰিব । ইয়াৰ উপৰিও জি এছ ৰোডৰ ডাউনটাউন চিকিৎসালয় এলেকাৰ ফালে যান-বাহনৰ চলাচল এৰাই চলিব।

পুনৰ গুৱাহাটী মহানগৰীত হ'ব পাৰে ধাৰাসাৰ বৰষুণ। এই বৰষুণৰ ফলত হ'ব পাৰে কৃত্ৰিম বান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে,গুৱাহাটীত পুনৰ ধাৰাসাৰ বৰষুণ। আমি সকলোকে অনুৰোধ জনাইছো যে ঘৰৰ ভিতৰতে থাকক। প্ৰয়োজনীয় নহ'লে যান-বাহন ব্যৱহাৰ নকৰিব । ইয়াৰ উপৰিও জি এছ ৰোডৰ ডাউনটাউন চিকিৎসালয় এলেকাৰ ফালে যান-বাহনৰ চলাচল এৰাই চলিব।

2 / 5৫ আগষ্টত গুৱাহাটী মহানগীৰত হোৱা কৃত্ৰিম বানৰ ফলত সাধাৰণ জীৱন দুৰ্বিসহ হৈ পৰিছিল। কোনো কোনো ঠাইত এক ককাল পৰ্যন্ত পানী দেখিবলৈ পোৱা গৈছিল। গুৱাহাটীৰ ইতিহাসত এয়া সৰ্ববৃহত বান বুলি কোৱা হৈছিল।

৫ আগষ্টত গুৱাহাটী মহানগীৰত হোৱা কৃত্ৰিম বানৰ ফলত সাধাৰণ জীৱন দুৰ্বিসহ হৈ পৰিছিল। কোনো কোনো ঠাইত এক ককাল পৰ্যন্ত পানী দেখিবলৈ পোৱা গৈছিল। গুৱাহাটীৰ ইতিহাসত এয়া সৰ্ববৃহত বান বুলি কোৱা হৈছিল।

3 / 5এই কৃত্ৰিম বানৰ ফলত মানুহৰ ঘৰত পানী সোমোৱাৰ লগতে ৰাস্তা- পথ আদি সকলো জলমগ্ন হৈ পৰিছিল। ঘন্টাৰ পাছত ঘন্টা ধৰি মানুহে যান-যঁটত আৱদ্ধ হৈ পৰিছিল। জি এছ ৰোডৰ ফ্লাই অভাৰত দীঘল যান- বাহনৰ শাৰী দেখিবলৈ পোৱা গৈছিল। ক'মেও ৮-৯ ঘন্টা মানুহে ৰাস্তাতে থিয় হৈ থাকিবলগীয়া হৈছিল।

এই কৃত্ৰিম বানৰ ফলত মানুহৰ ঘৰত পানী সোমোৱাৰ লগতে ৰাস্তা- পথ আদি সকলো জলমগ্ন হৈ পৰিছিল। ঘন্টাৰ পাছত ঘন্টা ধৰি মানুহে যান-যঁটত আৱদ্ধ হৈ পৰিছিল। জি এছ ৰোডৰ ফ্লাই অভাৰত দীঘল যান- বাহনৰ শাৰী দেখিবলৈ পোৱা গৈছিল। ক'মেও ৮-৯ ঘন্টা মানুহে ৰাস্তাতে থিয় হৈ থাকিবলগীয়া হৈছিল।

4 / 5

এই বানে যথেষ্ঠ চিন্তিত কৰিছে মহানগৰবাসীক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অশোক সিংহাল আদিয়ে ইয়াৰ বিষয়ে মন্তব্য প্ৰদান কৰিছে।জানিব পৰা মতে এমাহত যিমান পৰিমাণৰ বৰষুণ হ'ব লাগে সেই পৰিমানৰ বৰষুণ ২ ঘন্টাত গুৱাহাটীত হৈছিল। যাৰ বাবে এই কৃত্ৰিম বানৰ সৃষ্টি হৈছিল।

5 / 5

মুখ্যমন্ত্ৰীয়ে কৈছে যে ইউ এছ টি এমে পাহাৰসমূহ কাটি দিয়াৰ বাবে মেঘালয়ৰ পানী অসমত প্ৰৱেশ কৰে। এই পানী গুৱাহাটীৰ নলা- নৰ্দমাসমূহে ধৰি ৰাখিব নোৱাৰে। মন্ত্ৰী অশোক সিংহালেও বানপানী মেঘালয়ৰ পানীৰ বাবে হোৱা বুলি কৈছে। গুৱাহাটীৰ কৃত্ৰিম বানক লৈ ৰাজনীতিও উত্তাল হৈ আছে। আজি এই সন্দৰ্ভত আছু, চিপিআই (এম)য়ে প্ৰতিবাদ সাব্যস্ত কৰে।

কোষ্ঠকাঠিন্যৰ পৰা বমি বন্ধ কৰালৈকে, নহৰু খালে এইবোৰ সমস্যাৰ পৰা পাব উপশম...
ঘৰৰ এইসমূহ স্থানত নাৰাখিব পূৰ্বপুৰুষৰ ফটো! হ'ব অমংগল...
বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণ! সাৱধান হৈ থাকিব এই ৰাশিৰ লোক...
এই খাদ্যসমূহে প্ৰাণ সঞ্চাৰ কৰে মগজুত, তালিকাত থকা এবিধ খাদ্যই কৰি তুলিব আচৰিত