কঠোৰ উচ্চ ন্যায়ালয়, ৰাজ্যত নিষিদ্ধ কৰা হ'ল লটাৰী খেল! | guwahati high court order to banned lottery in assam Assam news - Assam Tv9

কঠোৰ উচ্চ ন্যায়ালয়, ৰাজ্যত নিষিদ্ধ কৰা হ’ল লটাৰী খেল!

Updated On: 

03 Oct 2024 16:39 PM

ৰাজ্যত লটাৰী নিষিদ্ধ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়। এসপ্তাহৰ ভিতৰত সকলো লটাৰী কমিটিৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ নিৰ্দেশ। এতিয়াৰ পৰা কোনো কাৰণতে যাতে কোনেও অনলাইন অথবা অফলাইন লটাৰী খেল অনুষ্ঠিত নহয়, তাৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ।

1 / 5ৰাজ্যত সম্পূৰ্ণৰূপে নিষিদ্ধ লটাৰী প্ৰতিযোগিতা। এসপ্তাহৰ ভিতৰত সকলো আয়োজকৰ বিৰুদ্ধে ল’ব লাগিব ব্যৱস্থা।

ৰাজ্যত সম্পূৰ্ণৰূপে নিষিদ্ধ লটাৰী প্ৰতিযোগিতা। এসপ্তাহৰ ভিতৰত সকলো আয়োজকৰ বিৰুদ্ধে ল’ব লাগিব ব্যৱস্থা।

2 / 5

সকলো জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ লটাৰী বন্ধ কৰাৰ কঠোৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ। জিলাই জিলাই লটাৰী খেলৰ বিৰুদ্ধে চলিব অভিযান।

3 / 5

ৰাজ্যত লটাৰীৰ নামত চলি আছে এখন বৃহৎ প্ৰৱঞ্চনাৰ বজাৰ। ইতিমধ্যে এই প্ৰৱঞ্চনাৰ বিৰুদ্ধে বহুতেই মুখ খুলিছে যদিও ৰাজ্যৰ আৰক্ষী প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। ফলত বিষয়টোত হস্তক্ষেপ কৰিবলৈ বাধ্য হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

4 / 5

এতিয়াৰ পৰা কোনো কাৰণতে যাতে কোনেও অনলাইন অথবা অফলাইন লটাৰী খেল অনুষ্ঠিত নহয়, তাৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ। এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ৰ এই নিৰ্দেশ।

5 / 5

এটা সপ্তাহৰ ভিতৰতে সকলো লটাৰী প্ৰতিযোগিতাৰ আয়োজকৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ।

বৃক্ক-যকৃতৰ পৰা হৃদযন্ত্ৰলৈ, কুন্দুলীৰ এনে স্বাস্থ্য উপকাৰী গুণৰ কথা জানেনে আপুনি?
প্ৰস্ৰাৱৰ সৈতে তেজ ওলোৱাটো কি ৰোগৰ লক্ষণ? বিশেষজ্ঞৰ পৰা জানো আহক
নিশা শুই থাকোঁতেও পিয়াহত ডিঙি শুকাই যায় নেকি? হ’ব পাৰে নেকি কোনো ৰোগৰ লক্ষণ…
পানীত পৰিল গুজৰাট টাইটানছৰ ১৮ কোটি টকা, ট্ৰফীৰ নামত আহিল ৩৩টা ছয়…