12 Dec 2025 10:52 AM
আজিৰ দিনটোত পুনৰ বৃদ্ধি পালে সোণৰ মূল্য। দেশৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,৯১০ টকা বৃদ্ধি পাই ১,৩২,৬৬০ টকা হৈছে। ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৭৫০ টকা বৃদ্ধি পাই ১,২১,৬০০ টকা হৈছে। ১৮ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪৩০ টকা বৃদ্ধি পাই ৯৯,৪৯০ টকা হয়।
আজিৰ দিনটোত গুৱাহাটী বজাৰত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৩২,৬৯০ টকা(১,৯৪০ টকা বৃদ্ধি), প্ৰতি ১০০ গ্ৰামত ১৩,২৬,৯০০ টকা(১৯,৪০০ টকা বৃদ্ধি)।
একেদৰে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,২১,৬০০ টকা(১,৭৫০ টকা বৃদ্ধি), প্ৰতি ১০০ গ্ৰামত ১২,১৬,০০০(১৭,৫০০ টকা বৃদ্ধি)।
ইফালে, আজিৰ দিনটোত গুৱাহাটীত ১৮ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯৯,৪৯০ টকা(১,৪৩০ টকা বৃদ্ধি), প্ৰতি ১০০ গ্ৰামত ৯,৯৪,৯০০ টকা(১৪,৩০০ টকা বৃদ্ধি)।
দেখা গৈছে যে, আজিৰ দিনটোত ৰূপৰ মূল্যও বৃদ্ধি পাইছে। গুৱাহাটী বজাৰত ৩০০ টকা বৃদ্ধি পাই প্ৰতি ১০০ গ্ৰাম ৰূপৰ মূল্যত ২০,৪০০ টকা। ইফালে, ৩,০০০ টকা বৃদ্ধি পাই প্ৰতি ১০০০ গ্ৰাম ৰূপৰ মূল্য ১,০৪,০০০ টকা।