07 Oct 2025 22:19 PM
মহানগৰীৰ বেলতলাত এগৰাকী ব্যৱসায়ীৰ বাসগৃহত GST ৰ অভিযান। প্ৰায় ১২ কোটি টকা কৰ ফাকিৰ অভিযোগ ব্যৱসায়ী উজ্জল কুমাৰ আগৰৱালাৰ বিৰুদ্ধে।
বেলতলাৰ অংকুৰ পথৰ গৃহ নম্বৰ 32 B ত GST বিভাগৰ অভিযান। তিনিচুকীয়াৰ পৰা পলাই গুৱাহাটীত লুকাই আছিল ব্যৱসায়ীজন।
তিনিচুকীয়াৰ পৰা পলাই গুৱাহাটীত লুকাই আছিল ব্যৱসায়ীজন। তিনিচুকীয়াত বি কে এন্টাৰপ্ৰাইজ নামৰ ভুৱা প্ৰতিষ্ঠান খুলি ভুৱা বিল কিনা বেচা কৰিছিল।
উজ্জল আৰু ভাতৃ বিনয় কুমাৰ আগৰৱালাই ভুৱা প্ৰতিষ্ঠান খুলি ভুৱা বিল কিনা বেচা কৰিছিল। বিনয় কুমাৰ আগৰৱালাক উলুবাৰীৰ পৰা আটক কৰে আৰক্ষীয়ে।
কৰ ফাঁকিৰ বাবে বিনয় কুমাৰ আগৰৱালাক ৩ অক্টোবৰত হাজিৰ হ'বলৈ কোৱা হৈছিল, কিন্তু হোৱা নাছিল।