কপিল শ্ব' ছিজন ২ৰ পৰা লাল ছালামলৈকে...চলিত সপ্তাহত OTTত মুক্তি পাব ৬খনকৈ ছিৰিজ আৰু ছবিয়ে | Ott releases this weekend on netflix amazon prime video Assam news - Assam Tv9

কপিল শ্ব’ ছিজন ২ৰ পৰা লাল ছালামলৈকে…চলিত সপ্তাহত OTTত মুক্তি পাব ৬খনকৈ ছিৰিজ আৰু ছবিয়ে

Published: 

19 Sep 2024 13:21 PM

এই সপ্তাহটো অ'টিটি প্ৰেমীসকলৰ বাবে বহু ভাল খৰব আছে। ছেপ্টেম্বৰৰ ১৬ তাৰিখৰ পৰা ২২ ছেপ্টেম্বৰৰ ভিতৰত বহুতো ব্লকবাষ্টাৰ ছবি আৰু ৱেব ছিৰিজ অ'টিটিত মুক্তি পাব। সকলোৰে প্ৰিয় অনুষ্ঠান দ্য গ্ৰেট ইণ্ডিয়ান কপিল শ্ব'ও এই সপ্তাহৰ পৰা পুনৰ প্ৰদৰ্শিত হ'ব।

1 / 6ৱেব ছিৰিজ পেংগুইন ২০ ছেপ্টেম্বৰত জিঅ' চিনেমাত মুক্তি পাব। ইয়াত কলিন ফাৰেল, ক্ৰিষ্টিন মিলোটি, ৰেনজি ফেলিজে অভিনয় কৰিছে। কলিন ফাৰেল ছিৰিজখনৰ মুখ্য চৰিত্ৰত আছে।  এইখন ৰবাৰ্ট পেটিনছনৰ দ্য বেটমেনৰ চৰিত্ৰ পেংগুইনৰ ওপৰত আধাৰিত এটা স্পিন-অফ ছিৰিজ।

ৱেব ছিৰিজ পেংগুইন ২০ ছেপ্টেম্বৰত জিঅ' চিনেমাত মুক্তি পাব। ইয়াত কলিন ফাৰেল, ক্ৰিষ্টিন মিলোটি, ৰেনজি ফেলিজে অভিনয় কৰিছে। কলিন ফাৰেল ছিৰিজখনৰ মুখ্য চৰিত্ৰত আছে। এইখন ৰবাৰ্ট পেটিনছনৰ দ্য বেটমেনৰ চৰিত্ৰ পেংগুইনৰ ওপৰত আধাৰিত এটা স্পিন-অফ ছিৰিজ।

2 / 6

নেটফ্লিক্সত দ্য গ্ৰেট ইণ্ডিয়ান কপিল শ্ব' ছিজন ২ এই সপ্তাহত মুক্তি পাব। অনুষ্ঠানটোৰ কলা-কুশলীসকলৰ ভিতৰত আছে কপিল শৰ্মা, অৰ্চনা পুৰাণ সিং, সুনীল গ্ৰোভাৰ, কিকু শাৰদা, ক্ৰুষ্ণা অভিষেক। অনুষ্ঠানটোৰ দ্বিতীয় ছিজনত, আলিয়া ভাট, জুনিয়ৰ এনটিআৰকে ধৰি বহুতো তাৰকা অতিথি হিচাপে আহিব।

3 / 6

আমাজন প্ৰাইম ভিডিঅ'ত ৱেব ছিৰিজ 'পঞ্চায়ত'ৰ পুনৰ নিৰ্মাণ কৰা হৈছে। এইখনো ২০ ছেপ্টেম্বৰত মুকলি কৰা হ'ব। এই ৰিমেক 'থালেভাট্টম পালম'ৰ নামত তামিলত নিৰ্মাণ কৰা হৈছে। হিন্দীত সচিব জীৰ ভূমিকা পালন কৰিছিল জিতেন্দ্ৰ কুমাৰে। তামিলত এই চৰিত্ৰত অভিনয় কৰিছে অভিষেক কুমাৰে ।

4 / 6

নেটফ্লিক্সৰ "মনষ্টাৰ্ছ: দ্য লাইল এণ্ড এৰিক মেনেণ্ডেজ ষ্টৰী" ১৯ ছেপ্টেম্বৰত প্ৰিমিয়াৰৰ বাবে সাজু হৈছে। এই ছিৰিজত ১৯৯৬ চনত তেওঁলোকৰ পিতৃ-মাতৃৰ হত্যাৰ বাবে মেনেণ্ডেজ ভাতৃসকলৰ দোষী সাব্যস্ত কৰাৰ ঘটনাটো আকৌ দেখুওৱা হ'ব। নিকোলাছ আলেকজেণ্ডাৰ চাভেজে লাইল মেনেণ্ডেজৰ চৰিত্ৰত অভিনয় কৰিছে।

5 / 6

ৰজনীকান্তৰ ছবি 'লাল ছালাম' উচ্চাকাংক্ষী ক্ৰিকেটাৰসকলক লৈ নিৰ্মাণ কা হৈছে। যিসকলক প্ৰতিভা থকা স্বত্বেও দলৰ পৰা অন্যায়ভাৱে বাদ দিয়া হৈছে। ছবিখন ২০ ছেপ্টেম্বৰত এনএক্সটিত মুক্তি দিয়া হ'ব।

6 / 6

১৯ ছেপ্টেম্বৰত Disney+ Hotstarত Agatha All Alongৰ প্ৰিমিয়াৰ মুকলি হ'ব । য'ত আগাথা হাৰ্কনেছৰ কাহিনী দেখুওৱা হ'ব। যিয়ে ডাইনীসকলৰ পথ অনুসৰণ কৰিবলৈ এটা দল গঠন কৰে।

হনুমানক সন্তুষ্ট কৰাৰ আটাইতকৈ সহজ উপায়! মঙলবাৰে কৰক এই কাম
ভগৱানৰ কৃপা লাভ কৰিলে কি সংকেতে দেখা দিয়ে? ক'লে প্ৰেমানন্দ মহাৰাজে...
আমাৰ পেটত কিদৰে কৃমিৰ সৃষ্টি হয়? চাওঁ আহক এই সমস্যা দূৰ কৰাৰ ঘৰুৱা উপায়
জীৱনত সফল হোৱাটো নিশ্চিত, আজিৰে পৰা পালন কৰক এইকেইটা নিয়ম!