29 Jan 2025 14:19 PM
বুধবাৰে সন্ধিয়া অসম এৰিব জি পি সিঙে। ২৯ জানুৱাৰী, ২০২৫ ত ৪ বছৰীয়া পৰিক্ৰমাৰ অন্তত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্ব সামৰিলে জি পি সিঙে। অসমৰ পৰা গৈ সিঙে দিল্লীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সঞ্চালক হিচাপে দায়িত্ব গ্ৰহণ কৰিব। অসম এৰাৰ প্ৰাকক্ষণত জি পি সিঙক সকলোৱে নতুন আৰম্ভণিৰ বাবে জনাইছে শুভকামনা।
আই পি এছ বিষয়াগৰাকীক বিদায় দিয়াৰ বাবে আজি অসম আৰক্ষীৰ চতুৰ্থ বেটেলিয়েনৰ পেৰেড গ্ৰাউণ্ডত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয়। এই বিদায়ী সভাত সিঙত বিদায় পেৰেডেৰে সম্ভাষণ জনোৱা হয়। অসমবাসীৰ পৰা আনুষ্ঠানিকভাৱে বিদায় লোৱাৰ সময়ত আবেগিক হৈ পৰে সিং। (আজিৰ অনুষ্ঠানৰ ফটো)
এই সন্দৰ্ভত সামাজিক মাধ্যমত সিঙে লিখে যে- অসম আৰু অসম আৰক্ষীত মোৰ সুদীৰ্ঘ কালৰ কৰ্মজীৱনৰ প্ৰতিগৰাকী সহযোগী বিষয়া, জোৱান আৰু কৰ্মচাৰীৰ প্ৰতি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ । আপোনাসৱৰ অকৃত্ৰিম আদৰ, গভীৰ দায়বদ্ধতা আৰু উৎসৰ্গীকৃত সেৱাৰ মনোভাৱৰ বাবেই অসম আৰক্ষী আজি দেশৰ প্ৰেক্ষাপটত জিলিকি উঠিছে । (আজিৰ অনুষ্ঠানৰ ফটো)
লগতে লিখে- দ্যমে অসম আৰক্ষীৰ বিশাল পৰিয়ালটিক নেতৃত্ব প্ৰদান কৰাৰ ক্ষেত্ৰত মোক বৰ্ণনাতাতভাৱে সহায় কৰিলে। আপোনালোক প্ৰতিগৰাকীলৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা যাচিলোঁ। অসম আৰক্ষীৰ সুনাম, সন্মান আৰু মৰ্যাদা সদায় অক্ষুণ্ণ থাকক । অসম আৰক্ষীৰ দায়িত্ব সামৰি যোৱাৰ পৰত তাকেই কামনা কৰিছো। (আজিৰ অনুষ্ঠানৰ ফটো)
বিদায়ী সভাত ভাষণ দি সিঙে কয় যে, অসমৰ ৰাইজে মোক কষ্ট দিয়া নাই। মই অসমবাসীৰ মৰমৰ কথা পাহৰি নাযাও। সাংবাদিকসকলক ধন্যবাদ জনাই তেওঁ কয় যে, অসমৰ সংবাদ মাধ্যমে ডি জি পিক সমালোচনা কৰে, যদিও মোক সমালোচনা কৰা নাই। মই কেতিয়াও সংবাদ মাধ্যমৰ পৰা হাৰাশাস্তি পোৱা নাই। (আজিৰ অনুষ্ঠানৰ ফটো)
ইয়াৰোপৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাই সিঙে। তেওঁ কয় যে, শৰ্মাই মোক ডিজিপি বনালে। মই তেওঁৰ ওচৰত সদায় কৃতজ্ঞ। ইফালে অসম এৰাৰ পূৰ্বে জি পি সিঙৰ ঘৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ আগন্তুক দায়িত্বৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। লগতে অসমৰ প্ৰতি পালন কৰা দায়িত্বৰ শলাগ লয়।