কেতিয়া শপত ল’ব ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰীয়ে ? | Governor invites Hemant Soren to form government in Jharkhand, oath on November 28 Assam news - Assam Tv9

কেতিয়া শপত ল’ব ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰীয়ে ? মুখ্যমন্ত্ৰীৰ পদ এৰিলে হেমন্ত ছ’ৰেনে…

Published: 

24 Nov 2024 22:04 PM

ঝাৰখণ্ডত পুনৰ ক্ষমতা দখল কৰিছে জেএমএম, কংগ্ৰেছ আৰু আৰজেডিৰ মিত্ৰতাই। মুখ্যমন্ত্ৰী হেমন্ত ছ’ৰেনে দেওবাৰে ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী জনায়। ইতিমধ্যে তেওঁ পদত্যাগ পত্ৰ দাখিল কৰিছে ।

1 / 5ঝাৰখণ্ডত পুনৰ ক্ষমতা দখল কৰিছে জেএমএম, কংগ্ৰেছ আৰু আৰজেডিৰ মিত্ৰতাই। মুখ্যমন্ত্ৰী হেমন্ত ছ’ৰেনে দেওবাৰে ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী জনায়। তেওঁ পদত্যাগ পত্ৰও দাখিল কৰে। ৰাজ্যপাল সন্তোষ গংগৱাৰক সাক্ষাৎ কৰি নতুন চৰকাৰৰ শপত গ্ৰহণৰ দিন ঘোষণা কৰে হেমন্ত ছ’ৰেনে।

ঝাৰখণ্ডত পুনৰ ক্ষমতা দখল কৰিছে জেএমএম, কংগ্ৰেছ আৰু আৰজেডিৰ মিত্ৰতাই। মুখ্যমন্ত্ৰী হেমন্ত ছ’ৰেনে দেওবাৰে ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী জনায়। তেওঁ পদত্যাগ পত্ৰও দাখিল কৰে। ৰাজ্যপাল সন্তোষ গংগৱাৰক সাক্ষাৎ কৰি নতুন চৰকাৰৰ শপত গ্ৰহণৰ দিন ঘোষণা কৰে হেমন্ত ছ’ৰেনে।

2 / 5

ঝাৰখণ্ড বিধানসভাৰ ৮১খন আসনৰ ভিতৰত ৩৪খন আসনত জয়লাভ কৰে জে এম এম। কংগ্ৰেছে ১৬খন আসনত জয়লাভ কৰে। ৪ খন আসনত জয়লাভ কৰে আৰজেডিয়ে। চিপিআই(এমএল) লিবাৰেশ্যনে লাভ কৰে ২খন আসন। মুঠতে ইণ্ডিয়া এলায়েন্সে লাভ কৰে ৫৬খন আসন।

3 / 5

আনহাতে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে ২৪খন আসন লাভ কৰে। তাৰ ভিতৰত বিজেপিয়ে লাভ কৰিলে ২১খন আসন। একে প্ৰকাশৰে বিপৰ্যয়ৰ সন্মুখীন হয় বিজেপি ।

4 / 5

চৰকাৰ গঠনৰ বাবে ৪২ গৰাকী বিধায়কৰ প্ৰয়োজন। ইণ্ডিয়া মিত্ৰজোঁটে প্ৰয়োজনীয় সংখ্যা অতিক্ৰম কৰিছে। জেএমএমৰ কাৰ্যবাহী সভাপতি তথা বিদায়ী মুখ্যমন্ত্ৰী হেমন্ত ছ’ৰেনে ৰাজ্যপাল সন্তোষ গংগৱাৰক সাক্ষাৎ কৰে। হেমন্ত ছ’ৰেনে ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে। একে সময়তে নতুন চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে।

5 / 5

ৰাজ্যপালক সাক্ষাৎ কৰি হেমন্ত ছ’ৰেনে কয়, ‘আজি ইণ্ডিয়া মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আমি ৰাজ্যপালক চৰকাৰ গঠন কৰিবলৈ দাবী জনাইছো। মই মোৰ পদত্যাগ পত্ৰ তেওঁৰ ওচৰত দাখিল কৰfলোঁ।' উল্লেখ্য যে, ৰাজ্যপালক সাক্ষাৎ কৰাৰ সময়ত কংগ্ৰেছ আৰু আৰজেডিৰ নেতাসকল উপস্থিত আছিল । জানিব পৰা মতে, অহা ২৮ নৱেম্বৰত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব।

বতৰৰ ফল আম ঠিকেই খাওঁ, পিছে আমি অধিকাংশই নাজানো আমৰ এইসমূহ দিশৰ বিষয়ে…
আই পি এলত হয়তো আপোনাৰো আছে প্ৰিয় দল! পিছে জানেনে দলৰ স্বত্বাধিকাৰীসকলৰ বিষয়ে…
আপুনিও নিশা দেৰিলৈকে নুশুৱে নেকি? তেন্তে জানক ইয়াৰ ফলত কি বিপদ হ'ব পাৰে...
জিম নোযোৱাকৈ কম কৰক শৰীৰৰ ওজন, কেইটামান সাধাৰণ উপায়...