আজি সোণ ক্ৰয়ৰ পূৰ্বে হাজাৰবাৰ ভাবক, নহ’লে খালী হ’ব বেংক একাউণ্ট; একেকোবে দাম দাঢ়িল প্ৰায় ১৪৭০০০ টকা! | Gold Rates Surge While Silver Prices Witness a Dip: Check Latest Market Trends Today Assam news - Assam Tv9

আজি সোণ ক্ৰয়ৰ পূৰ্বে হাজাৰবাৰ ভাবক, নহ’লে খালী হ’ব বেংক একাউণ্ট; একেকোবে দাম দাঢ়িল প্ৰায় ১৪৭০০০ টকা!

Published: 

24 Jan 2026 | 10:57 AM

আপুনিও যদি আজি সোণ আৰু ৰূপৰ অলংকাৰ ক্ৰয়ৰ পৰিকল্পনা কৰিছে, বজাৰলৈ যোৱাৰ পূৰ্বে আজিৰ বজাৰৰ পৰিস্থিতি চাই লোৱা উচিত হ’ব। কিয়নো আজি বজাৰত হোৰাহোৰে দাম বাঢ়িছে সোণৰ। গতিকে এতিয়াই চাই লওক সোণৰ দাম।

1 / 5সোণ আৰু ৰূপৰ অলংকাৰ ক্ৰয় কৰাৰ পৰিকল্পনা কৰা গ্ৰাহকসকলৰ বাবে আজিৰ বজাৰৰ পৰা এক অতি উদ্বেগজনক খবৰ আহি পৰিছে। 'গুড ৰিটাৰ্ণছ'ৰ শেহতীয়া তথ্য অনুসৰি, দেশৰ বজাৰত আজি সোণৰ মূল্যই উৰ্ধমুখী গতি লৈছে।

সোণ আৰু ৰূপৰ অলংকাৰ ক্ৰয় কৰাৰ পৰিকল্পনা কৰা গ্ৰাহকসকলৰ বাবে আজিৰ বজাৰৰ পৰা এক অতি উদ্বেগজনক খবৰ আহি পৰিছে। 'গুড ৰিটাৰ্ণছ'ৰ শেহতীয়া তথ্য অনুসৰি, দেশৰ বজাৰত আজি সোণৰ মূল্যই উৰ্ধমুখী গতি লৈছে।

2 / 5

আজি আটাইতকৈ শুদ্ধ মানৰ ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ১৪৭ টকাকৈ বৃদ্ধি পাইছে, যাৰ ফলত বৰ্তমান ১ গ্ৰাম ২৪ কেৰেট সোণৰ দাম ১৫,৮৬২ টকা হৈছেগৈ।

3 / 5

কেৱল বিশুদ্ধ সোণেই নহয়, গহনা তৈয়াৰ কৰিবলৈ আটাইতকৈ বেছি ব্যৱহৃত হোৱা ২২ কেৰেট সোণৰ দৰেও আজি গ্ৰাহকক যথেষ্ট চিন্তিত কৰি তুলিছে। প্ৰতি গ্ৰামত ১৩৫ টকাকৈ মূল্য বৃদ্ধি পোৱাৰ ফলত বৰ্তমান বজাৰত ১ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ১৪,৫৪০ টকা হৈছে।

4 / 5

ইয়াৰ সমান্তৰালভাৱে ১৮ কেৰেট সোণৰ মূল্যতো আজি বিশেষ প্ৰভাৱ পৰিছে আৰু প্ৰতি গ্ৰামত ১১১ টকাকৈ বৃদ্ধি পোৱাৰ পিছত ইয়াৰ বৰ্তমানৰ দৰ ১১,৮৯৭ টকা হৈছেগৈ। সমগ্ৰ দেশৰ দৰে গুৱাহাটীৰ বজাৰতো এই মূল্যবৃদ্ধিৰ ব্যাপক প্ৰভাৱ পৰা দেখা গৈছে।

5 / 5

অৱশ্যে দীৰ্ঘদিনৰ মূৰকত আজি সামান্য হ্ৰাস পাইছে ৰূপৰ দৰ। বজাৰত আজি প্ৰতি গ্ৰাম ৰূপৰ মূল্য ৫ টকাকৈ হ্ৰাস পাইছে আৰু এইদৰে বৰ্তমান এক কিলোগ্ৰাম ৰূপৰ মূল্য ৩,৩৫,০০০ হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...