প্ৰতি ১০ গ্ৰামত ১০০০ টকা বৃদ্ধি পালে সোণৰ মূল্য... | Gold Rate Today in India: Check City-Wise Prices Assam news - Assam Tv9

প্ৰতি ১০ গ্ৰামত ১০০০ টকা বৃদ্ধি পালে সোণৰ মূল্য, গুৱাহাটীত কিমান?

Updated On: 

23 Jul 2025 11:18 AM

আজি পুনৰ সোণৰ মূল্য বৃদ্ধি পোৱা দেখা গৈছে। দেশৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ১০৪ টকা বৃদ্ধি পাই ১০,২৩৩ টকা হৈছে। আজি গুৱাহাটীত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য বৃদ্ধি পাই কিমান হ'ল চাওঁ আহক।

1 / 5আজিৰ দিনটোত সোণৰ মূল্য সামান্য বৃদ্ধি পোৱা দেখা গৈছে। দেশৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ১০৪ টকা বৃদ্ধি পাই ১০,২৩৩ টকা হৈছে। একেদৰে ২২ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৯৫ টকা বৃদ্ধি পাই ৯,৩৮০ টকা আৰু ১৮ কেৰেট সোণৰ মূল্য ৭৮ টকা বৃদ্ধি পাই ৭,৬৭৫ টকা হৈছে।

আজিৰ দিনটোত সোণৰ মূল্য সামান্য বৃদ্ধি পোৱা দেখা গৈছে। দেশৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ১০৪ টকা বৃদ্ধি পাই ১০,২৩৩ টকা হৈছে। একেদৰে ২২ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৯৫ টকা বৃদ্ধি পাই ৯,৩৮০ টকা আৰু ১৮ কেৰেট সোণৰ মূল্য ৭৮ টকা বৃদ্ধি পাই ৭,৬৭৫ টকা হৈছে।

2 / 5

গুড ৰিটাৰ্নছৰ তথ্য অনুসৰি, আজি দিল্লীত ২৪ কেৰেট সোণৰ ১০ গ্ৰামৰ মূল্য ১,০২,৪৮০ টকা হোৱাৰ বিপৰীতে ২২ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৯৩,৯৫০ আৰু ১৮ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৭৬,৮৭০ টকা হৈছে।

3 / 5

আজিৰ দিনটোত গুৱাহাটীত ২৪ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ১,০২,৩৩০ টকা । কালি দিনটোত এই মূল্য আছিল, ১,০১,২৯০ টকা।

4 / 5

ইফালে, গুৱাহাটীত ২২ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য বৃদ্ধি পাই ৯৩,৮০০ টকা হোৱাৰ বিপৰীতে ১৮ কেৰেট সোণৰ ১০ গ্ৰামৰ মূল্য ৭৬,৭৫০ টকা হৈছে।

5 / 5

আজিৰ দিনটোত ৰূপৰ মূল্য প্ৰতিগ্ৰামত ১১৯ টকা হোৱাৰ বিপৰীতে প্ৰতি কেজি ৰূপৰ মূল্য ১,১৯,০০০ টকা।

নাগ পঞ্চমীৰ দিনা সাপ দেখাটো শুভ নে অশুভ? কেনে হ’ব পাৰে প্ৰভাৱ, চাওক...
কেঁচা হালধি খায় নেকি আপুনি? দেহত কেনে প্ৰভাৱ পৰিব পাৰে জানেনে?
উচ্চ ৰক্তচাপৰ এই ৩ টা সাধাৰণ লক্ষণ আপুনি আওকাণ কৰা উচিত নহয়
এইখন মুছলমান দেশত সৰ্বাধিক জনপ্ৰিয় ভাৰতীয় সুৰা...