ধনতেৰাচ-দেৱালীৰ পূৰ্বে ৩২ হাজাৰলৈ বাঢ়িল সোণৰ দাম! ক্ৰয়ৰ পৰিকল্পনা কৰিছে যদি চাওক আজিৰ দাম | Gold Prices Soar Ahead of Dhanteras; Silver Also Sees Hike Assam news - Assam Tv9

ধনতেৰাচ-দেৱালীৰ পূৰ্বে ৩২ হাজাৰলৈ বাঢ়িল সোণৰ দাম! ক্ৰয়ৰ পৰিকল্পনা কৰিছে যদি চাওক আজিৰ দাম

Updated On: 

13 Oct 2025 10:46 AM

ধনতেৰাচ তথা দেৱালীৰ আগে আগে দ্ৰুতগতিত বাঢ়িছে সোণৰ দৰ। আজিও বজাৰত দেখা গৈছে সোণৰ দৰৰ উৰ্ধমুখী গতি। চাওক আজি বজাৰত সোণ আৰু ৰূপৰ মূল্য কিমান।

1 / 5ধনতেৰাচৰ সময়ত ধৰ্মীয় বিশ্বাস অনুসাৰে সোণ ক্ৰয়ৰ এক পৰম্পৰা আছে। সেয়ে এই সময়ছোৱাত সোণৰ দোকানত দেখা যায় গ্ৰাহকৰ ভিৰ। কিন্তু এইবাৰ এইক্ষেত্ৰত দেখা গৈছে ব্যক্তিক্ৰম। ধনতেৰাচ তথা দেৱালীৰ আগে আগে দ্ৰুতগতিত বাঢ়িছে সোণৰ দৰ। আজিও বজাৰত দেখা গৈছে সোণৰ দৰৰ উৰ্ধমুখী গতি।

ধনতেৰাচৰ সময়ত ধৰ্মীয় বিশ্বাস অনুসাৰে সোণ ক্ৰয়ৰ এক পৰম্পৰা আছে। সেয়ে এই সময়ছোৱাত সোণৰ দোকানত দেখা যায় গ্ৰাহকৰ ভিৰ। কিন্তু এইবাৰ এইক্ষেত্ৰত দেখা গৈছে ব্যক্তিক্ৰম। ধনতেৰাচ তথা দেৱালীৰ আগে আগে দ্ৰুতগতিত বাঢ়িছে সোণৰ দৰ। আজিও বজাৰত দেখা গৈছে সোণৰ দৰৰ উৰ্ধমুখী গতি।

2 / 5

গুড ৰিটাৰ্ণছৰ তথ্য মতে, আজি দেশৰ বজাৰত ২৪ কেৰেটৰ সোণৰ মূল্য ১ গ্ৰামত ১২,৫৪০ টকা। সেইদৰে ১০ গ্ৰাম সোণৰ মূল্য ১,২৫,৪০০ টকা আৰু ১০০ গ্ৰাম সোণৰ মূল্য ১২,৫৪,০০০ টকা। এইদৰে প্ৰতিগ্ৰাম ২৪ কেৰেটৰ সোণৰ মূল্যত ৩২ টকাকৈ বৃদ্ধিৰে এক কিলোৰ মূল্য ৩২,০০০ টকা বৃদ্ধি পাইছে। এই দৰ গুৱাহাটীতো প্ৰযোজ্য হৈছে।

3 / 5

একেদৰে আজি ২২ কেৰেটৰ ১ গ্ৰাম সোণৰ মূল্য ১১,৪৯৫ টকা। সেই অনুসাৰে ১০ গ্ৰাম সোণৰ মূল্য ১,১৪,৯৫০ টকা আৰু ১০০ গ্ৰাম সোণৰ মূল্য ১১,৪৯,৫০০ টকা। কালিৰ তুলনাত আজি প্ৰতিগ্ৰাম ২২ কেৰেটৰ সোণৰ মূল্য ৩০ টকাকৈ বৃদ্ধি হৈছে। গুৱাহাটীৰ বজাৰতো এই পৰিৱৰ্তন দেখা গৈছে।

4 / 5

আনহাতে ১৮ কেৰেট সোণৰ মূল্য প্ৰতিগ্ৰামত ২৪ টকাকৈ বৃদ্ধি হৈছে। দেশৰ বজাৰৰ লগতে এই দৰতে আজি গুৱাহাটীৰ বজাৰতো ১৮ কেৰেট সোণ উপলব্ধ হ’ব। এই দৰ অনুসৰি আজি ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৯,৪০৫ টকা, ১০ গ্ৰাম সোণৰ মূল্য ৯৪,০৫০ টকা আৰু ১০০ গ্ৰাম সোণৰ মূল্য ৯,৪০,৫০০ টকা হৈছে।

5 / 5

আজি সোণৰ লগতে ৰূপৰ দামো বৃদ্ধি পাইছে বুলি গুড ৰিটাৰ্ণছে প্ৰকাশ কৰিছে। তথ্য অনুসৰি আজি ৰূপৰ দাম ৫০০০ টকা বৃদ্ধি হৈছে। এইদৰে আজি প্ৰতিগ্ৰাম ৰূপ ১৮৫ টকা আৰু এক কিলোগ্ৰাম ৰূপৰ দাম ১,৮৫,০০০ টকা হৈছে।

শতকৰ হেট্ৰিক! বিৰাট কৃতিত্ব অৰ্জনেৰে শচীনকো পিছ পেলালে ‘কিং’ কোহলীয়ে
কমলা খাই পেলাই নিদিব বাকলি, কমলাৰ লগতে বাকলিৰ উপকাৰী গুণৰ বিষয়ে জানি হ'ব আচৰিত!
ৰবাব টেঙাৰ জুতি ল'লে নে? ইয়াৰ কি কি স্বাস্থ্য উপকাৰিতা আছে জানি লওক
মানিবেগত ৰাখিব এই কেইবিধ বস্তু, ধনৰ অভাৱ নহয় কেতিয়াও!
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...
প্ৰেয়সীক আনিবলৈ দৰা সাজি ৰথেৰে যাত্ৰা দৰাৰ...