সোণৰ অলংকাৰ ক্ৰয়ৰ পৰিকল্পনা কৰিছে নেকি? চাওক আজি গুৱাহাটীত সোণৰ দাম কিমান | Gold Price Today: check today's gold and silver rate in Guwahati Assam Assam news - Assam Tv9

সোণৰ অলংকাৰ ক্ৰয়ৰ পৰিকল্পনা কৰিছে নেকি? চাওক আজি গুৱাহাটীত সোণৰ দাম কিমান

Published: 

11 Jan 2025 11:39 AM

বজাৰত প্ৰতিনিয়ত সোণৰ দৰৰ উত্থান-পতন ঘটে। কেতিয়াবা যদি সোণৰ দৰ হঠাতে বৃদ্ধি পায়, কেতিয়াবা আকৌ যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হয়। আজি গুৱাহাটীত সোণৰ দৰ কিছু বৃদ্ধি পোৱা দেখা গৈছে। দৰ বৃদ্ধিৰ পিছত আজি গুৱাহাটীত সোণৰ দাম কিমান হৈছে চাওক।

1 / 5দেশত যোৱা কিছুদিন ধৰি ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে সোণৰ দাম। আজি পুনৰ দেশৰ বজাৰত সোণৰ দৰ বৃদ্ধি পোৱা দেখা গৈছে। দেশৰ লগতে আজি গুৱাহাটীতো সোণৰ দৰ বৃদ্ধি পাইছে। আজি দেশত ২২ কেৰেট সোণৰ দৰ প্ৰতি গ্ৰামত ১৫ টকা বৃদ্ধি পাইছে।

দেশত যোৱা কিছুদিন ধৰি ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে সোণৰ দাম। আজি পুনৰ দেশৰ বজাৰত সোণৰ দৰ বৃদ্ধি পোৱা দেখা গৈছে। দেশৰ লগতে আজি গুৱাহাটীতো সোণৰ দৰ বৃদ্ধি পাইছে। আজি দেশত ২২ কেৰেট সোণৰ দৰ প্ৰতি গ্ৰামত ১৫ টকা বৃদ্ধি পাইছে।

2 / 5

একেদৰে ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামত ১৭ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ১২ টকাকৈ বৃদ্ধি পাইছে। ইয়াৰ ফলত আজি গুৱাহাটীত প্ৰতি গ্ৰাম সোণৰ দৰ ১৮ কেৰেটৰ ক্ষেত্ৰত ৫,৯৭৩ টকা, ২২ কেৰেটৰ ক্ষেত্ৰত ৭,৩০০ টকা আৰু ২৪ কেৰেটৰ ক্ষেত্ৰত ৭,৯৬৪ টকা হৈছে।

3 / 5

এইদৰে ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৫৯,৭৩০ টকা, ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৭৩,০০০ টকা আৰু ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৭৯,৬৪০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

4 / 5

নতুন বৰ্ষটোৰ আৰম্ভণিৰ পৰা আজিপৰ্যন্ত গুৱাহাটীৰ বজাৰত প্ৰতিগ্ৰাম সোণত ২২ কেৰেটৰ ক্ষেত্ৰত প্ৰায় ১২০ টকাকৈ আৰু ২৪ কেৰেটৰ ক্ষেত্ৰত প্ৰায় ১৩১ টকাকৈ বৃদ্ধি পাইছে। এই তথ্য গুড ৰিটাৰ্ণছৰ তথ্যৰ আধাৰত প্ৰদান কৰা হৈছে।

5 / 5

ইফালে শুকুৰবাৰৰ দৰেই আজি ৰূপৰ দৰ বজাৰত অপৰিৱৰ্তিত থকা দেখা গৈছে। আজি গুৱাহাটীৰ বজাৰত ৰূপৰ দাম প্ৰতি কিলোগ্ৰামত ৯৩.৫০ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম সোণৰ দাম হৈছে ৯৩,৫০০ টকা।

শতকৰ হেট্ৰিক! বিৰাট কৃতিত্ব অৰ্জনেৰে শচীনকো পিছ পেলালে ‘কিং’ কোহলীয়ে
কমলা খাই পেলাই নিদিব বাকলি, কমলাৰ লগতে বাকলিৰ উপকাৰী গুণৰ বিষয়ে জানি হ'ব আচৰিত!
ৰবাব টেঙাৰ জুতি ল'লে নে? ইয়াৰ কি কি স্বাস্থ্য উপকাৰিতা আছে জানি লওক
মানিবেগত ৰাখিব এই কেইবিধ বস্তু, ধনৰ অভাৱ নহয় কেতিয়াও!
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...
প্ৰেয়সীক আনিবলৈ দৰা সাজি ৰথেৰে যাত্ৰা দৰাৰ...