সোণৰ অলংকাৰ ক্ৰয়ৰ পৰিকল্পনা কৰিছে নেকি? চাওক আজি গুৱাহাটীত সোণৰ দাম কিমান | Gold Price Today: check today's gold and silver rate in Guwahati Assam Assam news - Assam Tv9

সোণৰ অলংকাৰ ক্ৰয়ৰ পৰিকল্পনা কৰিছে নেকি? চাওক আজি গুৱাহাটীত সোণৰ দাম কিমান

Published: 

11 Jan 2025 | 11:39 AM

বজাৰত প্ৰতিনিয়ত সোণৰ দৰৰ উত্থান-পতন ঘটে। কেতিয়াবা যদি সোণৰ দৰ হঠাতে বৃদ্ধি পায়, কেতিয়াবা আকৌ যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হয়। আজি গুৱাহাটীত সোণৰ দৰ কিছু বৃদ্ধি পোৱা দেখা গৈছে। দৰ বৃদ্ধিৰ পিছত আজি গুৱাহাটীত সোণৰ দাম কিমান হৈছে চাওক।

1 / 5দেশত যোৱা কিছুদিন ধৰি ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে সোণৰ দাম। আজি পুনৰ দেশৰ বজাৰত সোণৰ দৰ বৃদ্ধি পোৱা দেখা গৈছে। দেশৰ লগতে আজি গুৱাহাটীতো সোণৰ দৰ বৃদ্ধি পাইছে। আজি দেশত ২২ কেৰেট সোণৰ দৰ প্ৰতি গ্ৰামত ১৫ টকা বৃদ্ধি পাইছে।

দেশত যোৱা কিছুদিন ধৰি ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে সোণৰ দাম। আজি পুনৰ দেশৰ বজাৰত সোণৰ দৰ বৃদ্ধি পোৱা দেখা গৈছে। দেশৰ লগতে আজি গুৱাহাটীতো সোণৰ দৰ বৃদ্ধি পাইছে। আজি দেশত ২২ কেৰেট সোণৰ দৰ প্ৰতি গ্ৰামত ১৫ টকা বৃদ্ধি পাইছে।

2 / 5

একেদৰে ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামত ১৭ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ১২ টকাকৈ বৃদ্ধি পাইছে। ইয়াৰ ফলত আজি গুৱাহাটীত প্ৰতি গ্ৰাম সোণৰ দৰ ১৮ কেৰেটৰ ক্ষেত্ৰত ৫,৯৭৩ টকা, ২২ কেৰেটৰ ক্ষেত্ৰত ৭,৩০০ টকা আৰু ২৪ কেৰেটৰ ক্ষেত্ৰত ৭,৯৬৪ টকা হৈছে।

3 / 5

এইদৰে ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৫৯,৭৩০ টকা, ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৭৩,০০০ টকা আৰু ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৭৯,৬৪০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

4 / 5

নতুন বৰ্ষটোৰ আৰম্ভণিৰ পৰা আজিপৰ্যন্ত গুৱাহাটীৰ বজাৰত প্ৰতিগ্ৰাম সোণত ২২ কেৰেটৰ ক্ষেত্ৰত প্ৰায় ১২০ টকাকৈ আৰু ২৪ কেৰেটৰ ক্ষেত্ৰত প্ৰায় ১৩১ টকাকৈ বৃদ্ধি পাইছে। এই তথ্য গুড ৰিটাৰ্ণছৰ তথ্যৰ আধাৰত প্ৰদান কৰা হৈছে।

5 / 5

ইফালে শুকুৰবাৰৰ দৰেই আজি ৰূপৰ দৰ বজাৰত অপৰিৱৰ্তিত থকা দেখা গৈছে। আজি গুৱাহাটীৰ বজাৰত ৰূপৰ দাম প্ৰতি কিলোগ্ৰামত ৯৩.৫০ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম সোণৰ দাম হৈছে ৯৩,৫০০ টকা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...