23 Oct 2025 09:44 AM
আজি ২৩ অক্টোবৰ,২০২৫। প্ৰতিদিনে বজাৰত সোণ-ৰূপৰ মূল্য হ্ৰাস-বৃদ্ধি হৈ থাকে। আজিৰ দিনটোত কিছু পৰিমাণে হ্ৰাস পাইছে মূল্য। বৰ্তমান দেশত উৎসৱৰ সময়। গতিকে বহুতে এই সময়চোৱাত সোণ-ৰূপ ক্ৰয় কৰা দেখা যায়। তেনে অৱস্থাত দাম হ্ৰাস পোৱা এক ভাল খবৰ।
আজি ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১২,৫০৮ টকা। আনহাতে ১০ গ্ৰাম সোণৰ মূল্য ১,২৫,০৮০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,২৫,৮৯০ টকা। গতিকে কালিৰ তুলনাত কিছু পৰিমাণে হ্ৰাস পাইছে দাম।
আজিৰ দিনটোত বজাৰত ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১১,৪৬৫ টকা। আনহাতে ১০ গ্ৰাম সোণৰ মূল্য ১,১৪,৬৫০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১,১৫,৪০০ টকা।
আজি ১৮ কেৰেট সোণৰ দাম হ্ৰাস পোৱাও দেখা গৈছে। আজি ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৯,৩৮১ টকা। ১০ গ্ৰামৰ মূল্য ৯৩,৮১০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ৯৪,৪২০ টকা।
আজি ৰূপৰ মূল্যও হ্ৰাস পাইছে। ১ গ্ৰাম ৰূপৰ ১৫৯ টকা। ১০০ গ্ৰাম ৰূপৰ মূল্য ১৫,৯০০ টকা। কালিৰ দিনটোত ইয়াৰ পৰিমাণ আছিল ১৬,০০০ টকা। গুড ৰিটাৰ্ণে প্ৰকাশ কৰিছে এই তথ্য।