কাষ চাপিছে বিয়াৰ বতৰ, পিছে দাম কমিছে নে বাঢ়িছে সোণৰ! চাই লওক এতিয়াই | Gold Becomes Costlier in Guwahati, Silver Also Sees a Rise Assam news - Assam Tv9

Gold Price Today: কাষ চাপিছে বিয়াৰ বতৰ, পিছে দাম কমিছে নে বাঢ়িছে সোণৰ! চাই লওক এতিয়াই

Updated On: 

10 Nov 2025 10:51 AM

বিয়াৰ পৰিকল্পনা কৰাৰ লগে লগে সোণৰ অলংকৰাৰ কথাও আহে। পিছে অলংকাৰ ক্ৰয়ৰ বাবে এতিয়া সঠিক সময় হয়নে? বজাৰত আজি সোণৰ দৰ বৃদ্ধি পাইছে নে হ্ৰাস পাইছে, জানো আহক এই বিষয়ে।

1 / 5বৈবাহিক সম্পৰ্ক স্থাপনৰ বাবে অসমীয়া সমাজত আঘোণ মাহটোক উত্তম সময় হিচাপে বিবেচনা কৰা হয়। বিয়াৰ পৰিকল্পনা কৰাৰ লগে লগে সোণৰ অলংকৰাৰ কথাও আহে। পিছে অলংকাৰ ক্ৰয়ৰ বাবে এতিয়া সঠিক সময় হয়নে?

বৈবাহিক সম্পৰ্ক স্থাপনৰ বাবে অসমীয়া সমাজত আঘোণ মাহটোক উত্তম সময় হিচাপে বিবেচনা কৰা হয়। বিয়াৰ পৰিকল্পনা কৰাৰ লগে লগে সোণৰ অলংকৰাৰ কথাও আহে। পিছে অলংকাৰ ক্ৰয়ৰ বাবে এতিয়া সঠিক সময় হয়নে?

2 / 5

বজাৰত আজি সোণৰ দৰৰ প্ৰতি লক্ষ্য কৰিলে আপোনাৰ জেপৰ ধন অধিক খৰচ হ’ব। কিয়নো আজি বজাৰত দাম বাঢ়িছে সোণৰ। গুড ৰিটাৰ্ণছে প্ৰকাশ কৰা মতে, আজি বজাৰত ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামত ১২০ টকাকৈ বৃদ্ধি পাই ১২,৩২২ টকা হৈছে।

3 / 5

ইফালে ২২ কেৰেট সোণৰ ক্ষেত্ৰত প্ৰতিগ্ৰামত ১১০ টকাকৈ বৃদ্ধি পাইছে বুলি গুড ৰিটাৰ্ণছে প্ৰকাশ কৰিছে। সেই অনুসৰি আজি ২২ কেৰেট সোণ প্ৰতিগ্ৰামত ১১,২৯৫ টকা দৰত বজাৰত উপলব্ধ হ’ব।

4 / 5

একেদৰে ১৮ কেৰেট সোণৰ ক্ষেত্ৰত প্ৰতিগ্ৰামত ৯০ টকাকৈ বৃদ্ধি পাই আজি প্ৰতিগ্ৰামত ৯,২৪২ টকা দৰত ক্ৰয় কৰিব লাগিব গ্ৰাহকসকলে। সোণৰ মূল্যৰ এই প্ৰভাৱ দেশৰ লগতে গুৱাহাটীৰ বজাৰতো প্ৰযোজ্য হ’ব বুলি গুড ৰিটাৰ্ণছে তথ্য প্ৰকাশ কৰিছে।

5 / 5

সোণৰ দৰৰ দৰেই আজি ৰূপৰ দামো আজি প্ৰতিগ্ৰামত ২.৫ টকাকৈ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। গুড ৰিটাৰ্ণছে প্ৰকাশ কৰা মতে, আজি প্ৰতিগ্ৰাম ৰূপৰ দৰ ১৫৫ টকা হৈছে। সেই অনুসৰি আজি বজাৰত মুঠ ২,৫০০ টকা বৃদ্ধিৰে এক কিলোগ্ৰাম ৰূপৰ দাম ১,৫৫,০০০ টকা হ’ব।

গাখীৰৰ সৈতে মিহলাই লওক এই ৫ বিধ খাদ্য, লাভ কৰিব অপৰিসীম সুফল
বাৰে বাৰে মুখত ঘাঁ হয় নেকি? কাৰণ, প্ৰতিকাৰৰ উপায় জানক...
শীতকালত এই খাদ্যই বৃদ্ধি কৰে উচ্চ ৰক্তচাপৰ সমস্যা, জানক...
এই ৫টা অভ্যাসে আপোনাক কৰি তুলিব পাৰে পাইলছৰ ৰোগী, জানক...
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...
নগাঁৱত কুঁৱলীৰ শুভ্ৰ আচ্ছাদন...
গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
অসমত বৰ্তমান ৪০শতাংশ বাংলাদেশী মূলৰ লোক আছেঃ মুখ্যমন্ত্ৰী