পূজাৰ বতৰত সোণ ক্ৰয়ৰ কথা ভাবিছে নেকি? বজাৰৰ দৰ চাই নল’লেই হ’ব পাৰে লোকচান | Gold and Silver Prices Surge Ahead of Durga Puja; Check Latest Price in Assam Assam news - Assam Tv9

পূজাৰ বতৰত সোণ ক্ৰয়ৰ কথা ভাবিছে নেকি? বজাৰৰ দৰ চাই নল’লেই হ’ব পাৰে লোকচান

Published: 

26 Sep 2025 10:40 AM

সাধাৰণতে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ প্ৰভাৱত প্ৰতিদিনে সোণৰ দৰ পৰিৱৰ্তন হয়। প্ৰকাশিত তথ্য মতে, পূজাৰ প্ৰাকক্ষণত আজি বজাৰত সোণৰ দৰ যথেষ্ট বৃদ্ধি পাইছে। তেনে অৱস্থাত সোণৰ দৰ আগতীয়াকৈ জানি নল’লে আৰ্থিক লোকচান হ’ব পাৰে।

1 / 5শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ আৰু কেইটামান ক্ষণ। ৰাজ্যত পূজাৰ আনন্দ যথেষ্ট সেমেকা যদিও কিছু হ’লেও পূজাৰ উদযাপন দেখা পোৱা যাব। বহুলোকে পূজাৰ সময়ত নিজলৈ বা আপোনজনলৈ বুলি প্ৰিয় কোনো সম্পদ ক্ৰয়ৰ কথা ভাৱে। সোণৰ অলংকাৰ তেনে এক মূল্যৱান সম্পদ।

শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ আৰু কেইটামান ক্ষণ। ৰাজ্যত পূজাৰ আনন্দ যথেষ্ট সেমেকা যদিও কিছু হ’লেও পূজাৰ উদযাপন দেখা পোৱা যাব। বহুলোকে পূজাৰ সময়ত নিজলৈ বা আপোনজনলৈ বুলি প্ৰিয় কোনো সম্পদ ক্ৰয়ৰ কথা ভাৱে। সোণৰ অলংকাৰ তেনে এক মূল্যৱান সম্পদ।

2 / 5

সাধাৰণতে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ প্ৰভাৱত প্ৰতিদিনে সোণৰ দৰ পৰিৱৰ্তন হয়। প্ৰকাশিত তথ্য মতে, পূজাৰ প্ৰাকক্ষণত আজি বজাৰত সোণৰ দৰ যথেষ্ট বৃদ্ধি পাইছে। তেনে অৱস্থাত সোণৰ দৰ আগতীয়াকৈ জানি নল’লে আৰ্থিক লোকচান হ’ব পাৰে।

3 / 5

গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি, আজি দেশৰ বজাৰত ১৮ কেৰেট সোণ প্ৰতিগ্ৰামত ৩৩ টকা, ২২ কেৰেট সোণৰ দাম প্ৰতিগ্ৰামত ৪০ টকা আৰু ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৪৪ টকা বৃদ্ধি পাইছে। অৰ্থাৎ আজি সোণ ক্ৰয়ৰ ইচ্ছা কৰিলে জেপৰ ধন কিছু অধিক খৰচ হ’ব।

4 / 5

গুৱাহাটীতো সোণৰ দৰ আজি দেশৰ বজাৰৰ দৰেই বৃদ্ধি পাইছে। গুড ৰিটাৰ্ণছে প্ৰকাশ কৰা মতে, আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দাম প্ৰতিগ্ৰামত ৮,৬১৬ টকা, ২২ কেৰেট সোণৰ দাম প্ৰতিগ্ৰামত ১০,৫৩০ টকা আৰু ২৪ কেৰেট সোণৰ দাম প্ৰতিগ্ৰামত ১১,৪৮৮ টকা দৰত উপলব্ধ হ’ব।

5 / 5

কেৱল সোণেই নহয়, গুৱাহাটীত আজি ৰূপৰ মূল্যও কিছু বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। গুড ৰিটাৰ্ণছৰ তথ্য মতে, ৰূপৰ দৰ আজি প্ৰতিগ্ৰামত ৩ টকা বৃদ্ধি হৈছে। এইদৰে আজি এক গ্ৰাম ৰূপৰ দাম ১৪৩ টকা আৰু এক কিলোগ্ৰাম ৰূপৰ দাম ১,৪৩,০০০ টকা হৈছে বুলি গুড ৰিটাৰ্ণছে প্ৰকাশ কৰিছে।

মাছ-মাংস নহ’লেও কথা নাই, এই ৫ বিধ ফলেই দেহত পূৰ কৰে প্ৰটিনৰ অভাৱ
প্ৰতিদিনে খাওক গুড়, পাব জটিল ৰোগৰ পৰা মুক্তি!
শীতকালত কাহ আৰু ডিঙিৰ বিষে অশান্তি কৰিছে নেকি? সহজ উপায়েৰে ঘৰতে দূৰ কৰক সমস্যা
গাখীৰৰ সৈতে মিহলাই লওক এই ৫ বিধ খাদ্য, লাভ কৰিব অপৰিসীম সুফল
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...
নগাঁৱত কুঁৱলীৰ শুভ্ৰ আচ্ছাদন...
গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
অসমত বৰ্তমান ৪০শতাংশ বাংলাদেশী মূলৰ লোক আছেঃ মুখ্যমন্ত্ৰী