পূজাৰ বতৰত সোণ ক্ৰয়ৰ কথা ভাবিছে নেকি? বজাৰৰ দৰ চাই নল’লেই হ’ব পাৰে লোকচান | Gold and Silver Prices Surge Ahead of Durga Puja; Check Latest Price in Assam Assam news - Assam Tv9

পূজাৰ বতৰত সোণ ক্ৰয়ৰ কথা ভাবিছে নেকি? বজাৰৰ দৰ চাই নল’লেই হ’ব পাৰে লোকচান

Published: 

26 Sep 2025 | 10:40 AM

সাধাৰণতে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ প্ৰভাৱত প্ৰতিদিনে সোণৰ দৰ পৰিৱৰ্তন হয়। প্ৰকাশিত তথ্য মতে, পূজাৰ প্ৰাকক্ষণত আজি বজাৰত সোণৰ দৰ যথেষ্ট বৃদ্ধি পাইছে। তেনে অৱস্থাত সোণৰ দৰ আগতীয়াকৈ জানি নল’লে আৰ্থিক লোকচান হ’ব পাৰে।

1 / 5শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ আৰু কেইটামান ক্ষণ। ৰাজ্যত পূজাৰ আনন্দ যথেষ্ট সেমেকা যদিও কিছু হ’লেও পূজাৰ উদযাপন দেখা পোৱা যাব। বহুলোকে পূজাৰ সময়ত নিজলৈ বা আপোনজনলৈ বুলি প্ৰিয় কোনো সম্পদ ক্ৰয়ৰ কথা ভাৱে। সোণৰ অলংকাৰ তেনে এক মূল্যৱান সম্পদ।

শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ আৰু কেইটামান ক্ষণ। ৰাজ্যত পূজাৰ আনন্দ যথেষ্ট সেমেকা যদিও কিছু হ’লেও পূজাৰ উদযাপন দেখা পোৱা যাব। বহুলোকে পূজাৰ সময়ত নিজলৈ বা আপোনজনলৈ বুলি প্ৰিয় কোনো সম্পদ ক্ৰয়ৰ কথা ভাৱে। সোণৰ অলংকাৰ তেনে এক মূল্যৱান সম্পদ।

2 / 5

সাধাৰণতে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ প্ৰভাৱত প্ৰতিদিনে সোণৰ দৰ পৰিৱৰ্তন হয়। প্ৰকাশিত তথ্য মতে, পূজাৰ প্ৰাকক্ষণত আজি বজাৰত সোণৰ দৰ যথেষ্ট বৃদ্ধি পাইছে। তেনে অৱস্থাত সোণৰ দৰ আগতীয়াকৈ জানি নল’লে আৰ্থিক লোকচান হ’ব পাৰে।

3 / 5

গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি, আজি দেশৰ বজাৰত ১৮ কেৰেট সোণ প্ৰতিগ্ৰামত ৩৩ টকা, ২২ কেৰেট সোণৰ দাম প্ৰতিগ্ৰামত ৪০ টকা আৰু ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৪৪ টকা বৃদ্ধি পাইছে। অৰ্থাৎ আজি সোণ ক্ৰয়ৰ ইচ্ছা কৰিলে জেপৰ ধন কিছু অধিক খৰচ হ’ব।

4 / 5

গুৱাহাটীতো সোণৰ দৰ আজি দেশৰ বজাৰৰ দৰেই বৃদ্ধি পাইছে। গুড ৰিটাৰ্ণছে প্ৰকাশ কৰা মতে, আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দাম প্ৰতিগ্ৰামত ৮,৬১৬ টকা, ২২ কেৰেট সোণৰ দাম প্ৰতিগ্ৰামত ১০,৫৩০ টকা আৰু ২৪ কেৰেট সোণৰ দাম প্ৰতিগ্ৰামত ১১,৪৮৮ টকা দৰত উপলব্ধ হ’ব।

5 / 5

কেৱল সোণেই নহয়, গুৱাহাটীত আজি ৰূপৰ মূল্যও কিছু বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। গুড ৰিটাৰ্ণছৰ তথ্য মতে, ৰূপৰ দৰ আজি প্ৰতিগ্ৰামত ৩ টকা বৃদ্ধি হৈছে। এইদৰে আজি এক গ্ৰাম ৰূপৰ দাম ১৪৩ টকা আৰু এক কিলোগ্ৰাম ৰূপৰ দাম ১,৪৩,০০০ টকা হৈছে বুলি গুড ৰিটাৰ্ণছে প্ৰকাশ কৰিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...