পূজাৰ বতৰত দাম বাঢ়িছে সোণৰঃ অলংকাৰ ক্ৰয়ৰ কথা ভাবিছে যদি চাই লওক এতিয়াই | Gold and Silver Prices Jump as Durga Puja Nears; Check Latest Rates in Assam Assam news - Assam Tv9

পূজাৰ বতৰত দাম বাঢ়িছে সোণৰঃ অলংকাৰ ক্ৰয়ৰ কথা ভাবিছে যদি চাই লওক এতিয়াই

Updated On: 

22 Sep 2025 11:11 AM

প্ৰিয়জনক উপহাৰ দিয়াৰ কথা ভাবিলেও এই সময়ত সোণৰ দামৰ কথা জানি লোৱা উচিত হ’ব। তথ্য অনুসৰি আজি বজাৰত সোণৰ দাম যথেষ্ট বৃদ্ধি পাইছে। গতিকে বজাৰত আজি সোণৰ দাম কিমান হ’ব, সেয়া চাই ল’লে সঠিক বিবেচনা কৰিব পাৰিব।

1 / 5দুৰ্গা পূজা সমাগত। আৰু মাত্ৰ কেইটামান দিনৰ পিছতে শাৰদীয় দুৰ্গোৎসৱক আদৰিব সকলোৱে। পূজাৰ এই বতৰত প্ৰিয়জনক সকলোৱে কোনো এক উপহাৰ দিব বিচাৰে। সামাজিক গুৰুত্বৰ লগতে এক মূল্যৱান সম্পদ হিচাপেও সোণৰ অলংকাৰ দিব পাৰে প্ৰিয়জনক।

দুৰ্গা পূজা সমাগত। আৰু মাত্ৰ কেইটামান দিনৰ পিছতে শাৰদীয় দুৰ্গোৎসৱক আদৰিব সকলোৱে। পূজাৰ এই বতৰত প্ৰিয়জনক সকলোৱে কোনো এক উপহাৰ দিব বিচাৰে। সামাজিক গুৰুত্বৰ লগতে এক মূল্যৱান সম্পদ হিচাপেও সোণৰ অলংকাৰ দিব পাৰে প্ৰিয়জনক।

2 / 5

পিছে প্ৰিয়জনক উপহাৰ দিয়াৰ কথা ভাবিলেও এই সময়ত সোণৰ দামৰ কথা জানি লোৱা উচিত হ’ব। তথ্য অনুসৰি আজি বজাৰত সোণৰ দাম যথেষ্ট বৃদ্ধি পাইছে। গতিকে বজাৰত আজি সোণৰ দাম কিমান হ’ব, সেয়া চাই ল’লে সঠিক বিবেচনা কৰিব পাৰিব।

3 / 5

তথ্য মতে, আজি বজাৰত সোণৰ দৰ যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে। গুড ৰিটাৰ্ণছে প্ৰকাশ কৰা মতে, আজি দেশৰ বজাৰত ২২ কেৰেট সোণৰ দাম প্ৰতিগ্ৰামত ৪০ টকা, ২৪ কেৰেট সোণ প্ৰতিগ্ৰামত ৪৩ টকা আৰু ১৮ কেৰেট সোণ প্ৰতিগ্ৰামত ৩৩ টকা বৃদ্ধি পাইছে।

4 / 5

আনহাতে অসমৰ বজাৰতো আজি দেশৰ দৰেই সোণৰ দৰৰ পৰিৱৰ্তন দেখা গৈছে। গুড ৰিটাৰ্ণছৰ তথ্য মতে, আজি গুৱাহাটীত ২২ কেৰেট সোণৰ দাম প্ৰতিগ্ৰামত ৪৩ টকা বৃদ্ধিৰে ১০,৩২৩ টকা, ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামতো ৪৩ টকা বৃদ্ধিৰে ১১,২৫৮ টকা আৰু ১৮ কেৰেট সোণ প্ৰতিগ্ৰামত ৩৩ টকা বৃদ্ধি পাই ৮,৪৪৪ টকা হৈছে।

5 / 5

ইফালে সোণৰ দৰে ৰূপৰ মূল্যও আজি বৃদ্ধি পাইছে। প্ৰতিগ্ৰামত ৩ টকা বৃদ্ধিৰে আজি এক গ্ৰাম ৰূপৰ দাম ১৩৮ টকা হৈছে। এইদৰে এক কিলোগ্ৰাম ৰূপৰ দাম আজি ৩ হাজাৰ টকা বৃদ্ধিৰে ১,৩৮,০০০ টকা হৈছে।

খজুৱতি, বমি, প্ৰস্ৰাৱৰ ৰং সলনি...কি ৰোগৰ লক্ষণ জানেনে? জানক...
বগা স্ৰাৱ বেছি হ'লে সাৱধান! এয়া কোনো ৰোগৰ সংকেত হ'ব পাৰে!
মুখত বাৰে বাৰে ঘাঁ হৈ থাকে নেকি? ভুলতেও নকৰিব আওকান!
জুবিনে বান্দৰটোৰ নাম দিছিল মধুসূদন, বগলীৰ নাম উদাসীনী গাৰ্গী!