বিয়াৰ পৰিকল্পনা কৰিছে নেকি? দাম কমিছে সোণৰ, অলংকাৰ ক্ৰয়ৰ বাবে এয়াই হ’ব সঠিক সময় | Gold and Silver Prices Drop in Guwahati, Check Latest Rates today Assam news - Assam Tv9

বিয়াৰ পৰিকল্পনা কৰিছে নেকি? দাম কমিছে সোণৰ, অলংকাৰ ক্ৰয়ৰ বাবে এয়াই হ’ব সঠিক সময়

Updated On: 

28 Oct 2025 10:53 AM

অসমীয়া সমাজত বিয়া বুলিলেই আ-অলংকাৰ দিয়াৰ এক ব্যৱস্থা প্ৰচলিত হৈ আহিছে। আপুনিও যদি সোনকালেই বিয়াৰ পৰিকল্পনা কৰিছে, অলংকাৰ ক্ৰয়ৰ বাবে আগবাঢ়িব পাৰে। কিয়নো বজাৰত আজি দাম কমিছে সোণৰ।

1 / 5অসমীয়া সমাজত আঘোণ মাহত বিয়াৰ ধুম উঠে। আৰু বিয়া বুলিলেই আ-অলংকাৰ দিয়াৰ প্ৰচলিত এক ব্যৱস্থা। আঘোণ মাহতে যদি আপুনিও বিয়াৰ পৰিকল্পনা কৰিছে, তেতিয়াহ’লে সোণৰ আ-অলংকাৰ গঢ়া বা ক্ৰয় কৰাৰ সময় হোৱা বুলিবই পাৰি।

অসমীয়া সমাজত আঘোণ মাহত বিয়াৰ ধুম উঠে। আৰু বিয়া বুলিলেই আ-অলংকাৰ দিয়াৰ প্ৰচলিত এক ব্যৱস্থা। আঘোণ মাহতে যদি আপুনিও বিয়াৰ পৰিকল্পনা কৰিছে, তেতিয়াহ’লে সোণৰ আ-অলংকাৰ গঢ়া বা ক্ৰয় কৰাৰ সময় হোৱা বুলিবই পাৰি।

2 / 5

যদি আপুনিও সোণৰ অলংকাৰ গঢ়াৰ কথা ভাবিছে, এয়াই হ’ব সঠিক সময়। কিয়নো আজি বজাৰত দাম কমিছে সোণৰ। গুড ৰিটাৰ্ণছৰ তথ্য মতে, আজি দেশৰ লগতে গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৮২ টকাকৈ হ্ৰাস পাই ১২,২৪৬ টকা হৈছে।

3 / 5

একেদৰে ২২ কেৰেট সোণৰ প্ৰতিগ্ৰামত আজি ৭৫ টকাকৈ হ্ৰাস পাইছে। গুড ৰিটাৰ্ণছে প্ৰকাশ কৰা মতে আজি ২২ কেৰেট সোণ প্ৰতিগ্ৰামত ১১,২২৫ টকা দৰত ক্ৰয় কৰিব পাৰিব গ্ৰাহকসকলে। দেশৰ লগতে গুৱাহাটীৰ বজাৰতো এই দৰ প্ৰযোজ্য হ’ব।

4 / 5

আনহাতে গুড ৰিটাৰ্ণছে প্ৰকাশ কৰা মতে ১৮ কেৰেট সোণৰ ক্ষেত্ৰত প্ৰতিগ্ৰামৰ মূল্য আজি ৭২ টকাকৈ হ্ৰাস পাইছে। এইদৰে আজি প্ৰতিগ্ৰাম ১৮ কেৰেট সোণ ৯,১৮৪ টকা দৰত ক্ৰয় কৰিব পাৰিব। দেশৰ লগতে গুৱাহাটীৰ বজাৰতো গ্ৰাহকে এই ৰেহাই লাভ কৰিব।

5 / 5

ইফালে ৰূপৰ দাম আজি প্ৰতিগ্ৰামত ৪ টকাকৈ হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। গুড ৰিটাৰ্ণছৰ তথ্য মতে, আজি প্ৰতিগ্ৰাম ৰূপৰ দৰ ১৫১ টকা হৈছে। এইদৰে আজি বজাৰত এক কিলোগ্ৰাম ৰূপৰ দাম হ’ব ১,৫১,০০০ টকা।

অষ্ট্ৰেলিয়াৰ বিপক্ষে টি-২০ শৃংখলাত নিশ্চিত ভাৰতৰ জয়! এই কাৰণে আপোনাকো কৰিব ‘আত্মবিশ্বাসী’
শীতকালত উচ্চ ৰক্তচাপ কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি?
দেহ-মন সুস্থ ৰাখিবলৈ কিমান খাদ্য খাব লাগে? প্ৰেমানন্দ মহাৰাজৰ মতে...
পুৱাৰ ৫টা অভ্যাসে বিকল কৰিব পাৰে আপোনাৰ বৃক্ক! জানক সকলো...