বিয়াৰ পৰিকল্পনা কৰিছে নেকি? দাম কমিছে সোণৰ, অলংকাৰ ক্ৰয়ৰ বাবে এয়াই হ’ব সঠিক সময় | Gold and Silver Prices Drop in Guwahati, Check Latest Rates today Assam news - Assam Tv9

বিয়াৰ পৰিকল্পনা কৰিছে নেকি? দাম কমিছে সোণৰ, অলংকাৰ ক্ৰয়ৰ বাবে এয়াই হ’ব সঠিক সময়

Updated On: 

28 Oct 2025 | 10:53 AM

অসমীয়া সমাজত বিয়া বুলিলেই আ-অলংকাৰ দিয়াৰ এক ব্যৱস্থা প্ৰচলিত হৈ আহিছে। আপুনিও যদি সোনকালেই বিয়াৰ পৰিকল্পনা কৰিছে, অলংকাৰ ক্ৰয়ৰ বাবে আগবাঢ়িব পাৰে। কিয়নো বজাৰত আজি দাম কমিছে সোণৰ।

1 / 5অসমীয়া সমাজত আঘোণ মাহত বিয়াৰ ধুম উঠে। আৰু বিয়া বুলিলেই আ-অলংকাৰ দিয়াৰ প্ৰচলিত এক ব্যৱস্থা। আঘোণ মাহতে যদি আপুনিও বিয়াৰ পৰিকল্পনা কৰিছে, তেতিয়াহ’লে সোণৰ আ-অলংকাৰ গঢ়া বা ক্ৰয় কৰাৰ সময় হোৱা বুলিবই পাৰি।

অসমীয়া সমাজত আঘোণ মাহত বিয়াৰ ধুম উঠে। আৰু বিয়া বুলিলেই আ-অলংকাৰ দিয়াৰ প্ৰচলিত এক ব্যৱস্থা। আঘোণ মাহতে যদি আপুনিও বিয়াৰ পৰিকল্পনা কৰিছে, তেতিয়াহ’লে সোণৰ আ-অলংকাৰ গঢ়া বা ক্ৰয় কৰাৰ সময় হোৱা বুলিবই পাৰি।

2 / 5

যদি আপুনিও সোণৰ অলংকাৰ গঢ়াৰ কথা ভাবিছে, এয়াই হ’ব সঠিক সময়। কিয়নো আজি বজাৰত দাম কমিছে সোণৰ। গুড ৰিটাৰ্ণছৰ তথ্য মতে, আজি দেশৰ লগতে গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৮২ টকাকৈ হ্ৰাস পাই ১২,২৪৬ টকা হৈছে।

3 / 5

একেদৰে ২২ কেৰেট সোণৰ প্ৰতিগ্ৰামত আজি ৭৫ টকাকৈ হ্ৰাস পাইছে। গুড ৰিটাৰ্ণছে প্ৰকাশ কৰা মতে আজি ২২ কেৰেট সোণ প্ৰতিগ্ৰামত ১১,২২৫ টকা দৰত ক্ৰয় কৰিব পাৰিব গ্ৰাহকসকলে। দেশৰ লগতে গুৱাহাটীৰ বজাৰতো এই দৰ প্ৰযোজ্য হ’ব।

4 / 5

আনহাতে গুড ৰিটাৰ্ণছে প্ৰকাশ কৰা মতে ১৮ কেৰেট সোণৰ ক্ষেত্ৰত প্ৰতিগ্ৰামৰ মূল্য আজি ৭২ টকাকৈ হ্ৰাস পাইছে। এইদৰে আজি প্ৰতিগ্ৰাম ১৮ কেৰেট সোণ ৯,১৮৪ টকা দৰত ক্ৰয় কৰিব পাৰিব। দেশৰ লগতে গুৱাহাটীৰ বজাৰতো গ্ৰাহকে এই ৰেহাই লাভ কৰিব।

5 / 5

ইফালে ৰূপৰ দাম আজি প্ৰতিগ্ৰামত ৪ টকাকৈ হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। গুড ৰিটাৰ্ণছৰ তথ্য মতে, আজি প্ৰতিগ্ৰাম ৰূপৰ দৰ ১৫১ টকা হৈছে। এইদৰে আজি বজাৰত এক কিলোগ্ৰাম ৰূপৰ দাম হ’ব ১,৫১,০০০ টকা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...