26 Nov 2025 | 10:29 AM
আজি পুনৰ বৃদ্ধি পাইছে সোণ-ৰূপৰ মূল্য। দেশৰ বজাৰত ২৪ কেৰেট সোণৰ ১০ গ্ৰামৰ মূল্য ৮৭০ টকা বৃদ্ধি ১,২৭,৯১০ টকা হৈছে। ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৮০০ টকা বৃদ্ধি ১,১৭,২৫০ টকা হৈছে। ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৬৫০ টকা বৃদ্ধি পাই ৯৫,৯৩০ হৈছে।
গুজ ৰিটাৰ্ণছৰ তথ্য অনুসৰি, আজি গুৱাহাটীত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য হৈছে ১,২৭,৯১০ টকা। যিটো দেশৰ বজাৰৰ সৈতে একে। কালি দিনটোত এই মূল্য আছিল ১,২৭,০৪০ টকা আছিল।
২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য আজিৰ দিনটোত ১,১৭,২৫০ টকা। কালিৰ দিনটো এই মূল্য আছিল ১,১৬,৪৫০ টকা।
ইফালে, ১৮ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯৫,৯৩০ টকা হৈছে। কালিৰ দিনটোত এই মূল্য আছিল ৯৫,২৮০ টকা।
ৰূপৰ মূল্যও আজিৰ দিনটোত বৃদ্ধি পোৱা দেখা গৈছে। ১০০ গ্ৰাম ৰূপৰ মূল্যত ২০০ টকা বৃদ্ধি পাই আজিৰ দিনটোত ১৬,৯০০ টকা হৈছে। ২০০০ টকা বৃদ্ধি পাই প্ৰতি কেজি ৰূপৰ দাম হৈছে ১,৬৯,০০০ টকা।