26 Mar 2025 | 12:57 PM
আজি ২৬ মাৰ্চ বুধবাৰে সোণৰ মূল্য সস্তা হৈ পৰিছে। একেৰাহে তৃতীয় দিনা সোণৰ মূল্য হ্ৰাস পাইছে। দেশৰ বৃহৎ চহৰসমূহত ২৪ কেৰেট সোণৰ মূল্য ৮৯,২০০ টকাৰ ওপৰত আৰু ২২ কেৰেট সোণৰ মূল্য ৮১,৮০০ টকাৰ ব্যৱসায় কৰিছে।
গুড ৰিটাৰ্ণৰ তথ্যনুসৰি, ২৫ মাৰ্চ আৰু ২৪ মাৰ্চত একেৰাহে সোণৰ মূল্য হ্ৰাস পোৱা দেখা গৈছে। আজি প্ৰতি ১০ গ্ৰামত ২২ কেৰেট সোণৰ মূল্য ১০০ টকা বাঢ়ি ৮২,১০০ টকা হৈছে। ইয়াৰ বাহিৰেও প্ৰতি ১০০ গ্ৰামত ২২ কেৰেট সোণৰ হাৰ ১০০০ টকা বৃদ্ধি পাই ৮,২১,০০০ টকা হৈছে।
আজি গুৱাহাটীত ২৪ কেৰেট সোণৰ মূল্য প্ৰায় ৮,৯৪০ টকা প্ৰতি গ্ৰামত, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰায় ৮,১৯৫ টকা প্ৰতি গ্ৰাম।
আজি গুৱাহাটীত ৰূপৰ মূল্য ১০২ টকা আৰু প্ৰতি কিলোগ্ৰাম ১,০২,০০০ টকা হৈছে।
২৫ জানুৱাৰীত গুৱাহাটীত ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰাম প্ৰায় ৮,২৬০.৩ টকা, আনহাতে ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামত প্ৰায় ৭,৫৭৩.৩ টকা হৈছে। ৰূপৰ মূল্যত সামান্য বৃদ্ধি দেখা গৈছিল।