পত্নী-কন্যাসহ গুৱাহাটীত ক্ৰিকেটৰ ভগৱান, ৭ দিন কটাব উত্তৰ-পূবত | God of Cricket Sachin Tendulkar, wife Anjali & daughter Sara arrived in Guwahati on week-long visit to Assam & Meghalaya Assam news - Assam Tv9

পত্নী-কন্যাসহ গুৱাহাটীত ক্ৰিকেটৰ ভগৱান, ৭ দিন কটাব অসম-মেঘালয়ত

Updated On: 

04 Apr 2025 | 12:03 PM

Sachin Tendulkar: গুৱাহাটীত ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ। পৰিয়ালসহ বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ । প্ৰায় ৭ দিনীয়া অসম-মেঘালয় ভ্ৰমণসূচী হাতত লৈ গুৱাহাটীত উপস্থিত হৈছে শচীন আৰু তেওঁৰ পৰিয়াল।

1 / 5উত্তৰ-পূব ভ্ৰমণলৈ ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ। পত্নী অঞ্জলী টেণ্ডুলকাৰ, কন্যা ছাৰা টেণ্ডুলকাৰৰ সৈতে মুম্বাইৰ পৰা আহিছে শচীন। প্ৰায় ৭ দিন কটাব উত্তৰ-পূবত।

উত্তৰ-পূব ভ্ৰমণলৈ ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ। পত্নী অঞ্জলী টেণ্ডুলকাৰ, কন্যা ছাৰা টেণ্ডুলকাৰৰ সৈতে মুম্বাইৰ পৰা আহিছে শচীন। প্ৰায় ৭ দিন কটাব উত্তৰ-পূবত।

2 / 5

বৃহস্পতিবাৰে দুপৰীয়া মুম্বাইৰ পৰা পৰিয়ালসহ বৰঝাৰ বিমানবন্দৰত উপস্থিত হয় শচীন তেণ্ডুলকাৰ। বিমানবন্দৰত শচীন তেণ্ডুলকাৰক উষ্ম আদৰণি জনাই অনুৰাগীয়ে।

3 / 5

প্ৰায় ৭ দিনীয়া অসম-মেঘালয় ভ্ৰমণসূচী হাতত লৈ গুৱাহাটীত শচীন আৰু তেওঁৰ পৰিয়ালে। বিমানবন্দৰৰ পৰা পোনে পোনে মেঘালয়লৈ ৰাওনা হয় কিংবদন্তি ক্ৰিকেটাৰ গৰাকী। দুটা নিশা বৰাপানীত কটাই ৭ এপ্ৰিলত উভতিব অসমলৈ।

4 / 5

৭ আৰু ৮ এপ্ৰিলত কাজিৰঙাত কটাব তেণ্ডুলকাৰে। কাজিৰঙাত জীপ আৰু হাতী ছাফাৰী কৰিব পৰিয়ালটোৱে।

5 / 5

তাৰ পিছত ৯ তাৰিখে শক্তিপীঠ কামাখ্যা দৰ্শন কৰাৰো সম্ভাৱনা। ১০ এপ্ৰিলত পুনৰ মুম্বাইলৈ উভতিব তেণ্ডুলকাৰৰ পৰিয়াল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...