পত্নী-কন্যাসহ গুৱাহাটীত ক্ৰিকেটৰ ভগৱান, ৭ দিন কটাব উত্তৰ-পূবত | God of Cricket Sachin Tendulkar, wife Anjali & daughter Sara arrived in Guwahati on week-long visit to Assam & Meghalaya Assam news - Assam Tv9

পত্নী-কন্যাসহ গুৱাহাটীত ক্ৰিকেটৰ ভগৱান, ৭ দিন কটাব অসম-মেঘালয়ত

Updated On: 

04 Apr 2025 12:03 PM

Sachin Tendulkar: গুৱাহাটীত ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ। পৰিয়ালসহ বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ । প্ৰায় ৭ দিনীয়া অসম-মেঘালয় ভ্ৰমণসূচী হাতত লৈ গুৱাহাটীত উপস্থিত হৈছে শচীন আৰু তেওঁৰ পৰিয়াল।

1 / 5উত্তৰ-পূব ভ্ৰমণলৈ ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ। পত্নী অঞ্জলী টেণ্ডুলকাৰ, কন্যা ছাৰা টেণ্ডুলকাৰৰ সৈতে মুম্বাইৰ পৰা আহিছে শচীন। প্ৰায় ৭ দিন কটাব উত্তৰ-পূবত।

উত্তৰ-পূব ভ্ৰমণলৈ ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ। পত্নী অঞ্জলী টেণ্ডুলকাৰ, কন্যা ছাৰা টেণ্ডুলকাৰৰ সৈতে মুম্বাইৰ পৰা আহিছে শচীন। প্ৰায় ৭ দিন কটাব উত্তৰ-পূবত।

2 / 5

বৃহস্পতিবাৰে দুপৰীয়া মুম্বাইৰ পৰা পৰিয়ালসহ বৰঝাৰ বিমানবন্দৰত উপস্থিত হয় শচীন তেণ্ডুলকাৰ। বিমানবন্দৰত শচীন তেণ্ডুলকাৰক উষ্ম আদৰণি জনাই অনুৰাগীয়ে।

3 / 5

প্ৰায় ৭ দিনীয়া অসম-মেঘালয় ভ্ৰমণসূচী হাতত লৈ গুৱাহাটীত শচীন আৰু তেওঁৰ পৰিয়ালে। বিমানবন্দৰৰ পৰা পোনে পোনে মেঘালয়লৈ ৰাওনা হয় কিংবদন্তি ক্ৰিকেটাৰ গৰাকী। দুটা নিশা বৰাপানীত কটাই ৭ এপ্ৰিলত উভতিব অসমলৈ।

4 / 5

৭ আৰু ৮ এপ্ৰিলত কাজিৰঙাত কটাব তেণ্ডুলকাৰে। কাজিৰঙাত জীপ আৰু হাতী ছাফাৰী কৰিব পৰিয়ালটোৱে।

5 / 5

তাৰ পিছত ৯ তাৰিখে শক্তিপীঠ কামাখ্যা দৰ্শন কৰাৰো সম্ভাৱনা। ১০ এপ্ৰিলত পুনৰ মুম্বাইলৈ উভতিব তেণ্ডুলকাৰৰ পৰিয়াল।

দেহৰ বাবে উপকাৰী দৈ, পিছে এনে খাদ্যবস্তুৰ সৈতে খালে দৈ হ’ব পাৰে বিহৰ সমান
কাহৰ সমস্যাত পাণ-মৌৰ মহৌষধি, কিদৰে সকাহ দিয়ে আপোনাক জানেনে?
কলিযুগত কৰক মাত্ৰ এই ৪ টা কাম! জীৱনত সদায় হ'ব উন্নতি...
আপোনাৰ ইউৰিক এচিডৰ সমস্যা আছে নেকি? এইবোৰ খাদ্য একেবাৰে নাখাব...