এবছৰীয়া পুত্ৰক এৰি ৩২ বছৰতে জীৱন নাট সামৰিলে GMCHৰ চিকিৎসক ডাঃ অনিন্দিতা পাটোৱাৰীয়ে | gmch doctor dr anindita patowary dies at 32 years old Assam news - Assam Tv9

এবছৰীয়া পুত্ৰক এৰি ৩২ বছৰতে জীৱন নাট সামৰিলে GMCHৰ চিকিৎসক ডাঃ অনিন্দিতা পাটোৱাৰীয়ে

Updated On: 

09 Nov 2024 15:41 PM

GMCHৰ মাইক্ৰ’বায়’লজী বিভাগৰ ডেমনষ্ট্ৰেটৰ ডাঃ অনিন্দিতা পাটোৱাৰীৰ মৃত্যু। জাপৰিগোগ কৃষ্ণনগৰ নিবাসী অজিত পাটোৱাৰী আৰু মীনা পাটোৱাৰীৰ কন্যা ডাঃ অনিন্দিতা। মৃত্যুৰ সময়ত ডাঃ অনিন্দিতাৰ বয়স আছিল ৩২ বছৰ।

1 / 5হঠাতে নোহোৱা হ'ল এটি উজ্জ্বল সম্ভাৱনা।  গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মাইক্র'বায়'লজী বিভাগৰ ডেমনষ্ট্ৰেটৰ ডাঃ অনিন্দিতা পাটোৱাৰীৰ অকাল মৃত্যু।

হঠাতে নোহোৱা হ'ল এটি উজ্জ্বল সম্ভাৱনা। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মাইক্র'বায়'লজী বিভাগৰ ডেমনষ্ট্ৰেটৰ ডাঃ অনিন্দিতা পাটোৱাৰীৰ অকাল মৃত্যু।

2 / 5

শনিবাৰে পুৱাৰ ভাগত হেল্থ চিটি হাস্পতালত চিৰদিনলৈ চকু মুদিলে অনিন্দিতাই। বিগত ১০ মাহে কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল অনিন্দিতা।

3 / 5

GMCHৰ মাইক্ৰ’বায়’লজী বিভাগৰ ডেমনষ্ট্ৰেটৰ ডাঃ অনিন্দিতা পাটোৱাৰী। মৃত্যুৰ সময়ত ডাঃ অনিন্দিতাৰ বয়স আছিল ৩২ বছৰ। স্বামী ভাৰ্গৱ কলিতাৰ লগতে এটি এবছৰীয়া পুত্ৰ সন্তান এৰি থৈ গৈছে অনিন্দিতাই।

4 / 5

জীয়াই থাকিবলৈ আপ্রাণ চেষ্টা কৰিছিল অনিন্দিতাই । জীৱন যুদ্ধত জিকিবলৈ নিজৰ লগতে পৰিয়ালৰ আপ্রাণ চেষ্টাৰ পাছতো অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে চিকিৎসকগৰাকীয়ে।

5 / 5

সৰুৰে পৰা অতি মেধাৱী ছাত্ৰী আছিল ডাঃ পাটোৱাৰী। সংগীত আৰু সত্ৰীয়া নৃত্যৰ শিল্পী হিচাপেও তেওঁ সুকীয়া পৰিচয় লাভ কৰিছিল।

কিয় প্ৰতিখন দেশে প্ৰস্তুত কৰিব নোৱাৰে পাৰমাণৱিক অস্ত্ৰ? জানক কাৰণ...
আওকাণ নকৰিব, দিনৰ ভাগত টোপনি যোৱাৰ অভ্যাস স্বাস্থ্যৰ বাবে কিয় বিপদজনক ? জানক
আনাৰসৰ স্বাস্থ্য উপকাৰিতা: এই গ্রীষ্মমণ্ডলীয় ফলটো আপোনাৰ খাদ্যত কিয় ঠাই পোৱাৰ যোগ্য ?
হালধিৰ আছে বহু উপকাৰী গুণ, জানক সকলো...