ঋষভ পণ্টৰ Somersault উদযাপন বন্ধ কৰিলে গৌতম গম্ভীৰে, কিন্তু কিয়? | Gautam Gambhir stops Rishabh Pant's Somersault celebration, but why? Assam news - Assam Tv9

ঋষভ পণ্টৰ Somersault উদযাপন বন্ধ কৰিলে গৌতম গম্ভীৰে, কিন্তু কিয়?

Published: 

26 Jun 2025 21:43 PM

টিম ইণ্ডিয়াই লিডছ টেষ্টত পৰাস্ত হ’ব পাৰে, কিন্তু এই মেচত দুয়োটা ইনিংছতে শতক অৰ্জন কৰে ঋষভ পণ্টে। কিন্তু এতিয়া পণ্টৰ শতকীয় ইনিংছক লৈ এটা ডাঙৰ প্ৰকাশ হৈছে।

1 / 5লিডছ টেষ্টত ইতিহাস ৰচিলে ঋষভ পণ্টে। এইগৰাকী খেলুৱৈয়ে টেষ্টৰ দুয়োটা ইনিংছতে শতক অৰ্জন কৰে। কিন্তু তেওঁৰ শতকীয় ইনিংছৰ পিছত এতিয়া পোহৰলৈ আহিছে এক আমোদজনক তথ্য। (PC-PTI)

লিডছ টেষ্টত ইতিহাস ৰচিলে ঋষভ পণ্টে। এইগৰাকী খেলুৱৈয়ে টেষ্টৰ দুয়োটা ইনিংছতে শতক অৰ্জন কৰে। কিন্তু তেওঁৰ শতকীয় ইনিংছৰ পিছত এতিয়া পোহৰলৈ আহিছে এক আমোদজনক তথ্য। (PC-PTI)

2 / 5

ঋষভ পন্টে যেতিয়াই শতক অৰ্জন কৰে তেতিয়াই ছামাৰচাল্ট কৰি উদযাপন কৰে। লিডছ টেষ্টৰ প্ৰথম ইনিংছতো তেওঁ একে কাম কৰিছিল যদিও দ্বিতীয় ইনিংছত ছামাৰচাল্ট কৰা নাছিল আৰু ইয়াৰ ফলত তেওঁৰ অনুৰাগীসকল অতি আচৰিত হৈছিল। (PC-PTI)

3 / 5

লিডছৰ খেলত কিংবদন্তি বেটছমেন তথা প্ৰাক্তন অধিনায়ক সুনীল গাভাস্কাৰে পণ্টক ছামাৰচল্ট কৰিবলৈ অনুৰোধ জনোৱা দেখা গৈছিল। কিন্তু খেলুৱৈগৰাকীয়ে ইংগিতেৰে সেইটো কৰিবলৈ অস্বীকাৰ কৰিছিল। (PC-PTI)

4 / 5

প্ৰতিবেদন অনুসৰি, মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ বাহিৰে আন কোনোৱেই ঋষভ পণ্টক ছমাৰচল্ট কৰাত বাধা দিয়া নাছিল। যদিও ইয়াৰ কোনো আনুষ্ঠানিক নিশ্চয়তা পোৱা নাই, তথাপিও কোৱা হৈছে যে গম্ভীৰৰ বাহিৰে আন কোনোৱে এই কাম কৰিব নোৱাৰে। (PC-PTI)

5 / 5

কোৱা হৈছে যে, গৌতম গম্ভীৰৰ ঋষভ পন্টৰ উদযাপনক আঘাতৰ আমন্ত্ৰণ দিয়া যেন লাগে। এনেকৈ উদযাপন কৰি পন্টে নিজকে আঘাত কৰাটো তেওঁ নিবিচাৰে। গৌতম গম্ভীৰে বিশ্বাস কৰে যে, এই খেলত পণ্টে টিম ইণ্ডিয়াৰ আটাইতকৈ সফল বেটছমেন হিচাপে প্ৰমাণ কৰিব পাৰে। (PC-PTI)

দেশৰ সাধাৰণ লোকতকৈ পৃথক শ্বাহৰুখৰ পাছপ’ৰ্ট! কি ক্ষেত্ৰত পৃথক আৰু আঁৰৰ কাৰণ কি জানেনে?
হাতৰ তলুৱা সঘনাই ঘামে নেকি? এয়া কিহৰ লক্ষণ
খালী পেটত এই কেইবিধ খাদ্য ভুলতেও নাখাব, বিপদ অনিবাৰ্য!
খাহী ছাগলী আৰু পঠা ছাগলীৰ পাৰ্থক্য জানেনে? কোনবিধ ছাগলীৰ মাংস অধিক সুস্বাদু?