আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন, ১৮টা পদত ৪৫ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দিতা | Gauhati University PGSU Elections 2025-26: Polling Day GU PGSU election today 45 Contestantsto Contest Across 18 Posts Assam news - Assam Tv9

আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন, ১৮টা পদত ৪৫ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দিতা

Updated On: 

13 Oct 2025 14:51 PM

PGSU Elections 2025-26: এই নিৰ্বাচনত সৰ্বমুঠ ১৮টা পদত ৪৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। ইয়াৰে সভাপতি পদত ৩ গৰাকী আৰু উপ-সভাপতি পদত ২ গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দিতাত নামিছে। আনহাতে সাধাৰণ সম্পাদক পদত ২ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে।

1 / 5আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাকৰিত অনুষ্ঠিত হৈছে স্নাতকোত্তৰ ছাত্ৰ সন্থা (GUPGSU) ২০২৫-২৬ বৰ্ষৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ। ছাত্ৰ জিৰণি কোঠা, কলা ভৱন আৰু নতুন শৈক্ষিক ভৱনৰ মুঠ চাৰিটা কেন্দ্ৰত পুৱা ৯ বজাৰে পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ।

আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাকৰিত অনুষ্ঠিত হৈছে স্নাতকোত্তৰ ছাত্ৰ সন্থা (GUPGSU) ২০২৫-২৬ বৰ্ষৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ। ছাত্ৰ জিৰণি কোঠা, কলা ভৱন আৰু নতুন শৈক্ষিক ভৱনৰ মুঠ চাৰিটা কেন্দ্ৰত পুৱা ৯ বজাৰে পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ।

2 / 5

এই নিৰ্বাচনত সৰ্বমুঠ ১৮টা পদত ৪৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। ইয়াৰে সভাপতি পদত ৩ গৰাকী আৰু উপ-সভাপতি পদত ২ গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দিতাত নামিছে। আনহাতে সাধাৰণ সম্পাদক পদত ২ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে।

3 / 5

এইবাৰ স্নাতক মহলাৰ শিক্ষাৰ্থীক পোনপ্ৰথমবাৰৰ বাবে ভোটদান কৰাৰ লগতে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ সুযোগ দিয়া হৈছে। যাৰ বাবে এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাত থাকিব দুটাকৈ সহকাৰী সম্পাদকৰ পদ।

4 / 5

ইয়াৰে স্নাতকোত্তৰ শাখাৰ সহকাৰী সম্পাদক আৰু স্নাতক শাখাৰ সহকাৰী সম্পাদকৰ পদত ৩ গৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। ইয়াৰোপৰি সুকুমাৰ কলা আৰু ক্ৰীড়া সম্পাদকৰ পদ দুটা স্নাতক মহলাৰ বাবে সংৰক্ষিত ৰখা হৈছে।

5 / 5

ইফালে কাইলৈ অৰ্থাৎ ১৪ অক্টোবৰত নিৰ্বাচনৰ ভোটগণনা আৰু ফলাফল ঘোষণা কৰা হ’ব। উল্লেখ্য যে এইবাৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ আটাইকেইটা পদতেই আছু, এনএছইউআই, এবিভিপি,অসম ছাত্ৰ পৰিষদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগতে নিৰ্দলীয়ভাৱেও বহু প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে।

মহিলাসকলে কিয় কম বয়সীয়া পুৰুষৰ সৈতে সম্পৰ্ক গঢ়িব বিচাৰে? ইয়াৰ কাৰণ জানক
প্ৰটিনৰ অভাৱ হ'লে শৰীৰত কি কি লক্ষণে দেখা দিয়ে? জানক...
মৰ্ণিং ৱাকৰ বাবে খালী পেটেৰেই যায় নেকি? সাৱধান, এই চাৰিটা ভুল কৰিলে পৰিব বিপদত
পান কাৰ্ড হেৰাই গ'লে কি কৰিব? কেনেকৈ পাব ডুপ্লিকেট বা নতুন পান কাৰ্ড? সবিশেষ জানক