ক্ৰিকেট বিশ্বত দপদপনি তোলা এই ৫ ভাৰতীয় তাৰকাই কেতিয়াও জয় কৰা নাছিল বিশ্বকাপ | From Ganguly to Dravid: Indian Cricket Legends Who Never Tasted World Cup Glory Assam news - Assam Tv9

ক্ৰিকেট বিশ্বত দপদপনি তোলা এই ৫ ভাৰতীয় তাৰকাই কেতিয়াও জয় কৰা নাছিল বিশ্বকাপ

Published: 

22 Jul 2025 17:30 PM

ভাৰতীয় দলে এইপৰ্যন্ত চাৰিবাৰকৈ জয় কৰিছে বিশ্বকাপ। ১৯৮৩ আৰু ২০১১ চনত দুবাৰ এদিনীয়া বিশ্বকাপ জয় কৰাৰ লগতে ২০০৭ আৰু ২০২৪ চনত টি-২০ বিশ্বকাপ জয় কৰিছে ভাৰতে। পিছে ভাৰতীয় দলৰ কেইগৰাকীমান কিংবদন্তি তাৰকাই বিশ্বকাপত এবাৰো চুম্বন দিয়াৰ সুযোগ লাভ নকৰিলে।

1 / 5ভাৰতীয় ক্ৰিকেট ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ অধিনায়ক সৌৰভ গাংগুলী। পিছে নিজ কেৰিয়াৰত তেওঁ এবাৰো বিশ্বকাপ জয় কৰিবলৈ সক্ষম নহ’ল। বিশ্বকাপৰ ২১খন খেলত গাংগুলীয়ে ৫৫.৮৮ গড়ে ১০০৬ ৰান সংগ্ৰহ কৰিছিল। লক্ষণীয়ভাৱে ২০০৩ চনত গাংগুলীৰ নেতৃত্বতে ভাৰতে বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছিল যদিও ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈছিল।

ভাৰতীয় ক্ৰিকেট ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ অধিনায়ক সৌৰভ গাংগুলী। পিছে নিজ কেৰিয়াৰত তেওঁ এবাৰো বিশ্বকাপ জয় কৰিবলৈ সক্ষম নহ’ল। বিশ্বকাপৰ ২১খন খেলত গাংগুলীয়ে ৫৫.৮৮ গড়ে ১০০৬ ৰান সংগ্ৰহ কৰিছিল। লক্ষণীয়ভাৱে ২০০৩ চনত গাংগুলীৰ নেতৃত্বতে ভাৰতে বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছিল যদিও ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈছিল।

2 / 5

ভাৰতৰ আন এগৰাকী সফল অধিনায়ক মহম্মদ আজাহাৰউদ্দিনো আছে এই তালিকাত। বিশ্বকাপৰ ৩০খন খেলত তেওঁ ৩৯.৩৩ গড়ে ৮২৬ ৰান সংগ্ৰহ কৰে। প্ৰাক্তন তাৰকাগৰাকীয়ে ১৯৯২, ১৯৯৬ আৰু ১৯৯৯ চনৰ এদিনীয়া বিশ্বকাপত ভাৰতীয় দলক নেতৃত্ব প্ৰদান কৰিছিল। কিন্তু তেওঁৰ বিশ্বকাপ জয়ৰ আশা অপূৰ্ণ হৈ ৰয়।

3 / 5

আন এগৰাকী অধিনায়ক তথা ক্ৰিকেট ইতিহাসৰ এগৰাকী কিংবদন্তি তাৰকা ৰাহুল দ্ৰাবিড়ৰ নামো এই তালিকাত আছে। ২০০৭ চনৰ এদিনীয়া বিশ্বকাপত ভাৰতীয় অধিনায়কৰ দায়িত্ব পালন কৰা দ্ৰাবিড়ে বিশ্বকাপৰ ২২খন মেচ খেলি ৬১.৪২ গড়ে ৮৬০ ৰান সংগ্ৰহ কৰিছিল। ১৯৯৯, ২০০৩ আৰু ২০০৭ চনত তেওঁ এদিনীয়া বিশ্বকাপ খেলিছিল যদিও বিশ্বকাপ জয়ৰ সাফল্য অৰ্জন কৰিব পৰা নাছিল।

4 / 5

বিশ্বৰ ক্ৰিকেট ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ স্পিনাৰ অনিল কুম্বলেও আছে এই তালিকাত। বিশ্বকাপৰ ১৮খন মেচত কুম্বলেই ২২.৮৪ বলিং গড়ে ৩১টা উইকেট দখল কৰিছিল। ১৯৯৬, ১৯৯৯ আৰু ২০০৩ চনৰ বিশ্বকাপত কুম্বলে ভাৰতীয় বলিং আক্ৰমণৰ অন্যতম হোতা আছিল। কিন্তু বিশ্বকাপ জয়ত সফল নহ’ল কিংবদন্তি স্পিনাৰগৰাকী।

5 / 5

ক্ৰিকেট বিশ্বত ‘মিষ্টাৰ আইচিচি’ হিচাপে খ্যাত প্ৰাক্তন তাৰকা শিখৰ ধাৱান। বিশ্বকাপৰ ১০খন মেচত তেওঁ ৫৩.৭০ গড়ে ৫৩৭ ৰান সংগ্ৰহ কৰিছিল। ভাৰতীয় দলৰ ২০১৩ চনৰ চেম্পিয়নছ ট্ৰফী জয়ত তেওঁ অনন্য ভূমিকা লৈছিল যদিও বিশ্বকাপত সফল প্ৰদৰ্শনৰ পিছতো ধাৱানে বিশ্বকাপৰ ট্ৰফীত চুম্বন দিব পৰা নাছিল।

এই মাৰাত্মক ভুলবোৰ নকৰিব ! সাপে কামোৰাৰ পাছত প্ৰথম ১০ মিনিটত কি কৰিব লাগে? জানক
ভগৱান বিষ্ণুৰ প্ৰিয় এই ৩ ৰাশিৰ লোক, কেতিয়াও নহয় ধনৰ অভাৱ!
হঠাৎ কিয় ছ'চিয়েল মিডিয়া ইনফ্লুয়েঞ্চাৰ ৰাজীৱ কলিতাই ল'লে চৰম পন্থা?
বদহজম, ভোক কমি যোৱাৰ পৰা ওজন হ্ৰাসলৈকে, পেটৰ কৰ্কট ৰোগৰ ৫টা প্ৰাৰম্ভিক লক্ষণ কি কি? জানক