উচ্ছেদিত ভূমি সংৰক্ষণৰ বাবে উল্লেখনীয় পদক্ষেপ, ৩ লাখ গছপুলি ৰোপন বন বিভাগৰ Assam news - Assam Tv9

উচ্ছেদিত ভূমি সংৰক্ষণৰ বাবে উল্লেখনীয় পদক্ষেপ, ৩ লাখ গছপুলি ৰোপন বন বিভাগৰ

Updated On: 

26 Aug 2025 | 02:51 PM

বনবিভাগ আৰু প্ৰশাসনে গোৱালপাৰা পাইকান সংৰক্ষিত বনাঞ্চলৰ ভুমি বেদখলমুক্ত কৰিছিল৷ উক্ত বেদখলমুক্ত অঞ্চলত বন বিভাগে আৰম্ভ কৰিছে গছপুলি ৰোপণ। ১৩৮ হেক্টৰ ভূমিত ৩ লাখ গছপুলি ৰোপনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৷

1 / 5ৰাজ্যত অব্যাহত আছে প্ৰশাসনৰ উচ্ছেদ অভিযান। অবৈধ বেদখলকাৰীক খেদিবলৈ এফালৰ পৰা চলাই গৈছে বুলড'জাৰ।

ৰাজ্যত অব্যাহত আছে প্ৰশাসনৰ উচ্ছেদ অভিযান। অবৈধ বেদখলকাৰীক খেদিবলৈ এফালৰ পৰা চলাই গৈছে বুলড'জাৰ।

2 / 5

১২ জুলাইত জিলা বনবিভাগ আৰু প্ৰশাসনে ১৩৮ হেক্টৰ ভুমি বেদখলমুক্ত কৰিছিল৷ উচ্ছেদস্থলীত হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ লগতে উচ্ছেদিতৰ আক্ৰমণত আহত হৈছিল বনবিভাগৰ লোকৰ লগতে আৰক্ষীৰ জোৱানো৷

3 / 5

মৃত্যুৰ মুখতো পৰিছিল এগৰাকী ব্যক্তি ৷ বৰ্তমান এই পৰিস্থিতি প্ৰশাসনে নিয়ন্ত্ৰণলৈ আহিছে । ইয়াৰ মাজতে বনবিভাগে গ্ৰহণ কৰিছে উল্লেখনীয় পদক্ষেপ।

4 / 5

উক্ত বেদখলমুক্ত অঞ্চলত বন বিভাগে আৰম্ভ কৰিছে গছপুলি ৰোপণ। ১৩৮ হেক্টৰ ভূমিতে গছপুলি ৰোপণৰ কাম আৰম্ভ কৰা হৈছে ৷

5 / 5

৩ লাখ গছপুলি ৰোপনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৷ এই গছপুলি ৰোপণৰ জৰিয়তে অঞ্চলটোত হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ লগতে অঞ্চলটো সেউজীয়া কৰি প্ৰদুষণমুক্ত অঞ্চল হিচাবে গঢ়ি তুলিব বন বিভাগে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...