টেষ্ট-এদিনীয়াত দ্বিশতক অৰ্জন কৰা ৫ গৰাকী ক্ৰিকেটাৰ, তালিকাত আছে ৪ ভাৰতীয়ৰ নাম | Five Cricketers Who Scored Double Centuries in Tests and ODIs Four are Indians Assam news - Assam Tv9

টেষ্ট-এদিনীয়াত দ্বিশতক অৰ্জন কৰা ৫ গৰাকী ক্ৰিকেটাৰ, তালিকাত আছে ৪ ভাৰতীয়

Updated On: 

05 Jul 2025 21:31 PM

এডজবাষ্টন টেষ্টত অধিনায়ক শুভমন গিলে প্ৰথম ইনিংছত এক উজ্জ্বল দ্বিশতক অৰ্জন কৰি ইতিহাসৰ সৃষ্টি কৰে। এদিনীয়া মেচটো তেওঁ দ্বিশতক অৰ্জন কৰিছে। ইয়াৰ পূৰ্বেও এই দুয়োটা ফৰ্মেটতে এই কৃতিত্ব লাভ আন কৰা চাৰিজন খেলুৱৈ আছে। এই তালিকাত ৪ ভাৰতীয়কো অন্তৰ্ভুক্ত কৰা হৈছে।

1 / 6ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্ট মেচত ভাৰতীয় অধিনায়ক শুভমন গিলে প্ৰথম ইনিংছত এক উজ্জ্বল দ্বিশতক অৰ্জন কৰি বহু অভিলেখ গঢ়িবলৈ সক্ষম হয়। তেওঁ SENA দেশসমূহত দ্বিশতক অৰ্জন কৰা প্ৰথমজন এছিয়ান খেলুৱৈ হিচাপে পৰিগণিত হৈছে। শুভমনে ২৬৯ ৰানৰ ইনিংছ খেলি টেষ্ট আৰু এদিনীয়া দুয়োটা ফৰ্মেটতে দ্বিশতক অৰ্জন কৰা নিৰ্বাচিত ক্ৰিকেটাৰসকলৰ ভিতৰত নিজৰ স্থান দখল কৰিছে। এই তালিকাত চাৰিজন ভাৰতীয়ৰ নাম আছে।  (Photo-PTI)

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্ট মেচত ভাৰতীয় অধিনায়ক শুভমন গিলে প্ৰথম ইনিংছত এক উজ্জ্বল দ্বিশতক অৰ্জন কৰি বহু অভিলেখ গঢ়িবলৈ সক্ষম হয়। তেওঁ SENA দেশসমূহত দ্বিশতক অৰ্জন কৰা প্ৰথমজন এছিয়ান খেলুৱৈ হিচাপে পৰিগণিত হৈছে। শুভমনে ২৬৯ ৰানৰ ইনিংছ খেলি টেষ্ট আৰু এদিনীয়া দুয়োটা ফৰ্মেটতে দ্বিশতক অৰ্জন কৰা নিৰ্বাচিত ক্ৰিকেটাৰসকলৰ ভিতৰত নিজৰ স্থান দখল কৰিছে। এই তালিকাত চাৰিজন ভাৰতীয়ৰ নাম আছে। (Photo-PTI)

2 / 6

এই তালিকাত প্ৰথম নাম আছে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ। এদিনীয়া মেচত দ্বিশতক অৰ্জন কৰা বিশ্বৰ প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হৈছিল মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ। ২০১০ চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তেওঁ এই কৃতিত্ব অৰ্জন কৰিছিল।এই সময়ছোৱাত তেওঁ অপৰাজিত ২০০ ৰান সংগ্ৰহ কৰিছিল। টেষ্টত ৬টা ডাবল চেঞ্চুৰী অৰ্জন কৰিছে শচীনে। ইয়াত তেওঁৰ সৰ্বোচ্চ স্ক’ৰ হৈছে ২৪৮ ৰান নট আউট। (Photo-Rebecca Naden/PA Images via Getty Images)

3 / 6

টীম ইণ্ডিয়াৰ প্ৰাক্তন বিস্ফোৰক বেটছমেন বীৰেন্দ্ৰ ছেহৱাগকো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। ২০১১ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া খেলত তেওঁ দ্বিশতক অৰ্জন কৰিছিল। ২১৯ ৰানৰ ইনিংছ খেলিছিল ছেহৱাগে। টেষ্ট ক্ৰিকেটত তেওঁৰ দুটা ট্ৰিপল চেঞ্চুৰী আছে। তেওঁ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৩১৯ ৰান আৰু পাকিস্তানৰ বিৰুদ্ধে ৩০৯ ৰানৰ ইনিংছ খেলিছিল। ইয়াৰ বাহিৰেও তেওঁ টেষ্টত ৪ বাৰকৈ দ্বিশতক অৰ্জন কৰিছে। Photo-Santosh Harhare/Hindustan Times via Getty Images)

4 / 6

টীম ইণ্ডিয়াৰ অ’পেনিং বেটছমেন ৰোহিত শৰ্মায়ো এদিনীয়া আৰু টেষ্টত দ্বিশতক অৰ্জন কৰিছে। এদিনীয়াত সৰ্ববৃহৎ ইনিংছ খেলাৰ অভিলেখো তেওঁৰ হাতত আছে। ২০১৪ চনত শ্ৰীলংকাৰ বিৰুদ্ধে ২৬৪ ৰান সংগ্ৰহ কৰি এদিনীয়া মেচত সৰ্বাধিক তিনিটা দ্বিশতক অৰ্জন কৰিছে। টেষ্ট ক্ৰিকেটত এবাৰ ডাবল চেঞ্চুৰী অৰ্জন কৰিছে ৰোহিতে। ২০১৯ চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তেওঁ ২১২ ৰান সংগ্ৰহ কৰে। (Photo-Pankaj Nangia/Getty Images)

5 / 6

এদিনীয়া আৰু টেষ্ট ক্ৰিকেটত দ্বিশতক অৰ্জন কৰা একমাত্ৰ বিদেশী খেলুৱৈ ক্ৰীছ গেইল। ২০১৫ চনত এদিনীয়া ক্ৰিকেটত জিম্বাবুৱেৰ বিৰুদ্ধে ২১৫ ৰান সংগ্ৰহ কৰিছিল।একে সময়তে টেষ্ট ক্ৰিকেটত তেওঁৰ নামত দুটা ট্ৰিপল চেঞ্চুৰী আছে। ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন অ’পেনাৰগৰাকীয়ে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৩১৭ আৰু শ্ৰীলংকাৰ বিৰুদ্ধে ৩৩৩ ৰান সংগ্ৰহ কৰি উজ্জ্বল ইনিংছ খেলিছিল। (Photo-Mark Nolan/Getty Images)

6 / 6

এতিয়া ভাৰতীয় টেষ্ট দলৰ অধিনায়ক শুভমন গিলেও এই তালিকাত যোগদান কৰিছে। ২০২৩ চনত নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়াত ২০৮ ৰানৰ দ্ৰুত ইনিংছ খেলি এদিনীয়াত দ্বিশতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া বেটছমেন হিচাপে পৰিগণিত হয় গিল। ইয়াৰ পিছত ইংলেণ্ডৰ বিৰুদ্ধে এডজবাষ্টন টেষ্টত ২৬৯ ৰানৰ ইনিংছ খেলি তেওঁ নতুন ইতিহাসৰ সৃষ্টি কৰে। (Photo-Surjeet Yadav/MB Media/Getty Images)

ভ্ৰমণৰ ফলত কি কি লাভ হয়? জানি আচৰিত হ'ব আপুনি
এই লক্ষণবোৰে দেখা দিলে সাৱধান হওক, হঠাতে বন্ধ হৈ যাব পাৰে হৃদযন্ত্ৰ...
হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ কি কি খাব লাগে? ডায়েটিচিয়ানে ক'লে...
দুপৰীয়া খাদ্য খোৱাৰ পিছত টোপনি যায় নেকি? ভাল নে বেয়া জানক...