মহানগৰীত বিধ্বংসী অগ্নিকাণ্ড! চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত ভস্মীভূত হয় কেইবাটাও বাসগৃহ | Fire incident at guwahati aryanagar cylinder explosion Assam news - Assam Tv9

মহানগৰীত বিধ্বংসী অগ্নিকাণ্ড! চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত ভস্মীভূত হয় কেইবাটাও বাসগৃহ

Updated On: 

18 Sep 2024 | 03:09 PM

গুৱাহাটীৰ ৰিহাবাৰী আৰ্যনগৰত বিধ্বংসী অগ্নিকাণ্ড ৷ প্ৰায় চাৰিটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হৈ জুইৰ সূত্রপাত । নিমিষতে জুইৰ লেলিহান শিখাই আগুৰি ধৰে অঞ্চলটো। অগ্নিকাণ্ডৰ পাছতে অঞ্চলটোত এক হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয়।

1 / 5গুৱাহাটীৰ আৰ্যনগৰত বিধ্বংসী অগ্নিকাণ্ড। ৰন্ধন গেছৰ কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত । ঘটনাক কেন্দ্ৰ কৰি আতংকময় পৰিৱেশে বিৰাজ কৰিছে অঞ্চলটোত।

গুৱাহাটীৰ আৰ্যনগৰত বিধ্বংসী অগ্নিকাণ্ড। ৰন্ধন গেছৰ কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত । ঘটনাক কেন্দ্ৰ কৰি আতংকময় পৰিৱেশে বিৰাজ কৰিছে অঞ্চলটোত।

2 / 5

গুৱাহাটীৰ ৰিহাবাৰী আৰ্যনগৰত সংঘটিত হয় অগ্নিকাণ্ড ৷ প্ৰায় চাৰিটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হৈ জুইৰ সূত্রপাত । নিমিষতে জুইৰ লেলিহান শিখাই আগুৰি ধৰে অঞ্চলটো।

3 / 5

ক’লা ধোঁৱাই ছানি ধৰে সমগ্ৰ অঞ্চল ৷ অগ্নিকাণ্ডৰ পাছতে অঞ্চলটোত এক হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয়। বাসগৃহকে ধৰি লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হৈছে অগ্নিকাণ্ডত।

4 / 5

জুইত দুখন ই-ৰিক্সা, এখন মটৰ চালিত ৰিক্সা আৰু পাঁচখন চাইকেল সম্পূৰ্ণৰূপে ভস্মীভূত হয় এই অগ্নিকাণ্ডত। ১০ মিনিটৰ ভিতৰতে জুইত ভস্মীভূত হয় ৮-১০টাকৈ বাসগৃহ। লগতে থকা এটা মছজিদৰ বহু সামগ্ৰীও জুইত জাহ যায়।

5 / 5

ঘটনাস্থলীত কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ এই অগ্নিকাণ্ডত পৰিয়ালকেইটাৰ সোণৰ অলংকাৰ, নথি-পত্ৰকে ধৰি সকলো সম্পত্তি জ্বলি ছাই হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...