দাউদাউকৈ জ্বলিল এটি বাসগৃহ, সা-সম্পত্তিৰ লগতে নিঃশেষ এজন বৃদ্ধৰ প্ৰাণ | Fire breaks out at residential area in Guwahati Hengrabari Assam news - Assam Tv9

দাউদাউকৈ জ্বলিল এটি বাসগৃহ, সা-সম্পত্তিৰ লগতে নিঃশেষ এজন বৃদ্ধৰ প্ৰাণ

Published: 

29 Nov 2025 | 05:36 PM

মহানগৰীৰ হেঙেৰাবাৰীৰ অৰুণোদয় পথত শনিবাৰে সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড ৷ এটা বাসগৃহৰ পৰা সূত্ৰপাত হোৱা জুয়ে পলকতে সকলো শেষ কৰি দিয়ে। এই অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হয় এজন বৃদ্ধৰ ৷

1 / 5হেঙেৰাবাৰীৰ কালী মন্দিৰৰ সমীপৰ অৰুণোদয় পথত ভয়ংকৰ অগ্নিকাণ্ড! এটা ভাড়াঘৰৰ পৰা সূত্ৰপাত হয় জুইৰ।

হেঙেৰাবাৰীৰ কালী মন্দিৰৰ সমীপৰ অৰুণোদয় পথত ভয়ংকৰ অগ্নিকাণ্ড! এটা ভাড়াঘৰৰ পৰা সূত্ৰপাত হয় জুইৰ।

2 / 5

কিন্তু চকুৰ পলকতে জুইৰ লেলিহান শিখাই আগুৰি ধৰে চৌদিশ। জুইত ভস্মীভূত কেইবাখনো বাহন, লগতে নষ্ট হয় কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি।

3 / 5

বাসগৃহৰ ভিতৰত অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাৱটি লয় ৯৮বছৰীয়া ধৰ্মেশ্বৰ বনিয়া নামৰ ব্যক্তিজনে। মৃত্যুৰ সময়ত তেওঁৰ বয়স ৯৮ বছৰ আছিল বুলি জানিব পৰা গৈছে।

4 / 5

তথ্যনুসৰি, ঘৰটোত থকা সকলো লোক বাহিৰলৈ ওলাই গৈছিল বৃদ্ধ ব্যক্তিজনক ঘৰত থৈ। ব্যক্তিজনে খোজ কাঢ়িব নোৱাৰে সেয়ে নাতিনীয়েকে ডাইপাৰ আনিবলৈ গৈছিল, সেই সময়তে সংঘটিত হয় এই ভয়ংকৰ ঘটনা।

5 / 5

পুত্ৰ-বোৱাৰীৰ অৱহেলা দেখি কন্যাই লৈ আহিছিল নিজ গৃহলৈ। ধেমাজিৰ পৰা আনি গুৱাহাটীতে চিকিৎসাৰ বাবে ৰাখিছিল কন্যাই। কিন্তু নিয়তিৰ পৰিহাস, কন্যাৰ গৃহতে পিতৃ কৰুণ মৃত্যুক সাবটি লয়। পিছত ঘটনাস্থলীত উপস্থিত হোৱা দিছপুৰস্থ অগ্নিনিৰ্বাপকৰ বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা কৰে যদিও ইতিমধ্যেই বিধ্বংসী জুইত ভস্মীভূত হয় বাসগৃহটো ৷

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...