নামৰূপ সাৰ কাৰখানত বিধ্বংসী অগ্নিকাণ্ড, সম্পূৰ্ণৰূপে ভস্মীভূত হয় এয়াৰ কম্পেছৰ | Fire at Namrup urea plant Dibrugarh flames under control Assam news - Assam Tv9

নামৰূপ সাৰ কাৰখানত বিধ্বংসী অগ্নিকাণ্ড, সম্পূৰ্ণৰূপে ভস্মীভূত হয় এয়াৰ কম্পেছৰ

Published: 

08 Dec 2025 | 09:57 AM

উল্লেখ্য যে, ২১ ডিচেম্বৰত সাৰ কাৰখানা নতুন গোটৰ আধাৰশিলা স্থাপন কৰিবলৈ নামৰূপত উপস্থিত হ’ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । নতুন গোটটো নিৰ্মান হ’বলৈ প্ৰায় চাৰি-পাঁচ বছৰৰ প্ৰয়োজন।

1 / 5নামৰূপ সাৰ কাৰখানাৰ উৎপাদনক্ষম হৈ থকা তৃতীয় গোটত বিধ্বংসী অগ্নিকাণ্ড। প্ৰাপ্ত তথ্য অনুসৰি গোটটোৰ এমনিয়া প্লান্টৰ Process Air Compressorত সন্ধিয়াৰ সময়ত অগ্নিকাণ্ড সংঘটিত হয়।

নামৰূপ সাৰ কাৰখানাৰ উৎপাদনক্ষম হৈ থকা তৃতীয় গোটত বিধ্বংসী অগ্নিকাণ্ড। প্ৰাপ্ত তথ্য অনুসৰি গোটটোৰ এমনিয়া প্লান্টৰ Process Air Compressorত সন্ধিয়াৰ সময়ত অগ্নিকাণ্ড সংঘটিত হয়।

2 / 5

জুইৰ লেলিহান শিখাৰে আৱৰি ধৰে গোটটো। অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতেই প্ৰায় ৪৫ মিনিটৰ অন্তত অগ্নিনিৰ্বাপক বাহিনী, নিকৱৰ্তী এপিল, নাহৰকটীয়া ৰাজ্যিক অগ্নিোনিৰ্বাপক বাহিনী, দুলীয়াজান অইল , থাৰ্মেলৰ অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপিত হয়।

3 / 5

সাৰ কাৰখানাৰ বিষয়া পংকজ গগৈৰ ভাষ্য অনুসৰি সৌভাগ্যক্ৰমে উক্ত দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই। লগতে এতিয়ালৈকে ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই । এক সুত্ৰৰ তথ্য অনুসৰি অগ্নিকাণ্ডৰ ফলত তৃতীয় গোটৰ এয়াৰ কম্পেছৰ সম্পূৰ্ণৰূপে জ্বলি যায়। অগ্নিকাণ্ড সংঘটিত হোৱা ক্ষন্তেক সময়ত ভিতৰতে অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হোৱাৰ বাবেই এটা বৃহৎ অঘটনৰ পৰা ৰক্ষা পৰে নামৰূপ চহৰ ৷

4 / 5

উল্লেখ্য যে, ২১ ডিচেম্বৰত সাৰ কাৰখানা নতুন গোটৰ আধাৰশিলা স্থাপন কৰিবলৈ নামৰূপত উপস্থিত হ’ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । নতুন গোটটো নিৰ্মান হ’বলৈ প্ৰায় চাৰি-পাঁচ বছৰৰ প্ৰয়োজন।

5 / 5

এই সময়ছোৱাত নতুন গোট সম্পূৰ্ণ নোহোৱা পৰ্যন্ত ইয়াত কৰ্মৰত প্ৰায় চাৰি শতাধিক স্থায়ী বিষয়া- কৰ্মচাৰী আৰু প্ৰায় ১২০০ অস্থায়ী কৰ্মচাৰীৰ ভৱিষ্যত এই তৃতীয় গোটৰ ওপৰতে নিৰ্ভৰশীল ৷ সেয়ে এই দুৰ্ঘটনাই নামৰূপৰ জনতালৈ এক শংকা কঢ়িয়াই আনিছে ৷

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...