পাপনৰ আজি জন্মদিন, ৪৯ বছৰত ভৰি দিলে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে... | famous singer papon mahanta birthday today know about him in assamese Assam news - Assam Tv9

পাপনৰ আজি জন্মদিন, ৪৯ বছৰত ভৰি দিলে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে…

Published: 

24 Nov 2024 11:26 AM

জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তৰ আজি জন্মদিন। ৪৯ বছৰ বয়সত ভৰি দিলে পাপনে। জন্মদিন উপলক্ষে অনুৰাগী তথা শুভাকাংক্ষীসকলে পাপনক জন্মদিনৰ শুভকামনা জনাইছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও পাপনক জনাইছে শুভেচ্ছা।

1 / 5জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তৰ আজি জন্মদিন। ৪৯ বছৰ বয়সত ভৰি দিলে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে। জন্মদিন উপলক্ষে ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ অনুৰাগীয়ে পাপনক জনাইছে শুভেচ্ছা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও সামাজিক মাধ্যমৰ যোগেদি কণ্ঠশিল্পীগৰাকীক জন্মদিনৰ শুভকামনা জনাইছে।

জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তৰ আজি জন্মদিন। ৪৯ বছৰ বয়সত ভৰি দিলে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে। জন্মদিন উপলক্ষে ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ অনুৰাগীয়ে পাপনক জনাইছে শুভেচ্ছা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও সামাজিক মাধ্যমৰ যোগেদি কণ্ঠশিল্পীগৰাকীক জন্মদিনৰ শুভকামনা জনাইছে।

2 / 5

১৯৭৫ চনৰ ২৪ নৱেম্বৰত নগাঁৱত জন্ম গ্ৰহণ কৰিছিল পাপনে। তেওঁৰ প্ৰকৃত নাম অংগৰাগ যদিও বহুতে তেওঁক পাপন বুলি জানে । পিতৃ তথা বিহুগীতৰ সম্ৰাট খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ পুত্ৰ পাপনৰ সৰুৰে পৰা আছিল সংগীতৰ প্ৰতি বিশেষ টান। তেওঁৰ প্ৰথম একক এলবাম জোনাকী ৰাতি। অৱশ্যে স্নিগ্ধ জোনাক নামৰ এলবাম এটাত তেওঁ প্ৰথমে কণ্ঠ নিগৰাইছিল।

3 / 5

১৯৯৮ চনৰ পৰা আৰম্ভ হোৱা পাপনৰ সংগীত যাত্ৰা এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায় পাইছেগৈ। ৰাজ্যৰ লগতে দেশৰ লাখ লাখ জনতাৰ প্ৰিয় পাপনৰ গান। অসমীয়াৰ লগতে বলিউডৰ কেইবাটাও গীতত কণ্ঠ নিগৰাইছে পাপনে। বলিউডৰ চুলতান, বৰফি, ৰেইড, বজৰংগী ভাইজান, দম লগাকে হাইচ্ছা আদি ছবিত কণ্ঠশিল্পী হিচাপে গীত গাই তেওঁ অনুৰাগীৰ হিয়াৰ আমঠু হৈ পৰিছে।

4 / 5

পাপনে প্ৰথমবাৰৰ বাবে ২০১১ চনত নেপথ্য গায়ক হিচাপে কণ্ঠদান কৰে অসমীয়া ছবি ৰামধেনুৰ 'উজাই যা নৈ'ত। তাৰ পাছতেই তেওঁ হিন্দী ছবি 'দম মাৰো দম' কণ্ঠদান কৰিছিল। ইয়াৰ পাছত আৰু বহু হিন্দী গীতত তেওঁ কণ্ঠদান কৰিছে। কেৱল অসমীয়া, হিন্দীয়ে নহয়, বাংলা গীতটো কণ্ঠদান কৰিছে পাপনে। সমগ্ৰ দেশতে লাখ লাখ অনুৰাগীৰ প্ৰিয় পাপন।

5 / 5

পাপনে অসমৰ সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ যথেষ্ঠ চেষ্টা কৰি আহিছে। ফিউজন আদিৰ দ্বাৰা তেওঁ ৰাষ্ট্ৰীয় দৰবাৰত অসমীয়া গীতক তুলি ধৰিছে। ইয়াৰোপৰি বৰগীত, ভজন আদিতো কণ্ঠদান কৰিছে পাপনে। ৰাষ্ট্ৰীয় পৰ্যায়ত অসমীয়া গীত, বিহু গীত আদি গাই যথেষ্ঠ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে পাপন। সংগীতজগতত যেন পাপন অপ্ৰতিৰোধ্য! আশা পাপন আগুৱাই যাওক আৰু এনেদৰে অসমক বিশ্ব দৰবাৰত জিলিকাই তোলক। পাপনলৈ জন্মদিনৰ শুভকামনা।

ভুলতো ব্যৱহাৰ কৰিব নালাগে মৃতকৰ এই ৩ বস্তু! জানক...
ডুবাইত সহায়িকা, গাড়ীচালকৰ দৰমহা কিমান জানেনে? জানক...
গেছৰ সমস্যাত ভাৰাক্ৰান্ত নেকি? তেন্তে দৈনন্দিন জীৱনত নকৰিব এই ভুল!
এই ৫টা অভ্যাসে কম কৰে পুৰুষৰ যৌন ক্ষমতা! জানক...