মহানগৰীৰ PVR চিনেমা হলত অঘটন! দৰ্শকৰ মূৰৰ ওপৰত খহি পৰিল চিলিং, তাৰ পিছত... | false ceiling collapsed during an ongoing movie screening, injuring at least three individuals Guwahati PVR cinema hall Assam news - Assam Tv9

মহানগৰীৰ PVR চিনেমা হলত অঘটন! দৰ্শকৰ মূৰৰ ওপৰত খহি পৰিল চিলিং, তাৰ পিছত…

Published: 

04 Aug 2025 08:42 AM

চিনেমা চলি থকা সময়তেই মহানগৰীৰ PVR চিনেমা হলত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। শিশুসহ ৩ জন লোকৰ মূৰৰ ওপৰত পৰিল চিলিঙৰ ভগ্নাংশ। ঘটনা সংঘটিত হোৱাৰ লগে লগে বন্ধ কৰি দিয়া হয় ছবিৰ প্ৰদৰ্শনী।

1 / 5গুৱাহাটীৰ চিটি চেণ্টাৰ মলৰ ভিতৰত থকা PVR চিনেমা হলত সংঘটিত হৈছে অনাকাংশিত ঘটনা। ৩ আগষ্ট দেওবাৰে সন্ধিয়া চিনেমা চলি থকা সময়তেই খহি পৰিল ছবিগৃহৰ চিলিং।

গুৱাহাটীৰ চিটি চেণ্টাৰ মলৰ ভিতৰত থকা PVR চিনেমা হলত সংঘটিত হৈছে অনাকাংশিত ঘটনা। ৩ আগষ্ট দেওবাৰে সন্ধিয়া চিনেমা চলি থকা সময়তেই খহি পৰিল ছবিগৃহৰ চিলিং।

2 / 5

৩ জন লোকৰ মূৰৰ ওপৰত পৰিল চিলিঙৰ ভগ্নাংশ। তাৰ পিছতে দৰ্শকৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়।

3 / 5

তাৰ ভিতৰত আছিল শিশুও। সেই সময়ত ছবিগৃহটোত চলি আছিল "Mahavatar Narsimha" ছবিখন।

4 / 5

আহত ব্যক্তিসকলক তৎক্ষণাত ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। তেওঁলোকৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে। ঘটনা সংঘটিত হোৱাৰ লগে লগে বন্ধ কৰি দিয়া হয় ছবিৰ প্ৰদৰ্শনী।

5 / 5

তাৰ পিছতে ব্যয়বহুল ছবিগৃহটোৰ নিৰাপত্তাক লৈ উত্থাপন হৈছে প্ৰশ্ন। টিকটৰ ধনো ঘূৰাই দিয়া দাবী একাংশ দৰ্শকৰ।

যুৱক-যুৱতীসকলৰ মাজত কিয় বৃদ্ধি পাইছে হৃদৰোগৰ সম্ভাৱনা? কাৰণ...
কেৱল মিঠাই খালেই নহয়, এই অভ্যাসসমূহে হঠাতে বৃদ্ধি কৰিব পাৰে আপোনাৰ ডায়েবেটিছ
বাৰে বাৰে কাহ হোৱাটো কি ৰোগৰ লক্ষণ? জানক
মাত্ৰ এটা শব্দই আপোনাক দিব দুখ-যন্ত্ৰণাৰ পৰা মুক্তি, ক'লে প্ৰেমানন্দ মহাৰাজে...