মহানগৰীৰ PVR চিনেমা হলত অঘটন! দৰ্শকৰ মূৰৰ ওপৰত খহি পৰিল চিলিং, তাৰ পিছত... | false ceiling collapsed during an ongoing movie screening, injuring at least three individuals Guwahati PVR cinema hall Assam news - Assam Tv9

মহানগৰীৰ PVR চিনেমা হলত অঘটন! দৰ্শকৰ মূৰৰ ওপৰত খহি পৰিল চিলিং, তাৰ পিছত…

Published: 

04 Aug 2025 | 08:42 AM

চিনেমা চলি থকা সময়তেই মহানগৰীৰ PVR চিনেমা হলত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। শিশুসহ ৩ জন লোকৰ মূৰৰ ওপৰত পৰিল চিলিঙৰ ভগ্নাংশ। ঘটনা সংঘটিত হোৱাৰ লগে লগে বন্ধ কৰি দিয়া হয় ছবিৰ প্ৰদৰ্শনী।

1 / 5গুৱাহাটীৰ চিটি চেণ্টাৰ মলৰ ভিতৰত থকা PVR চিনেমা হলত সংঘটিত হৈছে অনাকাংশিত ঘটনা। ৩ আগষ্ট দেওবাৰে সন্ধিয়া চিনেমা চলি থকা সময়তেই খহি পৰিল ছবিগৃহৰ চিলিং।

গুৱাহাটীৰ চিটি চেণ্টাৰ মলৰ ভিতৰত থকা PVR চিনেমা হলত সংঘটিত হৈছে অনাকাংশিত ঘটনা। ৩ আগষ্ট দেওবাৰে সন্ধিয়া চিনেমা চলি থকা সময়তেই খহি পৰিল ছবিগৃহৰ চিলিং।

2 / 5

৩ জন লোকৰ মূৰৰ ওপৰত পৰিল চিলিঙৰ ভগ্নাংশ। তাৰ পিছতে দৰ্শকৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়।

3 / 5

তাৰ ভিতৰত আছিল শিশুও। সেই সময়ত ছবিগৃহটোত চলি আছিল "Mahavatar Narsimha" ছবিখন।

4 / 5

আহত ব্যক্তিসকলক তৎক্ষণাত ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। তেওঁলোকৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে। ঘটনা সংঘটিত হোৱাৰ লগে লগে বন্ধ কৰি দিয়া হয় ছবিৰ প্ৰদৰ্শনী।

5 / 5

তাৰ পিছতে ব্যয়বহুল ছবিগৃহটোৰ নিৰাপত্তাক লৈ উত্থাপন হৈছে প্ৰশ্ন। টিকটৰ ধনো ঘূৰাই দিয়া দাবী একাংশ দৰ্শকৰ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...