গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপত সুৰাৰ বিপনী খোলাৰ অনুমতি আবকাৰী বিভাগৰ... | Excise Department permission to open on shop near gauhati university Assam news - Assam Tv9

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপত সুৰাৰ বিপনী খোলাৰ অনুমতি আবকাৰী বিভাগৰ…

Updated On: 

23 May 2025 12:51 PM

আবকাৰী বিভাগৰ এক হঠকাৰী সিদ্ধান্ত। ৰাজহ সংগ্ৰৰ নামত এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপত সুৰাৰ বিপনী খোলাৰ অনুমতি প্ৰদান কৰিছে। ইয়াক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

1 / 5ৰাজহ সংগ্ৰহৰ নামত আবকাৰী বিভাগৰ এক হঠকাৰী সিদ্ধান্ত। ৰাজহ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি কৰাৰ লক্ষ্যৰে এইবাৰ আবকাৰী বিভাগে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপন সুৰাৰ বিপনী খোলাৰ অনুমতি প্ৰদান কৰিছে। এই খবৰে সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়া লাভ কৰিছে।

ৰাজহ সংগ্ৰহৰ নামত আবকাৰী বিভাগৰ এক হঠকাৰী সিদ্ধান্ত। ৰাজহ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি কৰাৰ লক্ষ্যৰে এইবাৰ আবকাৰী বিভাগে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপন সুৰাৰ বিপনী খোলাৰ অনুমতি প্ৰদান কৰিছে। এই খবৰে সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়া লাভ কৰিছে।

2 / 5

জানিব পৰা মতে, বিশ্ববিদ্যালয়ৰ ওচৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা এখন ৰেষ্টুৰেন্টক সুৰাৰ বিপনী খোলাৰ অনুজ্ঞা পত্ৰ প্ৰদান কৰিছে আবকাৰী বিভাগে। ইয়াৰ পাছতে এতিয়া বিতৰ্কৰ সূচনা হৈছে। একাংশই অভিযোগ কৰিছে যে, এই পদক্ষেপে বিশ্ববিদ্যালয়খনৰ শৈক্ষিক বাতাবৰণত প্ৰভাৱ পেলাব।

3 / 5

জানিব পৰা মতে অনুজ্ঞা পত্ৰ লাভ কৰা ৰেষ্টুৰেন্টখনৰ নাম হৈছে- "মিছেচ এঞ্জেল বাৰ এণ্ড ৰেষ্টুৰেণ্ট"। ৰেষ্টুৰেণ্টখন জালুকবাৰীৰ সদিলাপুৰত অৱস্থিত। বিশ্ববিদ্যালয়ৰ সমীপত ON SHOP খোলাৰ অনুমতি প্ৰদানক লৈ এতিয়া বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে। ইয়াৰোপৰি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও ইয়াৰ বিৰোধিতা কৰিছে।

4 / 5

আবকাৰী বিভাগৰ সিদ্ধান্তক তীব্র বিৰোধিতা গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ। এই সিদ্ধান্তক গৰিহনা দি ইয়াক ছাত্ৰ সন্থাই অনুজ্ঞাপত্ৰ বাতিল কৰাৰ বাবে দাবী জনায়। সন্থাই কয় যে, ই শৈক্ষিক পৰিবেশত বাধা জন্মাব আৰু ঠাইখিনৰ অনিষ্ট কৰিব।

5 / 5

ইয়াৰ লগতে কয় যে, ইয়াৰ পূৰ্বে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই গুৱাহাটী পৌৰ নিগম আৰু আবকাৰী বিভাগক আবেদন জনাই বিশ্ববিদ্যালয়ৰ সমীপত সুৰাৰ বিপনী খোলাৰ অনুমতি প্ৰদান নকৰিবলৈ আহ্বান জনাইছিল। কিন্তু আহ্বানৰ পাছতে আবকাৰী বিভাগৰ এনে সিদ্ধান্তই আচৰিত কৰিছে একাংশক।

শুভমন গিলে লাভ কৰিব ৭ কোটি টকা, টেষ্ট অধিনায়ক হোৱাৰ লগে লগে হ’ল নিশ্চিত!
গা ধোৱাৰ সময়ত বাৰে বাৰে প্ৰস্ৰাৱ আহি থাকে নেকি? জানক ইয়াৰ কাৰণ...
গৰমৰ দিনত টেঙা পানীয় বা খাদ্যই কি কি সমস্যা দূৰ কৰে ? জানক উপকাৰিতাৰ বিষয়ে...
ভাৰতৰ পাৰমাণৱিক বোমা কোনে বনাইছিল? যাৰ ভয়ত কম্পমান পাকিস্তান