17 Aug 2025 | 02:11 PM
অবৈধ দখলকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে অসম চৰকাৰ। জিলাই জিলাই বেদখলীকৃত চৰকাৰী ভূমিত উচ্ছেদ অভিযান চলাবলৈ জিলা প্ৰশাসনৰ বিশেষ তৎপৰতা দেখা গৈছে।
দেওবাৰে বিশ্বনাথৰ ননকে জাপৰিগুৰিত জিলা প্ৰশাসনে আৰম্ভ কৰিছে উচ্ছেদ অভিযান। প্ৰশাসনৰ পূৰ্বেই ঘৰ-দুৱাৰ ভাঙি অন্য স্থানলৈ আঁতৰি গৈছে শ শ বেদখলকাৰী পৰিয়াল।
৩০৯ টা পৰিয়ালক ভূমি খালী কৰিবলৈ জাননী জাৰি কৰিছিল প্ৰশাসনে। বেদখলমুক্ত কৰিব ১৭৫ বিঘা চৰকাৰী ভূমি।
২০খন এক্সকেভেটৰ, ১০খন ট্ৰেক্টৰেৰে চলোৱা হৈছে উচ্ছেদ। উচ্ছেদস্থলীত নিয়োগ কৰা হৈছে এহেজাৰ আৰক্ষী-নিৰাপত্তাৰক্ষী।
চাৰিটা জনত ভাগ কৰা হৈছে এই উচ্ছেদ অভিযানক। দুজনকৈ অতিৰিক্ত আয়ুক্ত আৰু ৬ জনকৈ দণ্ডাধীশে তদাৰক কৰিছে এই উচ্ছেদ ।