সোণাপুৰত চলিল প্ৰশাসনৰ বুলড’জাৰঃ বিশাল এলেকাজুৰি বিস্তৃত হৈ থকা ৰিজ’ৰ্টত উচ্ছেদ | Eviction Drive Continues in Assam: Forest Officials Demolish Resort Built in Sonapur Assam news - Assam Tv9

সোণাপুৰত চলিল প্ৰশাসনৰ বুলড’জাৰঃ বিশাল এলেকাজুৰি বিস্তৃত হৈ থকা ৰিজ’ৰ্টত উচ্ছেদ

Published: 

02 Aug 2025 19:44 PM

বিগত প্ৰায় এবছৰ ধৰি অতি গোপনে কমাৰকুছিৰ এই সংৰক্ষিত ভূমিত ৰিজ’ৰ্টখনৰ নিৰ্মাণকাৰ্য চলাই থকা হৈছিল বুলি জানিব পৰা গৈছে। ইফালে ৰিজ’ৰ্টখনৰ স্বত্বাধিকাৰী অৰূপ কুমাৰ দাসে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰমূলকভাৱে এনে পদক্ষেপ লোৱা বুলি দাবী কৰিছে।

1 / 6ৰাজ্যত বেদখলৰ বিৰুদ্ধে অব্যাহত আছে প্ৰশাসনৰ উচ্ছেদ অভিযান। এইবাৰ প্ৰশাসনৰ বুলড’জাৰ চলিল সোণাপুৰৰ। সোণাপুৰৰ সংৰক্ষিত বনাঞ্চলৰ ভূমিত গঢ়ি তোলা ৰিজ'ৰ্টত আজি উচ্ছেদ চলায় প্ৰশাসনে।

ৰাজ্যত বেদখলৰ বিৰুদ্ধে অব্যাহত আছে প্ৰশাসনৰ উচ্ছেদ অভিযান। এইবাৰ প্ৰশাসনৰ বুলড’জাৰ চলিল সোণাপুৰৰ। সোণাপুৰৰ সংৰক্ষিত বনাঞ্চলৰ ভূমিত গঢ়ি তোলা ৰিজ'ৰ্টত আজি উচ্ছেদ চলায় প্ৰশাসনে।

2 / 6

আজি পুৱাৰে পৰা বিশাল আৰক্ষী বাহিনীসহ বন বিভাগ আৰু ডিমৰীয়া সম-জিলা প্ৰশাসনে বিশাল এলেকাজুৰি বিস্তৃত হৈ থকা এই ৰিজৰ্টত উচ্ছেদ অভিযান চলায়। এই ৰিজ’ৰ্টখন বনভূমিত অবৈধভাৱে নিৰ্মাণ কৰা বুলি অভিযোগ উঠিছে।

3 / 6

ডিমৰীয়া সমজিলাৰ অধীনস্থ কমাৰকুছিৰ মৰকদোলা সংৰক্ষিত বনাঞ্চলত প্ৰায় দুই হেক্টৰ ভূমি সামৰি এই ৰিজ'ৰ্টখন গঢ়ি তোলা হৈছিল। অৰূপ কুমাৰ দাস নামৰ এজন ব্যক্তিয়ে অবৈধভাৱে সংৰক্ষিত বনাঞ্চলৰ ভিতৰত ৰিজ'ৰ্টৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰা বুলি অভিযোগ উত্থাপন হৈছে।

4 / 6

বিগত প্ৰায় এবছৰ ধৰি অতি গোপনে কমাৰকুছিৰ এই সংৰক্ষিত ভূমিত ৰিজ’ৰ্টখনৰ নিৰ্মাণকাৰ্য চলাই থকা হৈছিল বুলি জানিব পৰা গৈছে। ৰিজ’ৰ্টৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে বনাঞ্চলৰ মূল্যৱান গছ-বন ধ্বংস কৰাৰ লগতে পাহাৰ খননৰো অভিযোগ উঠিছে।

5 / 6

ইফালে ৰিজ’ৰ্টখনৰ স্বত্বাধিকাৰী অৰূপ কুমাৰ দাসে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰমূলকভাৱে এনে পদক্ষেপ লোৱা বুলি দাবী কৰিছে। উচ্ছেদস্থলীত থকা ২১ বিঘা মাটিৰ ম্যাদী পট্টা আৰু ৫ বিঘা মাটিৰ একচনীয়া পট্টা থকা বুলিও তেওঁ দাবী কৰিছে।

6 / 6

১৯৮৫ চনতে এই ভূমিৰ ম্যাদী পট্টা লাভ কৰা বুলি অৰূপ কুমাৰ দাসে দাবী কৰে। তেওঁ লগতে উচ্ছেদস্থলীত থকা গছ-গছনিসমূহো তেওঁৰ পৰিয়ালে ৰোপন কৰা বুলি উল্লেখ কৰে।

পৃথিৱীৰ আটাইতকৈ ডাঙৰ কবৰস্থানটোত কিমানজন লোকক কবৰ দিছে? জানক
মহিলাসকলৰ বেছি প্ৰস্ৰাৱৰ সংক্ৰমণ কিয় হয়?
নিশা আপুনিও থাকে নেকি উজাগৰে? সাৱধান, টোপনিৰ অভাৱত হ’ব পাৰে এনে ভয়ানক সমস্যা
কুকুৰাৰ কণী কিয় বিভিন্ন ৰঙৰ হয়? বিজ্ঞানে ক'লে...