কংগ্ৰেছ পুৰণা নোট, কংগ্ৰেছৰ কথাত কোনোবাই ভোট দিয়ে নেঃ মুখ্যমন্ত্ৰী Assam news - Assam Tv9

কংগ্ৰেছ পুৰণা নোট, কংগ্ৰেছৰ কথাত কোনোবাই ভোট দিয়ে নেঃ মুখ্যমন্ত্ৰী

Published: 

15 Apr 2024 | 05:49 PM

গৌৰৱ গগৈ ৩লাখ মান ভোটত হাৰিব। কলিয়াবৰৰ পৰা ১০ বছৰ সাংসদ হৈছে,কিন্তু কৰোবাত নামঘৰ সাজিছে নেকি? সাংসদ হৈ কি আনিলে কলিয়াবৰৰ বাবে? ৰঙাপৰাত এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

1 / 5নিৰ্বাচনকলৈ তৎপৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ইমুৰৰ পৰা সিমুৰলৈ চলাইছে প্ৰচাৰ।

নিৰ্বাচনকলৈ তৎপৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ইমুৰৰ পৰা সিমুৰলৈ চলাইছে প্ৰচাৰ।

2 / 5

প্ৰচাৰৰ মাজতে সংবাদমাধ্যমৰ আগত মন্তব্য মুখ্যমন্ত্ৰীৰ, ক'লে- কংগ্ৰেছ পুৰণা নোট। কংগ্ৰেছৰ কথাত কোনোবাই ভোট দিয়ে নে কোনোবাই তেওঁলোকৰ কথা শুনে।

3 / 5

আনফালে ক'লে- মোক যিমানেই গালি পাৰে ভোট সিমানেই যোগ হৈ যায়। অসমৰ মানুহৰ হৃদয়ত আমি আছোঁ। সকলোৱে মোক পৰিয়াল বুলি ভাবে। গতিকে যিয়ে মোক গালি পাৰে তেওঁৰ ভোট কমি যায়। এই কথাটো বিৰোধীয়ে নিৰ্বাচনৰ পিছত বুজি পাব।

4 / 5

মাজে মাজে যোৰহাটৰ সাংসদ গৰাকীয়ে ভাবে হিমন্ত বিশ্ব শৰ্মা কেৱল যোৰহাটত আহি আছে। আকৌ ডিব্ৰুগড়ৰ লুৰিণজ্যোতি গগৈ ভাবে হিমন্ত বিশ্ব শৰ্মা কেৱল ডিব্ৰুগড়ত আহি আছে। গৌৰৱ গগৈ হাৰিব ৩লাখ মান ভোটত। যি মানুহৰ কোনো কৰ্মযোগ্যতা নাই তেওঁ কেনেকৈ জিকিব! কলিয়াবৰৰ পৰা ১০ বছৰ সাংসদ হৈছে,কিন্তু কৰোবাত নামঘৰ সাজিছে নেকি? সাংসদ হৈ কি আনিলে কলিয়াবৰৰ বাবে? ৰঙাপৰাত এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

5 / 5

মুখ্যমন্ত্ৰীৰ প্ৰতিখন নিৰ্বাচনী সভাত অংশ লৈছে হাজাৰ হাজাৰ মানুহে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব