পুৱা খালী পেটত খাওক নিশা তিয়াই থোৱা কাবেলি বুট আৰু কিচমিচ, লাভ কৰিব এনে চমৎকাৰী ফল | Eat soak raisins and chickpeas on empty stomach in the morning, know health benefits Assam news - Assam Tv9

পুৱা খালী পেটত খাওক নিশা তিয়াই থোৱা কাবেলি বুট আৰু কিচমিচ, লাভ কৰিব এনে চমৎকাৰী ফল

Published: 

15 Jun 2025 19:43 PM

নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন লোকসকলে সদায়ে স্বাস্থ্যসন্মত খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিয়ে। স্বাস্থ্যৰ বাবে উপকাৰী ভিন্ন ধৰণৰ খাদ্যবস্তু তেওঁলোকে নিজৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰে। তিয়াই থোৱা কাবেলি বুট আৰু কিচমিচ স্বাস্থ্যৰ বাবে পৰম উপকাৰী বিবেচিত হ’ব পাৰে।

1 / 5সাধাৰণতে ব্যস্ততাপূৰ্ণ জীৱনত নিজ ফিটনেছৰ প্ৰতি বিশেষ যত্ন লোৱাৰ ক্ষেত্ৰত বহু লোকৰ মনত এলাহ ভাৱ জন্মে। সেয়ে তেওঁলোকে খাদ্যৰ পৰা আৰম্ভ কৰি আন বহু দিশত সহজে উপলব্ধ কিছুমান পন্থাই অৱলম্বন কৰে। এইসকল লোকে নিজৰ সময় বচোৱাৰ লগতে স্বাস্থ্যৰ যত্ন ল’বলৈ কাবেলি বুট আৰু কিচমিচৰ দৰে খাদ্য সামগ্ৰীৰ সহায় ল’ব পাৰে।

সাধাৰণতে ব্যস্ততাপূৰ্ণ জীৱনত নিজ ফিটনেছৰ প্ৰতি বিশেষ যত্ন লোৱাৰ ক্ষেত্ৰত বহু লোকৰ মনত এলাহ ভাৱ জন্মে। সেয়ে তেওঁলোকে খাদ্যৰ পৰা আৰম্ভ কৰি আন বহু দিশত সহজে উপলব্ধ কিছুমান পন্থাই অৱলম্বন কৰে। এইসকল লোকে নিজৰ সময় বচোৱাৰ লগতে স্বাস্থ্যৰ যত্ন ল’বলৈ কাবেলি বুট আৰু কিচমিচৰ দৰে খাদ্য সামগ্ৰীৰ সহায় ল’ব পাৰে।

2 / 5

বহু লোকে নিজৰ ফিটনেছৰ বাবে দৈনিক ব্যায়াম কৰাৰ লগতে জিমলৈ গৈ শৰীৰ চৰ্চা কৰে। পিছে এই কাৰ্যসমূহ তেতিয়াহে ফলপ্ৰসূ হ’ব, যেতিয়া ইয়াৰ সমান্তৰালকৈ সঠিক খাদ্যাভ্যাস মানি চলিব। এক সুস্বাস্থ্যৰ বাবে সুষম আৰু স্বাস্থ্যসন্মত খাদ্যৰ প্ৰয়োজন। সহজে উপলব্ধ এনে খাদ্য হ’ব পাৰে তিয়াই থোৱা কাবেলি বুট আৰু কিচমিচ।

3 / 5

বহু লোকে নিশা কাবেলি বুট তিয়াই থৈ ৰাতিপুৱা খালী পেটত খায়। একেদৰে কিচমিচো যদি নিশা তিয়াই ৰাতিপুৱা খাব পাৰি, তেতিয়া ইয়াৰ উপকাৰ আৰু অধিক হ’ব। কেৱল ৰুচিৰ ক্ষেত্ৰতে নহয়, পুষ্টিৰ ক্ষেত্ৰতো ই পৰম উপকাৰী হিচাপে বিবেচিত হয়। তিয়াই থোৱা কাবেলি বুট আৰু কিচমিচে শৰীৰক বিষমুক্ত কৰাত সহায় কৰে।

4 / 5

কিচমিচৰ প্ৰাকৃতিকভাৱে মিঠা সোৱাদ থাকে। ইয়াত আইৰণ আৰু এণ্টিঅক্সিডেণ্টো যথেষ্ট পৰিমাণে থাকে। একেদৰে কাবেলি বুটত প্ৰটিন, ফাইবাৰ, কাৰ্বহাইড্ৰেট থাকে। বিশেষজ্ঞসকলৰ মতে তিয়াই থোৱা কাবেলি বুট আৰু কিচমিচ শৰীৰৰ বাবে অতি উপকাৰী।

5 / 5

গৰমৰ দিনতো তিয়াই থোৱা কিচমিচ খালে দেহৰ বাবে সহায়ক হয়। এই খাদ্যই শৰীৰ শীতল কৰি ৰাখে। স্বাস্থ্যৰ ক্ষেত্ৰতো ই উপকাৰী। ই গোটেই দিনটো শৰীৰত শক্তি আৰু সজীৱতা বজাই ৰখাত সহায় কৰিব। এইদৰে কেৱল ব্যায়াম কৰাসকলৰ বাবেই নহয়, তিয়াই থোৱা কাবেলী বুট আৰু কিচমিচ সকলোৰে বাবে উপকাৰী হ’ব পাৰে।

কিন্নৰসকলক কি দান দিলে অধিক পুণ্য হয়? এইদৰে লাভ কৰিব পাৰিব আশীৰ্বাদ
ওজন হ্ৰাস কৰাত সহায় কৰে তেতেলীয়ে, জানক উপকাৰিতাৰ বিষয়ে
সপোনত সূৰ্যাস্তৰ দৃশ্য দেখিছে নেকি? জানেনে এনে সপোনে কিহৰ ইঙ্গিত দিয়ে?
জীৱনত সমস্যাই লগ নেৰে নেকি? কেতিয়াও আনক শ্বেয়াৰ নকৰিব এই ৫টা কথা...