14 Sep 2025 21:26 PM
ভয়ংকৰ ভূমিকম্পই জোকাৰি গ'ল অসমৰ বিভিন্ন প্ৰান্ত। ১৪ ছেপ্টেম্বৰৰ বিয়লি ৪.৪১ মিনিটত এই ভূমিকম্প হয়। এই ভূমিকম্প অতি প্ৰৱল আছিল।
তথ্য অনুসৰি ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য আছিল ৫.৮। ইয়াৰ বিপৰীতে এই ভূমিকম্পৰ অভিকেন্দ্ৰ অসমৰ ওদালগুৰিৰ পৰা ১৫ কিলোমিটাৰ গভীৰতাত।
এই ভূমিকম্পৰ জোকাৰণি অসমৰ লগতে বাংলাদেশ, ম্যানমাৰ,ভূটান, চীন আদিতো অনুভূত হয় বুলি জানিব পৰা গৈছে। অৱশ্যে এতিয়ালৈকে ক্ষয় ক্ষতিৰ তথ্য আহি পৰা নাই।
অসমৰ বহু প্ৰান্তত এই ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ইয়াৰ ফলত কিবা ক্ষয়-ক্ষতি হৈছে নেকি সেয়া তথ্য পৰৱৰ্তী সময়ত পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
অসমৰ বিভিন্ন প্ৰান্তত চলি থকা বৰষুণৰ মাজতে হোৱা এই ভূমিকম্পই মানুহক শংকিত কৰিছে। নামনি অসমৰ পৰা উজনি অসমৰ প্ৰায় প্ৰতিটো প্ৰান্ততে জোকাৰণি অনুভূত হয়। অভিকেন্দ্ৰ ওদালগুৰিত হোৱা বাবে প্ৰান্তৰ অঞ্চলসমূহত জোকাৰণি তীব্ৰ হয়।