নতুন বছৰৰ তৃতীয়টো দিনত ৰাজ্যত মৃদু ভূমিকম্প! ইয়াৰ অভিকেন্দ্ৰ ক'ত? জানক সবিশেষ | Earthquake shakes parts of Assam magnitude 4.1 Assam news - Assam Tv9

নতুন বছৰৰ তৃতীয়টো দিনত ৰাজ্যত মৃদু ভূমিকম্প! ইয়াৰ অভিকেন্দ্ৰ ক’ত? জানক সবিশেষ

Updated On: 

03 Jan 2025 10:47 AM

৩ জানুৱাৰীৰ শুকুৰবাৰে পুৱা মৃদু ভূমিকম্পই জোকাৰি গ'ল অসম । শুকুৰবাৰে পুৱা প্ৰায় ১০.০৩ বজাত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। এই ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্ৰাৱল্য আছিল ৪.১ ।

1 / 5নতুন বছৰৰ তৃতীয়টো দিনত মৃদু ভূমিকম্পই জোকাৰি গ'ল অসম । শুকুৰবাৰে পুৱা প্ৰায় ১০.০৩ বজাত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি।

নতুন বছৰৰ তৃতীয়টো দিনত মৃদু ভূমিকম্পই জোকাৰি গ'ল অসম । শুকুৰবাৰে পুৱা প্ৰায় ১০.০৩ বজাত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি।

2 / 5

ৰাজ্যজুৰি অনুভূত হয় ভূমিকম্পৰ মৃদু জোকাৰণি। ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰ (এন চি এছ)ৰ তথ্য অনুসৰি কাৰ্বি আংলং জিলাৰ মাঞ্জাৰ পৰা ১০ কিলোমিটাৰ দূৰত্বত উত্‍পত্তি হৈছিল ভূমিকম্পৰ।

3 / 5

ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য আছিল ৪.১ । প্ৰাপ্ত খবৰ অনুসৰি গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই ভূমিকম্প অনুভূত হয়।

4 / 5

উল্লেখ্য যে, বৰ্তমান সময়লৈকে এই ভূমিকম্পৰ ফলত কোনো ধৰণৰ ক্ষয়ক্ষতি খবৰ লাভ কৰা নাই । গুৱাহাটীৰ লগতে ৰঙিয়া,গোলাঘাট, সোণাপুৰ, বিশ্বনাথ চাৰিআলি, তেজপুৰ, শিৱসাগৰ, নগাঁও, দৰং, কাৰ্বি আংলং, ডিফু, কৰিমগঞ্জ, যোৰহাট, বৰপেটা আদিত অনুভূত হৈছে জোকাৰণি।

5 / 5

ভাৰতৰ উত্তৰ পূব অঞ্চলটো ভূমিকম্প প্ৰৱল অঞ্চল । সেয়েহে এই অঞ্চলটোত  সঘনাই ভূমিকম্প অনুভূত হৈ থাকে ।

অতিকৈ ভাগ্যৱান এই ৩ ৰাশিৰ লোক, সহজে লাভ কৰে সফলতা!
এই ৫টা অভ্যাসে অকালতে বৃদ্ধ কৰি তুলিব পাৰে আপোনাক! জানক...
ছেপ্টেম্বৰত লক্ষ্মী-নাৰায়ণ যোগ! কপাল ফুলিব এই ৩ ৰাশিৰ...
নিশা ভয়ানক সপোন দেখে নেকি? প্ৰেমানন্দ মহাৰাজে ক'লে পৰিত্ৰাণৰ উপায়..