নতুন বছৰৰ তৃতীয়টো দিনত ৰাজ্যত মৃদু ভূমিকম্প! ইয়াৰ অভিকেন্দ্ৰ ক'ত? জানক সবিশেষ | Earthquake shakes parts of Assam magnitude 4.1 Assam news - Assam Tv9

নতুন বছৰৰ তৃতীয়টো দিনত ৰাজ্যত মৃদু ভূমিকম্প! ইয়াৰ অভিকেন্দ্ৰ ক’ত? জানক সবিশেষ

Updated On: 

03 Jan 2025 | 10:47 AM

৩ জানুৱাৰীৰ শুকুৰবাৰে পুৱা মৃদু ভূমিকম্পই জোকাৰি গ'ল অসম । শুকুৰবাৰে পুৱা প্ৰায় ১০.০৩ বজাত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। এই ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্ৰাৱল্য আছিল ৪.১ ।

1 / 5নতুন বছৰৰ তৃতীয়টো দিনত মৃদু ভূমিকম্পই জোকাৰি গ'ল অসম । শুকুৰবাৰে পুৱা প্ৰায় ১০.০৩ বজাত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি।

নতুন বছৰৰ তৃতীয়টো দিনত মৃদু ভূমিকম্পই জোকাৰি গ'ল অসম । শুকুৰবাৰে পুৱা প্ৰায় ১০.০৩ বজাত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি।

2 / 5

ৰাজ্যজুৰি অনুভূত হয় ভূমিকম্পৰ মৃদু জোকাৰণি। ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰ (এন চি এছ)ৰ তথ্য অনুসৰি কাৰ্বি আংলং জিলাৰ মাঞ্জাৰ পৰা ১০ কিলোমিটাৰ দূৰত্বত উত্‍পত্তি হৈছিল ভূমিকম্পৰ।

3 / 5

ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য আছিল ৪.১ । প্ৰাপ্ত খবৰ অনুসৰি গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই ভূমিকম্প অনুভূত হয়।

4 / 5

উল্লেখ্য যে, বৰ্তমান সময়লৈকে এই ভূমিকম্পৰ ফলত কোনো ধৰণৰ ক্ষয়ক্ষতি খবৰ লাভ কৰা নাই । গুৱাহাটীৰ লগতে ৰঙিয়া,গোলাঘাট, সোণাপুৰ, বিশ্বনাথ চাৰিআলি, তেজপুৰ, শিৱসাগৰ, নগাঁও, দৰং, কাৰ্বি আংলং, ডিফু, কৰিমগঞ্জ, যোৰহাট, বৰপেটা আদিত অনুভূত হৈছে জোকাৰণি।

5 / 5

ভাৰতৰ উত্তৰ পূব অঞ্চলটো ভূমিকম্প প্ৰৱল অঞ্চল । সেয়েহে এই অঞ্চলটোত  সঘনাই ভূমিকম্প অনুভূত হৈ থাকে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...