নিশা ৬.৪ প্ৰাৱল্যৰ ভূমিকম্প! আহত ১৫ জনকৈলোক, ক'ত অনুভূত কম্পন... | earthquake in taiwan atleast 15 injured Assam news - Assam Tv9

নিশা ৬.৪ প্ৰাৱল্যৰ ভূমিকম্প! আহত ১৫ জনকৈলোক, ক’ত অনুভূত কম্পন…

Published: 

21 Jan 2025 | 07:03 AM

Earthquake: সোমবাৰে নিশা হোৱা ভূমিকম্পৰ ফলত প্ৰায় ১৫ জনলোক আহত হয়। তথ্য অনুসৰি ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য আছিল ৬.৪।

1 / 5সোমবাৰে নিশা টাইৱানৰ দক্ষিণ প্ৰান্তত হোৱা ভূমিকম্পৰ ফলত কেইবাজনলোক আঘাতপ্ৰাপ্ত হয়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য আছিল ৬.৪। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ (USGS)ৰ তথ্য অনুসৰি স্থানীয় সময় মতে নিশা ১২:১৭ বজাত এই ভূমিকম্পৰ কম্পন অনুভৱ কৰা হয়।

সোমবাৰে নিশা টাইৱানৰ দক্ষিণ প্ৰান্তত হোৱা ভূমিকম্পৰ ফলত কেইবাজনলোক আঘাতপ্ৰাপ্ত হয়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য আছিল ৬.৪। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ (USGS)ৰ তথ্য অনুসৰি স্থানীয় সময় মতে নিশা ১২:১৭ বজাত এই ভূমিকম্পৰ কম্পন অনুভৱ কৰা হয়।

2 / 5

এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল টাইৱানৰ য়ুজিঙৰ পৰা ১২ কিলোমিটাৰ উত্তৰত। এই ভূমিকম্পৰ ফলত কোনোলোকৰ মৃত্যুৰ তথ্য এতিয়ালৈকে লাভ কৰা হোৱা নাই যদিও প্ৰায় ১৫জন আঘাতপ্ৰাপ্ত হয়।

3 / 5

টাইৱানৰ অগ্নিনিৰ্বাপক বাহিনীয়ে জনোৱা মতে, আঘাতপ্ৰাপ্ত আটাইকেইজনক হাস্পাতাললৈ প্ৰেৰণ কৰা হৈছে। এই ভূমিকম্পৰ ফলত এটা ঘাইপথৰ ঝুৱেই দলং ক্ষতিগ্ৰস্ত হৈছে।

4 / 5

স্থানীয় খবৰ অনুসৰি, টাইনান চহৰৰ নানছি জিলাৰ এটা ঘৰৰ ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰা হৈছে শিশুসহ ৬ জন লোক। বিভিন্ন ঠাইত নিশাই চলোৱা হয় উদ্ধাৰ অভিযান। উল্লেখ্য যে, যোৱা বছৰ এপ্ৰিল মাহত টাইৱানত ৭.৪ প্ৰাৱল্যৰ ভূমিকম্প আহিছিল, যাৰ ফলত কেইবাজনলোকৰ মৃত্যু হৈছিল।

5 / 5

টাইৱান প্ৰশান্ত মহাসাগৰৰ ৰিং অৱ ফায়াৰত অৱস্থিত।যাৰ বাবে ইয়াত প্ৰায়ে ভূমিকম্প হৈ থাকে। উল্লেখ কৰা প্ৰয়োজন যে, টাইৱান দুখন টেকটনিক প্লেটৰ মাজত অৱস্থিত আৰু ই অতি সংবেদনশীল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...