পুনৰ মৃদু ভূমিকম্পই জোকাৰি গ'ল অসম... | earthquake in assam magnitude Wednesday know in details Assam news - Assam Tv9

পুনৰ মৃদু ভূমিকম্পই জোকাৰি গ’ল অসম…

Updated On: 

05 Mar 2025 | 12:24 PM

Earthquake in assam: পুনৰ ভূমিকম্পই জোকাৰি গ'ল অসম। গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত আজি পুৱাৰ ভাগত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়।

1 / 5ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। বুধবাৰে দিনৰ প্ৰায় ১১.০৬ বজাত কম্পন অনুভূত হয়। মৃদু আছিল এই ভূমিকম্পনটো।ভূমিকম্পৰ অভিকেন্দ্ৰ মণিপুৰ কেমজং বুলি জানিব পৰা গৈছে। লগতে ইয়াৰ প্ৰাৱল্য আছিল ৫.৬৭।

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। বুধবাৰে দিনৰ প্ৰায় ১১.০৬ বজাত কম্পন অনুভূত হয়। মৃদু আছিল এই ভূমিকম্পনটো।ভূমিকম্পৰ অভিকেন্দ্ৰ মণিপুৰ কেমজং বুলি জানিব পৰা গৈছে। লগতে ইয়াৰ প্ৰাৱল্য আছিল ৫.৬৭।

2 / 5

জানিব পৰা মতে, গুৱাহাটী, নলবাৰী, বৰপেটা, কাজিৰঙা, নগাঁও আদিৰ লগতে অসমৰ বিভিন্ন ঠাইত ইয়াৰ কম্পন অনুভূত হয়। অৱশ্যে এতিয়ালৈকে ইয়াৰ ক্ষয়-ক্ষতিৰ কোনো তথ্য পোহৰলৈ অহা নাই।

3 / 5

উল্লেখ্য যে, যোৱা ২৭ ফেব্ৰুৱাৰীতো ৰাজ্যক ভূমিকম্পই জোকাৰি গৈছিল। নিশা প্ৰায় ২.২৫ বজাত হোৱা ভূমিকম্পৰ ৰিখটাৰ স্কেলত প্ৰাৱল্য আছিল ৫.০ । আজিতকৈ কিছু ডাঙৰ আছিল সেই দিনাৰ ভূমিকম্প। শিৱৰাত্ৰিৰ নিশা এই ভূমিকম্পৰ জোকাৰণি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুভূত হৈছিল।

4 / 5

উল্লেখ কৰা প্ৰয়োজন যে, ভাৰতৰ অন্যতম ভূমিকম্প প্ৰৱণ অঞ্চল অসম। ইয়াত প্ৰায়ে ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ই ছিছমিক জ’ন V ৰ অধীনত পৰে, অৰ্থাৎ ইয়াত প্ৰচণ্ড কঁপনিৰ আশংকা বেছি।

5 / 5

যাৰ বাবে প্ৰায়ে ৰাজ্যত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। যোৱা ২৪ জানুৱাৰীতো অসমত ভূমিকম্পৰ কম্পন অনুভূত হৈছিল। ৰিখটাৰ স্কেলত প্ৰাৱল্য আছিল ৪.৮। গতিকে নতুন বছৰটোতে কেইবাটাও ভূমিকম্পই জোকাৰি যায় অসমক।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...