জানিব পৰা মতে, পুৱা ৬ বাজি ৩৫ মিনিটত এই ভূমিকম্প আহে। নেশ্যনেল চেন্টাৰ ফৰ চেচিমলোজিৰ মতে, নেপাল-তিব্বত সীমান্তৰ সমীপৰ জিজাঙত পুৱা ৬:৩৫ বজাত প্ৰথমটো ৭.১ প্ৰাবল্যৰ ভূমিকম্প হয়। তাৰ পৰৱৰ্তী সময়ত একে অঞ্চলৰ পৰাই ৪.৭ আৰু ৪.৯ প্ৰাৱল্যৰ দুটা আফটাৰশ্বকৰ ৰিপোৰ্ট পোৱা যায়।
3 / 5
অৱশ্যে বৰ্তমান সময়লৈকে অসম বা দেশৰ কোনো স্থানৰ পৰা কোনো ক্ষয়- ক্ষতিৰ তথ্য পোহৰলৈ অহা নাই। অসমৰ গুৱাহাটী, নলবাৰী, বৰপেটা, মৰিগাঁও, নগাঁও আদি স্থানৰ লগতে বিভিন্ন ঠাইত বহু লোক ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰে। এই ভূমিকম্পৰ প্ৰভাৱ বাংলাদেশ, নেপাল, ভুটান আৰু চীনতো পৰে।