হাওঁফাওঁৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? | Early Symptoms of Lung Cancer: Causes, Warning Signs and the Importance of Timely Detection Assam news - Assam Tv9

হাওঁফাওঁৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? কেনেকৈ চিনাক্ত কৰিব পাৰি?

Published: 

27 Apr 2025 | 07:57 PM

হাওঁফাওঁৰ কৰ্কট ৰোগ হ'লে প্ৰাৰম্ভিক পৰ্যায়ত কি কি লক্ষণে দেখা দিয়ে ? এই লক্ষণসমূহ যদি আওকান কৰে তেন্তে ই আপোনাৰ বাবে বিপদজনক হ'ব পাৰে । এই প্ৰতিবেদনৰ জৰিয়তে সবিশেষ জানক ।

1 / 5হাওঁফাওঁৰ কৰ্কট ৰোগীৰ প্ৰাৰম্ভিক অৱস্থাত কোনো লক্ষণ দেখা নাযায়। ইয়াৰ লক্ষণ কিছুমান মানুহৰ ক্ষেত্ৰত দেখা দিয়ে যদিও তেওঁলোকে সেইবোৰক আওকাণ কৰে। হাওঁফাওঁৰ কৰ্কট ৰোগৰ মূল কাৰণ হৈছে ধূমপান। ইয়াৰ উপৰিও বায়ু প্ৰদূষণ ইয়াৰ এটা প্ৰধান কাৰণ । কিন্তু উন্নত চিকিৎসাৰ ফলত হাওঁফাওঁৰ কৰ্কট ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা হ্ৰাস পাইছে।

হাওঁফাওঁৰ কৰ্কট ৰোগীৰ প্ৰাৰম্ভিক অৱস্থাত কোনো লক্ষণ দেখা নাযায়। ইয়াৰ লক্ষণ কিছুমান মানুহৰ ক্ষেত্ৰত দেখা দিয়ে যদিও তেওঁলোকে সেইবোৰক আওকাণ কৰে। হাওঁফাওঁৰ কৰ্কট ৰোগৰ মূল কাৰণ হৈছে ধূমপান। ইয়াৰ উপৰিও বায়ু প্ৰদূষণ ইয়াৰ এটা প্ৰধান কাৰণ । কিন্তু উন্নত চিকিৎসাৰ ফলত হাওঁফাওঁৰ কৰ্কট ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা হ্ৰাস পাইছে।

2 / 5

যদি পৰিয়ালৰ কোনোবাই হাওঁফাওঁৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছে তেন্তে ই আপোনাৰ বাবে এটা বিপদজনক কাৰক হ’ব পাৰে। ইয়াৰ বাহিৰেও ইয়াৰ আন বহুতো কাৰণ আছে। চিগাৰেট, চিগাৰ, যিকোনো ধৰণৰ ধঁপাত সেৱনে ইয়াৰ আশংকা বৃদ্ধি কৰে। বিশেষজ্ঞসকলৰ মতে, হাওঁফাওঁৰ কৰ্কট ৰোগীৰ ৮০ শতাংশ লোকৰ কাৰণ হৈছে ধূমপান।

3 / 5

হাওঁফাওঁৰ কৰ্কট ৰোগৰ ক্ষেত্ৰত প্ৰধান প্ৰাৰম্ভিক লক্ষণ হ’ল স্থায়ী কাহ। ইয়াৰ উপৰিও উশাহ-নিশাহ লোৱাত অসুবিধা, বুকুৰ বিষ আৰু ওজন কমি যোৱা আদিও ইয়াৰ লক্ষণ। অহৰহ ভাগৰুৱা অনুভৱ, তেজ কাহ আৰু সঘনাই উশাহ লোৱাত কষ্ট পোৱাটো গুৰুতৰ লক্ষণ হ’ব পাৰে। কোনোবাই যদি এই লক্ষণসমূহ অনুভৱ কৰে তেন্তে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

4 / 5

উল্লেখিত কোনো লক্ষণ অনুভৱ কৰিলে লগে লগে পৰীক্ষা কৰাব লাগে। প্ৰথমে এক্স-ৰে কৰিব পাৰে। এক্সৰেৰ দ্বাৰা হাওঁফাওঁৰ পৰিৱৰ্তন ধৰা পেলাব পাৰি। হাওঁফাওঁত সৃষ্টি হোৱা টিউমাৰ আৰু অনিয়ম এক্স-ৰেৰ জৰিয়তে দেখা যায়।

5 / 5

তেজ পৰীক্ষাৰ জৰিয়তে হাওঁফাওঁৰ কৰ্কট ৰোগ ধৰা পেলাব পাৰি। গতিকে ওপৰ উল্লেখিত লক্ষণে যদি দেখা দিয়ে তেন্তে আপুনি এতি সোনকালে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক । যদি ইয়াক আওকান কৰে তেন্তে বিপদ বৃদ্ধি পাব পাৰে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...