হালধিৰ Reel বহুত দেখিলে, এতিয়া জানক হালধি পানীৰ উপকাৰিতাৰ বিষয়ে | Drinking turmeric water offers several potential health benefits Assam news - Assam Tv9

হালধিৰ Reel বহুত দেখিলে, এতিয়া জানক হালধি পানীৰ উপকাৰিতাৰ বিষয়ে

Updated On: 

26 Jun 2025 22:34 PM

পানীত হালধি মিহলাই যাদু হয়তো আপুনিও চালে? এই ট্ৰেণ্ডটো আজিকালি ছ'চিয়েল মিডিয়াত অতি জনপ্ৰিয়। পোহৰৰ সৈতে হালধিৰ যাদুৱেই নহয়, বাস্তৱ জীৱনতো আপোনাৰ স্বাস্থ্যৰ বাবে ই যাদুতকৈ কম নহয়। জানো আহক হালধি পানী সেৱনৰ আচৰিত উপকাৰিতাৰ বিষয়ে।

1 / 5নমামিলাইফৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া নমামি আগৰৱালাই ইয়াৰ বহু উপকাৰৰ কথা কৈছে। ইয়াৰে এটা হ’ল হজম শক্তি উন্নত কৰা। হালধিত Curcumin নামৰ এবিধ বিশেষ এন্টিঅক্সিডেন্ট পোৱা যায়, যিয়ে পেট ফুলা আৰু গেছৰ সমস্যা কমোৱাত সহায় কৰে। ৰাতিপুৱা খালী পেটত কুহুমীয়া পানীৰ সৈতে হালধী খালে হজম শক্তি উন্নত হয় আৰু খাদ্য সোনকালে হজম হয়।

নমামিলাইফৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া নমামি আগৰৱালাই ইয়াৰ বহু উপকাৰৰ কথা কৈছে। ইয়াৰে এটা হ’ল হজম শক্তি উন্নত কৰা। হালধিত Curcumin নামৰ এবিধ বিশেষ এন্টিঅক্সিডেন্ট পোৱা যায়, যিয়ে পেট ফুলা আৰু গেছৰ সমস্যা কমোৱাত সহায় কৰে। ৰাতিপুৱা খালী পেটত কুহুমীয়া পানীৰ সৈতে হালধী খালে হজম শক্তি উন্নত হয় আৰু খাদ্য সোনকালে হজম হয়।

2 / 5

Covid কালৰ পৰাই ইমিউনিটিৰ ক্ষেত্ৰত মানুহ অধিক সতৰ্ক হৈ পৰিছে। হালধি এন্টিবেক্টেৰিয়েল আৰু এন্টিভাইৰেল গুণৰ বাবে জনাজাত। প্ৰতিদিনে পুৱা হালধিৰ পানী খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰু সংক্ৰমণৰ পৰা ৰক্ষা পৰিব পাৰি।

3 / 5

যেতিয়া শৰীৰত বিষাক্ত পদাৰ্থ জমা হ’বলৈ আৰম্ভ কৰে তেতিয়া ভাগৰুৱা, ছালৰ সমস্যা আৰু মেজাজৰ পৰিৱৰ্তন আদি সমস্যাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে। হালধিৰ পানীয়ে যকৃত পৰিষ্কাৰ কৰাত সহায় কৰে আৰু শৰীৰৰ ভিতৰৰ পৰা অলাগতীয়াল পদাৰ্থ আঁতৰ কৰে।

4 / 5

হালধিয়ে বিপাকীয় ক্ৰিয়া দ্ৰুত কৰে, যাৰ ফলত চৰ্বি সোনকালে কমি যায়। যদি আপুনি ওজন কমাবলৈ চেষ্টা কৰিছে তেন্তে প্ৰতিদিনে পুৱা কুহুমীয়া পানীৰে হালধি সেৱন কৰিব পাৰে।

5 / 5

হালধি ছালখনক বাহ্যিকভাৱে উপকৃত কৰাই নহয়, ভিতৰৰ পৰাও জিলিকাই তোলা আৰু স্বাস্থ্যকৰ কৰি তোলে। হালধিৰ পানীয়ে ছালত ব্ৰুণ, দাগ আৰু শুকান হোৱাৰ পৰা ৰক্ষা কৰে।

দেশৰ সাধাৰণ লোকতকৈ পৃথক শ্বাহৰুখৰ পাছপ’ৰ্ট! কি ক্ষেত্ৰত পৃথক আৰু আঁৰৰ কাৰণ কি জানেনে?
হাতৰ তলুৱা সঘনাই ঘামে নেকি? এয়া কিহৰ লক্ষণ
খালী পেটত এই কেইবিধ খাদ্য ভুলতেও নাখাব, বিপদ অনিবাৰ্য!
খাহী ছাগলী আৰু পঠা ছাগলীৰ পাৰ্থক্য জানেনে? কোনবিধ ছাগলীৰ মাংস অধিক সুস্বাদু?