ড০ বাণীকান্ত কাকতি মেধা বঁটাঃ ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ মাজত স্কুটাৰ বিতৰণ... | Dr Banikanta Kakati Merit Award to 11,250 bright students assam see details in assamese Assam news - Assam Tv9

ড০ বাণীকান্ত কাকতি মেধা বঁটাঃ ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ মাজত স্কুটাৰ বিতৰণ…

Updated On: 

08 Dec 2025 17:03 PM

Dr Banikanta Kakati Merit Award: আজি ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ মাজত স্কুটাৰ বিতৰণ কৰা হয়। উচ্চতৰ মাধ্যমিকত ৮০ শতাংশ বা তাতকৈ অধিক নম্বৰ লাভ কৰাসকলক এই বঁটা প্ৰদান কৰা হয়। ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত এই স্কুটী বিতৰণ কৰা হয়।

1 / 5আজি ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষাৰ্থীলৈ আগবঢ়োৱা হৈছে ড০ বাণীকান্ত কাকতি মেধা বঁটা।  উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮০% বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলক এই বঁটা প্ৰদান কৰা হয়। এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাজাৰ হাজাৰ শিক্ষাৰ্থীক এই বঁটা প্ৰদান কৰে।

আজি ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষাৰ্থীলৈ আগবঢ়োৱা হৈছে ড০ বাণীকান্ত কাকতি মেধা বঁটা। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮০% বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলক এই বঁটা প্ৰদান কৰা হয়। এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাজাৰ হাজাৰ শিক্ষাৰ্থীক এই বঁটা প্ৰদান কৰে।

2 / 5

ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত ৰাজ্যৰ ১১,২৫০ গৰাকী শিক্ষাৰ্থীক স্কুটাৰ বিতৰণ কৰা হয়। যিসকল শিক্ষাৰ্থীয়ে চ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮০% বা ততোধিক নম্বৰ লাভ কৰিছে সেইসকলক এই বঁটা প্ৰদান কৰা হৈছে। উল্লেখ্য যে, বছৰ বছৰ ধৰি প্ৰদান কৰি অহা হৈছে এই বঁটা।

3 / 5

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত লিখে যে,ড° বাণীকান্ত কাকতি মেধা বঁটা উত্তম ফলাফলৰ পুৰস্কাৰ হিচাপে আৰম্ভ কৰা হৈছিল যদিও এতিয়া অসমৰ তীক্ষ্ণ মেধাসম্পন্ন মনৰ বাবে শৈক্ষিক উৎকর্ষ আৰু বিকাশৰ বিশ্বাসযোগ্য সাৰথিলৈ ৰূপান্তৰ হৈছে।

4 / 5

আৰু কয়,শিক্ষা আহৰণৰ বাটত অনুপ্ৰেৰণা যোগোৱাৰ মহান উদ্দেশ্য আগত ৰাখি ড° বাণীকান্ত কাকতি মেধা বঁটা আঁচনিৰ অধীনত ২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮০% বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীলৈ স্কুটাৰ বিতৰণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰি আহ্লাদিত হৈছোঁ।‌ এই আঁচনিৰ অধীনত এইবেলি ১১,২৫০গৰাকী শিক্ষাৰ্থীক সামৰি লোৱা হৈছে।

5 / 5

উল্লেখ্য যে, প্ৰথম অৱস্থাত এই বঁটাৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলক লেপটপ প্ৰদান কৰা হৈছিল। কিন্তু এই আঁচনিৰ অধীনত এতিয়া স্কুটাৰ বিতৰণ কৰা হয়। প্ৰতিবছৰে হাজাৰ হাজাৰ শিক্ষাৰ্থীক এই বঁটা প্ৰদান কৰি প্ৰেৰণা যগোৱাৰ চেষ্টা কৰি আহিছে চৰকাৰে।

লিভাৰ চিৰ’ছিছ কেনেকৈ চিনিব? আগতীয়াকৈ দেখা দিয়া লক্ষণবোৰ জানক
যকৃতৰ সমস্যা হ'লে প্ৰাৰম্ভিক অৱস্থাত দেখা দিয়ে এই ৫টা লক্ষণ, জানক...
পুৱা দেখা পোৱা এই ৫ টা বস্তু হ'ব পাৰে শুভ দিনৰ সংকেত! জানক...
চকু দুৰ্বল হোৱাৰ আৰম্ভণিতে এইসমূহ লক্ষণে দেখা দিয়ে, জানক...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...