ড০ বাণীকান্ত কাকতি মেধা বঁটাঃ ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ মাজত স্কুটাৰ বিতৰণ... | Dr Banikanta Kakati Merit Award to 11,250 bright students assam see details in assamese Assam news - Assam Tv9

ড০ বাণীকান্ত কাকতি মেধা বঁটাঃ ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ মাজত স্কুটাৰ বিতৰণ…

Updated On: 

08 Dec 2025 | 05:03 PM

Dr Banikanta Kakati Merit Award: আজি ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ মাজত স্কুটাৰ বিতৰণ কৰা হয়। উচ্চতৰ মাধ্যমিকত ৮০ শতাংশ বা তাতকৈ অধিক নম্বৰ লাভ কৰাসকলক এই বঁটা প্ৰদান কৰা হয়। ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত এই স্কুটী বিতৰণ কৰা হয়।

1 / 5আজি ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষাৰ্থীলৈ আগবঢ়োৱা হৈছে ড০ বাণীকান্ত কাকতি মেধা বঁটা।  উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮০% বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলক এই বঁটা প্ৰদান কৰা হয়। এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাজাৰ হাজাৰ শিক্ষাৰ্থীক এই বঁটা প্ৰদান কৰে।

আজি ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষাৰ্থীলৈ আগবঢ়োৱা হৈছে ড০ বাণীকান্ত কাকতি মেধা বঁটা। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮০% বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলক এই বঁটা প্ৰদান কৰা হয়। এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাজাৰ হাজাৰ শিক্ষাৰ্থীক এই বঁটা প্ৰদান কৰে।

2 / 5

ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত ৰাজ্যৰ ১১,২৫০ গৰাকী শিক্ষাৰ্থীক স্কুটাৰ বিতৰণ কৰা হয়। যিসকল শিক্ষাৰ্থীয়ে চ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮০% বা ততোধিক নম্বৰ লাভ কৰিছে সেইসকলক এই বঁটা প্ৰদান কৰা হৈছে। উল্লেখ্য যে, বছৰ বছৰ ধৰি প্ৰদান কৰি অহা হৈছে এই বঁটা।

3 / 5

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত লিখে যে,ড° বাণীকান্ত কাকতি মেধা বঁটা উত্তম ফলাফলৰ পুৰস্কাৰ হিচাপে আৰম্ভ কৰা হৈছিল যদিও এতিয়া অসমৰ তীক্ষ্ণ মেধাসম্পন্ন মনৰ বাবে শৈক্ষিক উৎকর্ষ আৰু বিকাশৰ বিশ্বাসযোগ্য সাৰথিলৈ ৰূপান্তৰ হৈছে।

4 / 5

আৰু কয়,শিক্ষা আহৰণৰ বাটত অনুপ্ৰেৰণা যোগোৱাৰ মহান উদ্দেশ্য আগত ৰাখি ড° বাণীকান্ত কাকতি মেধা বঁটা আঁচনিৰ অধীনত ২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮০% বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীলৈ স্কুটাৰ বিতৰণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰি আহ্লাদিত হৈছোঁ।‌ এই আঁচনিৰ অধীনত এইবেলি ১১,২৫০গৰাকী শিক্ষাৰ্থীক সামৰি লোৱা হৈছে।

5 / 5

উল্লেখ্য যে, প্ৰথম অৱস্থাত এই বঁটাৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলক লেপটপ প্ৰদান কৰা হৈছিল। কিন্তু এই আঁচনিৰ অধীনত এতিয়া স্কুটাৰ বিতৰণ কৰা হয়। প্ৰতিবছৰে হাজাৰ হাজাৰ শিক্ষাৰ্থীক এই বঁটা প্ৰদান কৰি প্ৰেৰণা যগোৱাৰ চেষ্টা কৰি আহিছে চৰকাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...