পানী উতলাই খালে সকলো বেক্টেৰিয়া নোহোৱা হৈ যায় নেকি? জানক বিশেষজ্ঞৰ পৰা…

সুস্থ শৰীৰৰ বাবে বিশুদ্ধ পানী খোৱা প্ৰয়োজন। কিন্তু প্ৰশ্ন হয়, পানী উতলাই খালে পানী বিশুদ্ধ হৈ পৰে নেকি? ইয়াৰ বিষয়ে সবিশেষ জনাইছে বিশেষজ্ঞই।

পানী উতলাই খালে সকলো বেক্টেৰিয়া নোহোৱা হৈ যায় নেকি? জানক বিশেষজ্ঞৰ পৰা...

পানী

Updated On: 

26 Jul 2025 | 11:40 AM

জীয়াই থাকিবলৈ পানী অপৰিহাৰ্য। কিন্তু সুস্থ জীৱনৰ বাবে বিশুদ্ধ পানী খোৱা প্ৰয়োজন। বহু সময়ত পানীত বেক্টেৰিয়া, ভাইৰাছ আৰু পৰজীৱী থাকে। লেতেৰা পানী, পাইপলাইন লিকেজ বা অস্বাস্থ্যকৰ সংৰক্ষণৰ বাবে এই বীজাণুবোৰ বাস কৰে। এনে অৱস্থাত দূষিত পানী খালে ডায়েৰিয়া, টাইফয়েড, কলেৰা আৰু খাদ্য বিষক্ৰিয়া আদি ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। যদি কোনো ব্যক্তিয়ে দীৰ্ঘদিন ধৰি এনে লেতেৰা পানী সেৱন কৰে তেন্তে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে। বিশেষকৈ শিশু আৰু বৃদ্ধৰ বাবে এনে পানী বিপদজনক হৈ পৰে। গতিকে সুস্থ স্বাস্থ্যৰ বাবে বিশুদ্ধ পানী খোৱা প্ৰয়োজন।

বিশুদ্ধ পানী খোৱাটো আমাৰ সামগ্ৰিক স্বাস্থ্যৰ বাবে উপকাৰী। বিশুদ্ধ পানীয়ে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ কৰাত সহায় কৰে লগতে ই পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে। ই ছালখনক হাইড্ৰেটেড আৰু  উজ্বল কৰি তোলে। ইয়াৰোপৰি ই শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে। বিশুদ্ধ পানী খোৱাৰ ফলত বৃক্কই সঠিকভাৱে কাম কৰাত সহায় কৰে আৰু প্ৰস্ৰাৱৰ সংক্ৰমণৰ দৰে সমস্যাৰ সম্ভাৱনা কমায়। ইয়াৰোপৰি ই শক্তিৰ মাত্ৰা বজাই ৰাখি দৈনন্দিন কামত সহায় কৰে। শৰীৰে যেতিয়া বেক্টেৰিয়ামুক্ত পানী পায় তেতিয়া ৰোগ প্ৰতিৰোধ ক্ষমতা পৰে। গতিকে বিশুদ্ধ আৰু নিৰাপদ পানী খোৱাৰ অভ্যাস সদায় কৰি ল’ব লাগে।

পানী উতলাই খালে বেক্টেৰিয়া নোহোৱা হয় নেকি

আৰ এম এল হাস্পতালৰ মেডিচিন বিভাগৰ ডাঃ সুভাষ গিৰীয়ে কয় যে, পানী উতলালে বেক্টেৰিয়া আৰু বহু ক্ষতিকাৰক মৌল নষ্ট হয়। পানী ১-৩ মিনিট উতলালে বেছিভাগ বীজাণু আৰু ভাইৰাছ মৰি যায়, যাৰ ফলত পানী খোৱাৰ বাবে উপযোগী হৈ পৰে।অৱশ্যে উতলোৱাৰ ফলত সকলো বেক্টেৰিয়া নোহোৱা হৈ নাযায়। সিজোৱা পানী পৰিষ্কাৰ পাত্ৰত ৰখাও গুৰুত্বপূৰ্ণ। গতিকে উতলা পানীৰ লগতে পানী যোগান আৰু মজুতকৰণৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতিও গুৰুত্ব দিব লাগে।

গুৰুত্বপূৰ্ণ

  • পানী কমেও ১-৩ মিনিট উতলাব।
  • উতলাই পৰিষ্কাৰ পাত্ৰত ৰাখিব লাগে।
  • উতলোৱাৰ আগতে পানী ফিল্টাৰ কৰি লোৱা প্ৰয়োজন।
  • পাছত উতলাব লাগে।
  • সংৰক্ষণৰ পাত্ৰবোৰ সঘনাই পৰিষ্কাৰ কৰক।
  • বহুদিন মজুত থকা সিজোৱা পানী খোৱাৰ পৰা বিৰত থাকক।
  • যদি পানী যোগান অতিশয় দূষিত হয়, তেন্তে উতলাৰ উপৰিও উপযুক্ত পৰিশোধন ব্যৱহাৰ কৰিব লাগে।

 

 

অন্য খবৰ পঢ়কঃ বৈবাহিক জীৱনৰ পৰা দূৰ হ’ব সকলো সমস্যা! কৰক মাঁথো এই কাম…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব