21 Jul 2025 17:36 PM
গ্ৰীষ্মকালত বহুতৰে ওঁঠ ফাটি যোৱাও দেখা যায়। আনকি তেজ ওলাই যায়। কিন্তু কিয় গৰমত কিছুমান মানুহৰ ওঁঠ ফাটে?
বিশেষজ্ঞসকলৰ মতে গৰমত আৰু শীতকালত ওঁঠ ফাটি যোৱাৰ বিভিন্ন কাৰণত হ’ব পাৰে। ইয়াৰে এটা হ’ল সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মি।
গ্ৰীষ্মকালত সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ বাবে বহু লোকৰ ওঁঠ ফাটি যায়। এই সময়ছোৱাত ওঁঠৰ ছালখনো শুকান হৈ পৰে। কেৱল অতিবেঙুনীয়া ৰশ্মিৰ বাবেই নহয়, শৰীৰত পানীৰ প্ৰয়োজনীয়তাৰ বাবেও হয়। শৰীৰৰ ডিহাইড্ৰেচন হ’ব পাৰে। ইয়াৰ ফলত ছালত প্ৰভাৱ পৰে।
বিশেষজ্ঞসকলে গ্ৰীষ্মকালত ওঁঠ ফাটি যোৱা ৰোধৰ বাবে কেইটামান সহজ উপায় অনুসৰণ কৰিবলৈ পৰামৰ্শ দিয়ে। ইয়াৰে এটা হ’ল নিয়মিতভাৱে উপযুক্ত পৰিমাণৰ পানী সেৱন কৰা।
বিশেষজ্ঞসকলৰ মতে, ওঁঠ ফাটি যোৱাৰ পৰা হাত সাৰিবলৈ হ’লে ওঁঠত মইশ্ব’ৰাইজাৰ লগাব লাগে। ইয়াৰ উপৰিও ওঁঠত লিপ বাম লগাব পাৰে। সেই লিপ বামটোত পেট্রোলিয়াম জেলি থাকিব লাগে।
শৰীৰৰ আন অংশতকৈ ওঁঠৰ ছাল পাতল। গতিকে গ্ৰীষ্মকালত ধূলি-বালিৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক। সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ পৰা ছালখন যিমান পাৰি ঢাকি ৰাখিব লাগে।